নতুনকৈ মুকলি কৰে ‘এবাকাছ ব্ৰিউয়িং কো আৰু কিচ্চেন’

নতুনকৈ মুকলি কৰে ‘এবাকাছ ব্ৰিউয়িং কো আৰু কিচ্চেন’

ৰঙিলী বাৰ্ত্তসেৱা- এবাকাছ ব্ৰিউয়িং কিচ্চেন এন্দ কোম্পানী হৈছে গুৱাহাটীৰ খানাপাৰাৰ হোটেল পেলেচিয়ত নতুকৈ মুকলি কৰা মাইক্ৰ’ব্ৰুৱেৰী৷ এবাকাছত গৌৰৱেৰে যিকোনো সোৱাদৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা বিভিন্ন ধৰণৰ সূক্ষ্ম,আন্তৰ্জাতিক হস্তনিৰ্মিত বিয়েৰ পৰিৱেশন কৰিব পাৰিব৷ এলেচ আৰু লেগাৰৰ নিপুন শৈলীৰে তৈয়াৰ কৰা এই বিয়েৰ হৈছে পৰিষ্কাৰ আৰু স্বাদ অনুভূতি যুক্ত৷ আনহাতে এবাকাছে গুৱাহাটীলৈ উত্তৰ পূবৰ প্ৰথম আন্তৰ্জাতিক বাৰ্গাৰ আৰু ক্ৰাফ্ট বিয়েৰ ফেষ্ট,বাৰ্গাৰ এন্দ ব্ৰু লৈ আনিছে৷১৩ মে’ৰ পৰা ৩১ মে’লৈ চলিব৷বিভিন্ন গোলকীয় ফ্লেভাৰৰ পৰাহ অনুপ্ৰাণিত হৈ প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সুন্দৰ ক্লাছিক আৰু অভিনৱ বাৰ্গাৰ কোনোৱে উপভোগ কৰিব পাৰে আৰু লগতে নতুনকৈ প্ৰস্তুত কৰা ক্ৰাফ্ট বিয়েৰ উপভোগ কৰিব পাৰে৷