নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত

নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত। মল্লিকাৰ্জুন খাৰ্গেই লাভ কৰিছে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে ১০০০টা ভোট লাভ কৰে। মুঠ ৪১৬টা ভোট অবৈধ ঘোষণা কৰা হয়। কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন জনাই এক বিবৃতি জাৰি কৰিছে। তেওঁ কয় যে ‘মই ভাবো আমাৰ দলৰ পুনৰুদ্ধাৰ বাস্তৱত আজি আৰম্ভ হৈছে।’মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আনন্দ উৎসৱ পালন কৰিছে। দিল্লীৰ এআইচিচি কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ আনন্দ উৎসৱ। ২৩ অক্টোবৰত তেওঁ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে।দুটা দশকৰো অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে কংগ্ৰেছে পাব এজন অগান্ধী ৰাষ্ট্ৰপতি।কংগ্ৰেছ নেতা শশী থাৰুৰে নতুন দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰিলে নৱনিৰ্বাচিত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক।