নতুন শিক্ষানীতি আৰু ‘কা’ আন্দোলন সন্দৰ্ভত জুবিনৰ অনুভৱ

Pc The Economic Times

নতুন শিক্ষানীতি আৰু ‘কা’ আন্দোলন সন্দৰ্ভত জুবিনৰ অনুভৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন শিক্ষানীতি আৰু ‘কা’ আন্দোলন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে জনপ্ৰিয় গায়ক তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে৷সোমবাৰে চন্দ্ৰপুৰত বৃন্দাবন থিয়েটাৰৰ শুভ নাট্যৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ।এই অনুষ্ঠানৰ অন্তত জুবিন গাৰ্গক সাংবাদিকে অসমৰ নতুন শিক্ষানীতি আৰু কৰা ‘কা’ আন্দোলন সন্দৰ্ভত প্ৰশ্ন কৰে।অসমৰ নতুন শিক্ষানীতি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয়,’শিক্ষা বস্তুটো মোৰ কাৰণে অলপ বেলেগ।মই বি এ পাছ কৰাই নাই।কিন্তু ১২ হাজাৰ মান কিতাপ পঢ়িছো।’কা’ আন্দোলনক লৈও পুনৰ জুবিনে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া।‘কা’ আন্দোলনক লৈ জুবিনে কয়,”কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’