নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ বৈঠক

নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰগতিশীল সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ ১৪৮ সংখ্যক বৈঠকখনি মহানগৰীৰ জ্যোতিকুছিৰ ডাঃ অনিল কুমাৰ চৌধুৰীৰ বাসভৱনত ২২ জানুৱাৰীত অনুষ্ঠিত হয়। চিত্তৰঞ্জন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত বৈঠকৰ প্ৰতিবেদন পাঠ কৰে শাখাৰ সম্পাদক সুভাষ শৰ্মাই।সভাৰ আলোচনা মৰ্মে শখাৰ আগন্তুক ১৫০ সংখ্যক বৈঠকখনি মাৰ্চৰ তৃতীয় সপ্তাহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে নৰেণ ডেকাক সভাপতি, দেবানন্দ বৰুৱাক সম্পাদক আৰু চিত্তৰঞ্জন ডেকাক কোষাধ্যক্ষ হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।ডেৰশ তম বৈঠক উপলক্ষে আলোচনাচক্ৰ, কবিসন্মিলন, নপুৰণি সতীৰ্থ সমাৰোহৰ লগতে শাখাৰ মুখপত্ৰ “প্ৰত্যয়”ৰ ৭ম সংখ্যাটি প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে কবি গীৰেণ গোপক সভাপতি, ডঃ নীলিমা দত্ত চৌধুৰীক সম্পাদক আৰু ফাইজুৰ ৰহমানক সহযোগী সম্পাদক হিচাপে লৈ সম্পাদনা সমিতি গঠন কৰা হয়।বৈঠকত কবিতা পাঠ কৰে কমল কুমাৰ মেধি, গুণিন চৌধুৰী, অৰুণ কুমাৰ সিনহা, ডাঃ অনিল কুমাৰ চৌধুৰী আৰু সুভাষ শৰ্মাই।এই বৈঠকতে সদ্য ঘোষিত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাত শাখাৰ সহকাৰী সম্পাদক নীৰেণ দত্তৰ ল’ৰা অলকেশ দত্তই খণ্ড উন্নয়ন বিষয়াৰ বাবে মনোনীত হোৱা বাবে সন্তোষ প্ৰকাশ কৰি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।