নতুন বছৰৰ প্ৰথমটো দিনত কইনাধৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Pc India Today

নতুন বছৰৰ প্ৰথমটো দিনত কইনাধৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  বছৰৰ প্ৰথমটো দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাত সংবাদ মেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়-২০২১ বৰ্ষটো আমাৰ বাবে বেদনাৰ বৰ্ষও আছিল।ক’ভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ’ল। নতুন বছৰটো শক্তিশালী অসম হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ।বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা অসমে এগৰাকী কেবিনেট মন্ত্রী পালে।ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ ঘটনা। বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে অসমক বেলেগ পৰ্যায়লৈ লৈ গ’ল।বিজ্ঞান,সাহিত্যৰ দিশৰ পৰা ২০২১ বৰ্ষটো অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।’অসম চুক্তিৰ ছয় নং দফাক লৈ আমি আগবাঢ়িব পৰা নাই৷আছুৰ লগত আমি কথা পাতি আছো৷ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত বৰ্তমানৰ জনজাতীয় লোকে বাধা দিছে।এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব মেডিকেল,অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হ’ব। অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই।আগৰ দিনৰ কথা বেলেগ আছিল ৷অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰো।বহু সৰু হৈয়ে গ’ল ইতিমধ্যে ৷অসমীয়া ভাষা ৰক্ষা কৰাতো চৰকাৰৰ দায়িত্ব নহয়৷ৰাইজে কৰিব লাগিব৷অসমীয়া স্কুলত পঢ়োৱাক৷চৰকাৰ সকলোৰে বাবে ৷’AFSPA চাৰিমাহৰ পিছত অসমত পুনৰ ৰিনিউ হ’ব সেই সময়ত আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিম৷৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই।সকলো সশস্ত্র সংগঠন মূল সূঁতিলৈ উভতি অহাটো আমাৰ বাবে ভাল লক্ষণ।চিভিল চছাইটি অফ ট্ৰাইবেল পিপ’লে এইক্ষত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল।মিছন বসুন্ধৰাৰ জৰিয়তে ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে।ডি টি অ’ অফিচলৈ নোযোৱাকৈয়ে সকলো কাম কৰা হ’ব।৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণকৈ অনলাইন হ’ব পৰিবহণ বিভাগ।