নলবাৰীত পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ ‘সৰ্বাত্মক অসহযোগ’ কাৰ্যসূচী:

pc sahil

নলবাৰীত পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ ‘সৰ্বাত্মক অসহযোগ’ কাৰ্যসূচী:

অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদ কৰ্মচাৰী সন্হাৰ উদ্যোগত কৰ্মচাৰী সকলৰ ক্ষেত্রত হোৱা অন্যায় আৰু বঞ্চনাৰ প্ৰতিবাদত ৭২ ঘন্টীয়া নলবাৰী পানী যোগান আঁচনিৰ ‘সৰ্বাত্মক অসহযোগ’ কাৰ্যসূচী। আজি ৰাতিপুৱা ৫ বজাৰ পৰা এই কাৰ্যসূচী হাতত লৈছে কৰ্মচাৰী সকলে। কৰ্মচাৰী সকলে জানিবলৈ দিয়া মতে বিগত ৮ মাহ ধৰি কোনো দৰমহা নোপোৱাকৈ কাম কৰি আছে কৰ্মচাৰী সকলে কিন্ত আজিলৈকে নাই দৰমহা। সেয়েহে আজি সমগ্র অসমতে পানী যোগান আঁচনিৰ কৰ্মচাৰী সকলে এই অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নলবাৰীতো কৰ্মচাৰী সকলে ৰূপায়ণ কৰে এই কাৰ্যসূচী। তাৰ লগতে কৰ্মচাৰী সকলে কেইটামান দাবীও উত্থাপন কৰিছে যেনে: আজিলৈকে কৰ্মচাৰী সকলে পাব লগা দৰমহা সমূহ আদায় কৰা, প্ৰতি মাহৰ দৰমহা মাহে মাহে দিয়া ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীক নিয়মীয়াকৰণ কৰা আদি। এই তিনি দিনৰ ভিতৰত যদি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে যদি কৰ্মচাৰী সকলৰ দাবী সমূহৰ প্ৰতি একো সঁহাৰি নজনায় তেন্তে অনিৰ্দিষ্ট কাললৈ এই অসহযোগ কাৰ্যসূচী বাহাল ৰাখিব বুলি সকীয়াই দিয়ে। by sahil mallick