ননচেন্সৰ দৰে কথা নক’ব:অধ্যক্ষক শিক্ষামন্ত্ৰীৰ ধমক

ননচেন্সৰ দৰে কথা নক’ব:অধ্যক্ষক শিক্ষামন্ত্ৰীৰ ধমক

ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী অধ্যক্ষৰ কথা শুনি পুৱাতেই খং উঠিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷ নগাঁৱত মেট্ৰিকৰ ফলাফল বেয়া হোৱা চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষক ধমক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ডচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক অন কেমেৰা ধমক শিক্ষামন্ত্ৰীৰ।উপায়ুক্তক অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ। পুৱাতেই নগাঁৱৰ ডচন স্কুলত উপস্থিত হৈছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগু৷ বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰীজনে অধ্যক্ষক প্ৰশ্ন কৰিছিল যে আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিয় ফলাফল ভাল হোৱা নাই? কিন্তু অধ্যক্ষ গৰাকীয়ে দিয়া উত্তৰ শুনি খঙত টিঙিৰিটুলা হৈ পৰিল শিক্ষামন্ত্ৰী ৰণোজ পেগু। কাৰণ শিক্ষা মন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত অধ্যক্ষ গৰাকীয়ে কৈছিল, ‘বিদ্যালয়খনত দুখীয়া মানুহৰ ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰে।’. অধ্যক্ষ গৰাকীৰ এনে কথা শুনি খং উঠিল শিক্ষা মন্ত্ৰীৰ। ইয়াৰ পাছতেই শিক্ষা মন্ত্ৰী গৰাকীয়ে অধ্যক্ষ গৰাকীক কয়,’ ননচেন্সৰ দৰে কথা নক’ব৷ দুখীয়া হ’লে মানুহৰ টেলেন্ট নাইকীয়া হয় নেকি?’