নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ মুকলিৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব লগা প্রকল্প দুটা হৈছে- গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল আৰু ১০.৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নামৰূপস্থিত ব্রাউনফিল্ড এম’নিয়া-ইউৰিয়া সাৰ প্রকল্প। প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিবলগীয়া লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ লগতে ইতিমধ্যে সাজু হৈ উঠা ছয়লেনযুক্ত পথো মুকলি কৰিব। নতুনকৈ নিৰ্মাণ কৰা সুবৃহৎ আৰু অত্যাধুনিক টার্মিনেলটো হ’ব দেশৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰ। এই টার্মিনেল আৰু ছয়লেনযুক্ত পথ মুকলিয়ে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰো আমূল পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। নতুন টার্মিনেলটোৱে উত্তৰ-পূবৰ বাবে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে টার্মিনেলটো হ’ব মূল কেন্দ্ৰ। বাঁহ-অৰ্কিড থীমৰ দ্বাৰা অনুপ্রাণিত নির্মিত টার্মিনেলটোত ৰাজ্যখনৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ উপাদানসমূহ সন্নিৱিষ্ট কৰা হৈছে। সৌৰশক্তিৰ লগতে প্রাকৃতিক পোহৰৰ দৰে বহনক্ষমতা ব্যৱস্থা থকা এই টার্মিনেলটোত সংযোগ কৰিব ছয়লেনযুক্ত পথটোৱে। আনহাতে দ্বিতীয় প্রকল্প হিচাপে মুকলি হ’বলগা নামৰূপস্থিত এম’নিয়া-ইউৰিয়া কমপ্লেক্সটোক শেহতীয়াকৈ কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে। প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এটা প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, আজি দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। সাক্ষাৎকালত আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আহ্লাদিত হৈছোঁ। তেওঁ লগতে লিখিছে, প্ৰথমটো প্ৰকল্প হৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীক প্ৰতি বছৰে ১.৩ কোটি যাত্ৰী সামৰ্থ্যৰে সমৃদ্ধ কৰি দেশৰ ভিতৰতে এক প্ৰধান বিমান চলাচল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। দ্বিতীয়টো হৈছে ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস। এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব।মাননীয় মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূৰ্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ।
