নয়ন চৌধুৰীৰ আত্মা – অনামিকা(সংগীতা)কলিতা

চুটি গল্পৰ শিৰোনাম

নয়ন চৌধুৰীৰ আত্মা

অনামিকা(সংগীতা)কলিতা , শুৱালকুছি

ইঞ্জীনিয়াৰ নয়ন চৌধুৰীক সকলোৱে চিনি পায় । গাঁওখনৰ সকলোৱে তেওঁক সন্মানো কৰে।তেওঁৰ সকলোৰে লগত এটা ভাল আন্তৰিকতাও আছে , কিন্তু মানুহজন নিজক লৈ ব্যস্ত আৰু টকাহে চিনি পায় ।কাকো এটকাওঁ দান নকৰে । এদিন ঘৰলৈ নিজে গাড়ী চলাই আহি থাকোতে দুৰ্ঘটনা  হৈ মৃত্যু হ’ল ।ঘৰখনৰ মানুহবোৰ দুখত ভাগি পৰিল কিন্তু চুবুৰীয়া মানুহবোৰে ভগৱানৰ লীলা বিধিৰ বিধান  বুলি নানা মন্তব্য কৰিলে।

মানুহজনৰ মৃত্যু হোৱাৰ পিছত ঘৰখনত এক আতংকময় পৰিবেশ বিৰাজ কৰিলে । কিছুমান আচহুৱা ঘটনা ঘৰখনত সংঘটিত হ’বলৈ ধৰিলে। ঘৰৰ বস্তুবোৰ ইফাল সিফাল কৰা ,খটখটিৰে অহা যোৱা কৰা শব্দ ইত্যাদি নানা ঘটনা ঘটি থাকিল । ঘৰৰ মানুহ খিনি বিমোৰত পৰিল কি কৰে ,দূৰ দূৰণীৰ পৰা ওজাঁ আনিলে ,জৰা ফুকা কৰিলে । ঘৰত নানা দেৱ -দেৱীৰ পূজা অৰ্চনা কৰিছে । একো কাম দিয়া নাই , উপদ্ৰব বৃদ্ধিহে হ’ল । যিমানে এইবোৰ কৰে সিমানে ঘৰৰ মানুহ খিনিক ,মৃত নয়নে দিগদাৰী দিয়ে । ঘৰ খনৰ মানুহ খিনিৰ কন্দ -কটা এক হুলস্থূলীয়া পৰিবেশ ,এইবোৰ দেখি গাঁওৰ মানুহ খিনি সিহঁতৰ ঘৰলৈ আহি নানান উপাই দিহা পৰামৰ্শ দিবলৈ আহে,এনেকৈয়ে  আতংকৰ মাজেৰে সময়বোৰো পাৰ হৈ গৈ আছিল  ।

এদিনা খন সেই গাঁওৰে সহজ সৰল নামঘৰৰ সৰা-মোছা কৰা বুঢ়ী  আইতা জনী সিহঁতৰ ঘৰলৈ আহিল ।পৰিয়ালৰ সৈতে কথা পাতি ঘৰটোৰ চাৰিও ফালে  পদক্ষিণ কৰিলে ,নয়নক মাতিলে আৰু সি কিয় এনেখন কৰিছে সুধিলে । তেতিয়া আত্মাটোই আহি আইতাগৰাকীৰ  কাণত কিবা কোৱাৰ  দৰে অনুভৱ কৰিলে। আইতা গৰাকীয়ে কিবা  নিয়ম নীতি কৰিবলৈ  পৰিয়ালটোক দিহা-পৰামৰ্শ দিলে । তাৰ পিছত  নয়ন চৌধুৰীৰ পৰিয়ালৰ  মানুহ খিনিয়ে  সকলো কৰিলে  । তেতিয়াৰ পৰা সমস্যাৰ সমাধান হ’ল।