নগাঁৱত সাংবাদিক নির্যাতনৰ ঘটনাৰ তীব্র গৰিহণা জুৱাৰ

নগাঁৱত সাংবাদিক নির্যাতনৰ ঘটনাৰ তীব্র গৰিহণা জুৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ এক সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিক দীপাংকৰ মেধিক আজি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহে দুব্যৱহাৰ কৰা কাৰ্যক তীব্র গৰিহণা দিছে জার্নেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা)-ৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে। জুৱাৰ এক বিবৃতিত প্ৰকাশ যে আয়ুক্ত শ্বাহৰ অভব্য আচৰণৰ সন্মুখীন হোৱা সাংবাদিক দীপাংকৰ মেধিৰ স’তে হোৱা টেলিফোনিক বার্তালাপত তেওঁ জনোৱা মতে আয়ুক্তগৰাকীয়ে নিজে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অতি অভব্য আচৰণ কৰে। তদুপৰি তেওঁৰ নিৰাপত্তাৰক্ষীয়ে সাংবাদিকজনক লৰচৰ কৰিব নোৱাৰাকৈ ঘেৰি ধৰাৰ উপৰি তেওঁলোকৰ কেমেৰাও কাঢ়ি লয়। আয়ুক্তৰ এনে আচৰণ ইয়াতে ক্ষান্ত থকা নাছিল। পৰৱর্তী পর্যায়ত ক্ষমতাৰ বল প্রদর্শন কৰি আয়ুক্তৰ নির্দেশত আৰক্ষীয়ে দীপাংকৰ মেধিক গাত ঠেলি-হেচি নগাঁৱৰ সদৰ থানালৈ লৈ যায়। লক্ষ্যণীয়ভাৱে থানাত উপস্থিত হয় জিলাখনৰ আৰক্ষী অধীক্ষকজনো আৰু সাংবাদিকজনক সোধপোছ কৰে। সদৰ থানাত দীর্ঘ সময় ধৰি সাংবাদিকজনক বহুৱাই থোৱা হয়।আৰক্ষী প্রশাসনৰ সাংবাদিকৰ বিৰুদ্ধে এনে নির্যাতনৰ ঘটনাক জুৱাই তীব্র গৰিহণা দিয়াৰ লগতে গভীৰ উদ্বেগ প্রকাশ কৰে আৰু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্রশাসনক সকীয়াই দিয়ে। তদুপৰি নির্যাতনৰ ঘটনাৰ স’তে জড়িত থকাসকলক কঠোৰ শাস্তি বিহিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনায়। ইপিনে, এক বিবৃতিত সাংবাদিক নির্যাতনৰ এই ঘটনাৰ তীব্ৰ গৰিহনা দি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নে।