নতুন লেখক লেখিকাৰ কিতাপৰ আমেজ লওঁ আহক-  ইভা গন্ধীয়া ফুকন

নতুন লেখক লেখিকাৰ কিতাপৰ আমেজ লওঁ আহক

কিতাপ পঢ়াটো এটা ভাল অভ্যাস বুলি কোৱা শুনি আহিছোঁ যদিও বৰ্তমান কিতাপ পঢ়ো কিমান জনে ? বহুতৰে মুখত দেখোন শুনা পাওঁ কিতাপ পঢ়িবলৈ সময়ে নাই। আগতে বহুত কিতাপ পহিছিলোঁ কিন্তু বৰ্তমান ঘৰুৱা কাম -কাজ আদিৰ পৰা ইমানেই ব্যস্ত হৈ পৰিলোঁ কিতাপ পঢ়িবলৈ  সময়ে উলিয়াব নোৱাৰা হ’লো । কিছুমানে কয় আজিকালি ফোনতে সব পাইয়ে থাকোঁ কিতাপ নপঢ়িলেও হয়, আৰু সময়ো নাই কিতাপ পঢ়িবলৈ । বিজ্ঞজনৰ পৰাও  যেতিয়া নেতিবাচক উত্তৰ পাওঁ তেতিয়া মনটো বেয়া লাগে ।ছাত্ৰ – ছাত্ৰী সকলে কি ক’ব নিজৰ পাঠ্যপুথি পঢ়িবলৈকে সময় নাই । ইউটিউব, নেটত চাৰ্চ কৰি চাই পৰীক্ষা দিবলৈ যায় ।অবশ্য সকলোকে সাঙুৰিব খোজা নাই । কিছু ছাত্ৰ -ছাত্ৰী আছে নিজৰ পাঠ্যপুথিৰ উপৰিও বাহিৰা কিতাপ বিচাৰি বিচাৰি কিনি পঢ়ে। ই “এপাচি শাকত এটা জালুকৰ দৰে ।” আমাৰ লৰা -ছোৱালীহঁতৰ আশী শতাংশই ইংৰাজী মাধ্যমৰ বুলি ক’ব পাৰি। মাধ্যম যিয়ে নহওক সেই অনুসৰি কিতাপৰ অভাৱ নাই ।সৰুৰে পৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে ।বহুতো শিশুৰ বাবে শ্ৰেণীৰ পঢ়া বিলাক অলপ আমনিদায়ক হয় । সেই সময়তে বয়স অনুযায়ী আন উপযোগী বাহিৰা কিতাপ এখন হাতত তুলি দিব লাগে।অলপ সময়ৰ বাবে হ’লেও পাঠ্যপুথিৰ কঠিন চিন্তাধাৰাৰে পৰিপূৰ্ণ হৈ থকা মনটো অলপ হ’লেও ভাৰমুক্ত হ’ব । আজিকালি দেখা যায় কিতাপৰ পৰিবৰ্তে মোবাইল ফোনটোহে হাতত লয় ।কাৰ্টুন বা গেম খেলি মন মুকলি কৰে ।

কিতাপৰ সমান ভাল বন্ধু কোনো হ’ব নোৱাৰে। যিমানেই আজিকালি আধুনিক মোবাইলত সহজে উপলব্ধ সেৱা সমূহ নাথাকক কিয় ভাল কিতাপ এখন পঢ়াৰ সমান হ’ব নোৱাৰে।অথচ ইয়াৰ ভিতৰতে বহুজনে নিজৰ নিজৰ সৃষ্টিত ব্যস্ত।বহুতো সার্থক সৃষ্টি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ ।নতুন কিতাপ এখন হাতত পৰিলে যিমান আনন্দ লাগে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।যেন এবিধ ভাল খোৱা বস্তুহে ভালদৰে সামৰি থৈ অলপ অলপ জুতি লৈ খোৱাৰ দৰে আমেজ । পাঠ্যপুথিৰ বাহিৰে আন কিতাপৰ প্ৰসংগ ওলালেই মনত পৰে স্কুলীয়া দিনত লগৰীয়াৰ পৰা অনা উপন্যাস ঘৰৰ ডাঙৰে নেদেখাকৈ পঢ়া। দেখিলে জানোচা এইবোৰ কি পঢ়িছ বুলি গালি পাৰে ।তেতিয়াৰ দিনত আজিকালিৰ দৰে গ্ৰন্থ মেলাৰ প্ৰয়োভৰ নাছিল।আজৰি সময়ত কিতাপ এখন হাতত পালে ভাল লাগিছিল।এটা নিচাত পৰিণত হৈছিল।দিন সলনি হ’ল, লেখাৰ মান বাঢ়িল। অসংখ্য লেখক লেখিকাৰ জন্ম হৈছে । এই ক্ষেত্ৰত এটা কথা উচিত বুলি ভাবোঁ যে স্বীকৃতি পোৱা লেখক- লেখিকাৰ বাহিৰেও নতুন নতুন লেখক- লেখিকাৰ লেখাটো পঢ়া উচিত ।পঢ়ি নতুন লেখক সকলৰ সৃষ্টিৰ সমালোচনাত্মক লেখনী আগবঢ়ালে ভাল বুলি ভাবো। যিহেতু মই নিজে এই শ্ৰেণীতে পৰো। নতুন লেখকৰ কিতাপ কিনো পঢ়িব এনে ভাৱ প্ৰকাশ কৰিলে দুখ লাগে ।বহুতো সাধনা কষ্ট আৰু অৰ্থ খৰচ কৰি এগৰাকী লেখকে নিজৰ লেখা সমূহৰ এখন কিতাপ আকাৰ দিয়ে । এটি কেঁচুৱা লালন পালন কৰাৰ কৰাৰ দৰে কিতাপখনো লালন পালন কৰি পাঠক সমাজলৈ আগবঢ়াই দিয়ে । জাবৰ বুলি অনাদৰ নকৰিব , জাবৰৰ মাজতে মানিক লুকাই থাকে।ভাল বেয়াটো পঢ়াৰ শেষত বিচাৰ্যৰ বিষয় ।কিতাপ এখন আগবঢ়াই দিলে লোৱা দেখা যায় কিন্তু তাৰ কিবা প্ৰশংসাসূচক বাণী এটা ক’বলৈ মুখ মেল নাখায়। কিতাপখন লুটিয়াই বগৰাই চাই ৰাখি থব ।তাৰ মূল্য আগবঢ়াই দিবলৈ ইচ্ছা প্ৰকাশ নকৰে । লেখকে নিজেও খুজি ল’ব নোৱাৰে কাৰণ তেওঁ নিজে আগবঢ়াই দিছে । লোৱাজনে নিজেটো খোজা নাই ।লেখকে নিজৰ কিতাপখন প্ৰচাৰৰ বাবে দিছে । লোৱাজনে পঢ়ে নে এনে পেলায় থৈ দিয়ে সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে ।কোনোৱে আকৌ কিতাপখন বৰ আগ্ৰহেৰে ল’ব ,লৈ পঢ়ি মেলি লেখকক ঘুৰাই দিব সেইজনক আপুনি কি দৃষ্টিৰে চাব ? অথচ লোৱাজন  কিতাপৰ মূল্যটো দিব পৰা ব্যক্তি । পিজা, তন্দুৰী, ম’ম খাই ২০০- ৩০০ টকা খৰচ কৰিব । কিতাপৰ মূল্য ১০০-১৫০ টকা দিবলৈ টান পাব । পছন্দৰ কাপোৰ এযোৰ কিনিবলৈ সাঁচতীয়া টকা কেইটা উলিয়াই দিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু কিতাপ এখন কিনি নপঢ়ে । সকলোৱে অবশ্য লেখা মেলা কৰিব নোৱাৰে।যি সকলে লেখা মেলা কৰিছে সেই সকলৰ লেখনী পঢ়ি উৎসাহিত কৰোঁ চোন আহক ।কিতাপ পঢ়ি জীৱনৰ কিছুমান সমস্যাৰ পৰা মানসিক ভাৱে আঁতৰি থাকিব পাৰি ।

ইভা গন্ধীয়া ফুকন