ধৰ্ম কুণ্ডলীৰ মাজত নাৰী – ববিতা বৰঠাকুৰ

ধৰ্ম কুণ্ডলীৰ মাজত নাৰী — পূৰ্ণ আকাশৰ সন্ধানত

পবিত্ৰ জেঠ মাহ,চাৰিওফালে  হৰিনামৰ ধ্বনি, শংকৰদেৱেৰ নীতি আদৰ্শত প্ৰতিষ্ঠা হোৱা নামঘৰ,সত্ৰসমূহ হ’ল  অসমীয়া জন জীৱনৰ  একতা,সমন্বয় আৰু  ভ্ৰাতৃত্বৰ মিলন ক্ষেত্ৰ । ক’ভিড -১৯’ মহামাৰী ধনহলীলাৰ পিছত বানপানী, গৰা খহনীয়া অসমৰ প্ৰায় সকলো জিলা বুৰাই পেলাইছে । নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে জন জীৱন,তাৰ মাজতে অসমীয়া সমাজে সম্পূৰ্ণ অধ্যাত্মিক সত্তাৰে -কীৰ্তন প্ৰসংগৰে প্ৰকৃতিক শান্ত কৰা  কামনা কৰিছে । বিশ্বৰ শৃংখলা ৰক্ষা কৰাই ধৰ্ম,ব্যাপক অৰ্থত ‘ধৰ্ম’ হ’ল ‘সকলোবোৰ নৈতিক সদ্ গুণ’ । আনহাতে, এইখন অসমতে ধৰ্মৰ নামত কন্যা শিশুক বলি দিয়া ,ভূমিষ্ঠ হোৱাৰ লগে লগেই কন্যা সন্তানক হত্যা ইত্যাদি ঘটনাই প্ৰতি গৰাকী নাৰীক সৰ্প কুণ্ডলীৰ দৰে মেৰিয়াই  শ্বাসৰুদ্ধ কৰিছে ।
নাৰীক মানৱ জাতিৰ ‘মাতৃ’ বুলি কোৱা হয় । অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীয়ে এক উচ্চ স্থান লাভ কৰিছিল । হৰপ্পা সভ্যতাত মাতৃ পূজাৰ প্ৰচলন আছিল ।জানিব পৰা মতে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য-এই তিনি জাতিৰ নাৰীয়ে বেদ অধ্যয়ন কৰিছিল । সেই সময়ত নাৰী বেদৰ মন্ত্ৰদ্ৰষ্টা হিচাপে কবি,তাপসী ,ব্ৰহ্মচাৰিণী,বৃক্ষবাদিনী ৰূপত নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল । সেই সকলৰ বিদুষী নাৰীৰ ভিতৰত বিশ্ববৰা, আত্ৰ্যেয়ী, অপলা, ঘোষা,লোপামুদ্ৰা, কাক্ষীৱতী, নীভাবৰী, ৰোমাশা,শ্ৰদ্ধা, উৰ্বশী আদি । বাল্মিকী আৰু অগ্যস্ত মুনিৰ আশ্ৰমত বহুত নাৰীয়ে শিক্ষা গ্ৰহণ কৰিছিল । ঋক বেদৰ মতে” অগ্নি যেনেদৰে পবিত্ৰ,স্বামীৰ দ্বাৰা সন্মানিতা পত্নীও তেনেদৰেই পবিত্ৰ” সেই সময়ত নাৰীৰ শিক্ষাৰ  লগতে বৈবাহিক স্বাধীনতা আছিল ।যৌতুক প্ৰথা,সতী যোৱা প্ৰথা বৈদিক যুগত  নাছিল ।
লাহে লাহে বৈদিক সমাজ ব্যৱস্থাত নাৰীৰ সামাজিক মৰ্যদাৰ গৰা খহনীয়া আৰম্ভ হয় । ক্ৰমে  ধৰ্মসূত্ৰ আৰু মনু সংহিতাৰ দিনত নাৰী স্থান আৰু নিম্নগামী হয় । বিশেষকৈ প্ৰশাসনিক,সামৰিক,কৃষি উৎপাদনত পুৰুষ প্ৰাধান্যতাই নাৰীৰ অধিকাৰক অধিক সংকুচিত কৰিলে । হিন্দু সমাজৰ আইন প্ৰণেতা হিচাপে আখ্যা দিয়া মনুৰ মতে” নাৰী পুৰুষৰ অধীন” । তেওঁৰ মতে কোনো নাৰীয়ে শাস্ত্ৰৰ নিয়ম উলংঘা কৰিব নাপায়।
মহাকাব্য যুগত সীতাৰ অগ্নি পৰীক্ষা, দ্ৰৌপদীৰ বস্ত্ৰ হৰণ,পাণ্ডুৰ মৃত্যুত পত্নী মাদ্ৰী সতীদাহ, গান্ধাৰী স্বামী ভক্তি আদি পুৰুষতান্ত্ৰিক সমাজৰ পৰিচয়।
ভাৰতীয় হিন্দু সমাজে সীতা,সাবিত্ৰী,আহল্যা,দ্ৰৌপদী,তাৰা, মনন্দোদৰী চৰিত্ৰক সন্মান কৰে  কিয়নো তেওঁলোক পতিব্ৰতা নাৰীবৌদ্ধ যুগত নাৰীৰ সামাজিক মৰ্যদা পৰৱৰ্তী বৈদিক যুগতকৈ কিছু পৰিমানে লাঘৱ হৈছিল । ধর্মীয়,অৰ্থনৈতিক দিশত পুৰুষ প্ৰাধান্যই নাৰীক দুৰ্বল হ’বলৈ বাধ্য কৰিছিল । বৌদ্ধ ধৰ্মৰ দৰে জৈন ধৰ্মটো অসংখ্য সৈন্যাসিনী আছিল ।জৈন গ্ৰন্থ সমূহত ‘মাতৃ’ক সন্মানীয় ব্যক্তি হিচাপে গণ্য কৰিছিল । এওঁলোকৰ মাজতো পৰ্দা প্ৰথা,বহু পত্নীবিবাহ প্ৰচলন আছিল ।
সমাজ গতিশীল, সময়ৰ লগে লগে নাৰীৰ সামাজিক মৰ্যদা পৰিৱৰ্তন হয়। মৌৰ্যযুগৰ ইতিহাস নিৰ্ণয়ৰ মুখ্য চানেকি কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ ‘ত নাৰী শিক্ষা, সংস্কৃতিৰ লগতে সামৰিক শিক্ষাত সুকীয়া পৰিচয় আছিল বুলি জনা যায়।
উনবিংশ শতিকাত সতীদাহ প্ৰথা বিলুপ্তি,বিধবাৰ পুনৰ বিবাহ, কন্যা ভ্ৰূণ হত্যা ৰোধ, কুমাৰী বিবাহ নিষিদ্ধ  আদি ধৰ্মীয় কুপ্ৰথা সমূহ দূৰ কৰিবলৈ সংস্কাৰ আন্দোলন আৰম্ভ হয়। পণ্ডিতা ৰামাবাঈ ,বেগম ৰোকেয়া চাখাবাৎ হুছেইন দৰে নাৰীৰ সবল নেতৃত্বই নাৰী মুক্তি আৰু নাৰীশিক্ষা বিস্তৃৰত সুন্দৰ পথৰ সন্ধান দিয়ে ।
ইছলাম ধৰ্মই ভগৱানৰ উপাসনা কৰাৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাক সমান স্থান দিছে যদিও কালক্ৰমত ইছলাম শ্বৰিয়ত আইন( Muslim shariat Law) ৰ দ্বাৰা নাৰীক ধৰ্মৰ দোহাই দি  স্বতন্ত্ৰতাক নিয়ন্ত্ৰণ কৰিছে ।
খ্ৰীষ্টান ধৰ্মই নাৰীক পুৰুষৰ অধীন হোৱাটো বিচাৰে ।  শিখ ধৰ্ম মতে  নাৰী মাতৃ,পত্নী,কন্যা হিচাপে পালন কৰিবলগীয়া ভূমিকাহে বেছি গুৰুত্বপূৰ্ণ ।
ধৰ্মই সৃষ্টি কৰা ৰীতি নীতিয়ে সমাজত নাৰীক সৰ্প কুণ্ডলীৰে  মেৰিয়াই ৰাখে ।কোনো কোনোৱে নিজকে  ধৰ্মীয় গুৰু বুলি চিনাকি দি  নাৰীক অস্পৃশ্য, অশুদ্ধ নাৰীক মূল ধৰ্ম গৃহত প্ৰৱেশ কৰা নিষিদ্ধ বুলি দাবী কৰে, সেয়েহে কেৰেলাৰ প্ৰাচীন আয়াপ্পাৰ সবৰিমালা মন্দিৰত দহ বছৰৰ পৰা পঞ্চাশ বছৰৰ মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল । অৱশ্যে ২০১৮ চনত ২৮ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ আদেশ মতে সকলো নাৰীক মন্দিৰত প্ৰৱেশত সু ব্যৱস্থা কৰা হয় । এতিয়াও আমাৰ অসমৰ  বৰপেটা মূল কীৰ্তন ঘৰকে ধৰি বহু নামঘৰ,মন্দিৰ,মছজিদত নাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা হয় ।
পিতৃ প্ৰধান সমাজ ব্যৱস্থাত ধৰ্মীয় ৰীতি নীতিত পুত্ৰ সন্তানেহে অংশ গ্ৰহণ কৰিব পাৰে । বহু সমাজত কন্যা শিশুক ভগৱানৰ সন্তুষ্টিৰ বাবে অপৰ্ণ কৰা হয়।  ভাৰতৰ দেৱদাসী প্ৰথা,নেপালৰ ডাউকী ব্যৱস্থা আৰু নাইজেৰিয়া,টগো, ঘানা আদিত
ট্রকসী( Trokosy)  ব্যবস্থা অনুযায়ী পৰিয়ালৰ পুৰুষৰ পাপৰ প্ৰায়চিত্তৰ বাবে কন্যা এগৰাকী ভগৱানৰ নামত উচৰ্গা কৰা হয় । সেইদৰেই ডাইনী ব্যৱস্থা ধৰ্মীয় এক কু প্ৰথা । ভাৰতৰ পশ্চিম বংগ, অসমৰ কোনো কোনো অঞ্চলত ডাইনী প্ৰথা আছে, দক্ষিণ আফ্ৰিকা, উত্তৰ  ট্ৰানচিলভেলিয়া আদি ৰাষ্ট্ৰত কোনো নাৰীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম হ’লে ডাইনী সজাই সেই নাৰীক হত্যা কৰা হয় । ধৰ্মৰ নামত শিশু হত্যা,নৰ বলি একবিংশ শতিকাৰ মানৱ সমাজৰ বাবে দুৰ্ভাগ্যজনক । প্ৰসূতি নাৰীক অশুচি,ঋতুমতী নাৰী অস্পৃশ্য বুলি অৱহেলা কৰা হয়, স্বামী মৃত্যুৰ পিছত বিধবা নাৰীক ধৰ্মৰ নামতে মানসিক ,শাৰীৰিক নিৰ্যাতন চলোৱা হয় । আনকি পুষ্টিকৰ খাদ্যৰ পৰাও বহু সম্প্ৰদায়ে বিধবা নাৰীক বঞ্চিত কৰে ।  সাজ -পাৰ পৰিধান কৰোঁতে ও মহিলাই  ধৰ্মীয় অনুমোদন মানি চলিবলৈ বাধ্য হয় । আনহাতে,প্ৰাক্-শংকৰী যুগত মাতৃ-প্ৰধান অসমীয়া সমাজত দেৱী পূজা  আছিল । কামৰূপৰ ‘কামাখ্যা’ আৰু শদিয়াৰ কেঁচাইখাতী গোসাঁনী প্ৰাক্-শংকৰী অসমত নাৰী শক্তিৰ পৰিচয় । শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্ম আছিল পিতৃ-প্ৰধান সমাজৰ ধৰ্ম ,এনে সামন্তবাদী সমাজৰ নাৰীৰ স্থান স্বাভাৱিকতেই গৌণ । অৱশ্যে শংকৰ দেৱৰ বৈষ্ণৱ আন্দোলনৰ মূল উদ্দেশ্য হ’ল এখন জাতি ধৰ্ম, বৰ্ণ লিংগ নিৰ্বিশেষে সাম্যবাদী সমাজ গঢ়ি তোলা।
পাঁচশ বছৰৰ আগতে শংকৰদেৱে ধৰ্ম চৰ্চাত ক্ষেত্ৰত নাৰী পুৰুষৰ একমতি’ ৰ কথা কৈ নাৰীক উচ্চ আসনত প্ৰতিষ্ঠা কৰি গৈছে  যদিও পুৰুষ তান্ত্ৰিক সমাজত নাৰী স্থান গৌণ কিয়নো পুৰুষ আছিল অৰ্থনৈতিক নিয়ন্ত্রক । শংকৰদেৱৰ ‘পাৰিজাত হৰণ’,’ৰুক্মিণী হৰণ’ ‘পত্নী প্ৰসাদ’ ‘কেলিগোপাল’ ‘কালিয়দমন’ ‘ৰাম বিজয়’ নাটকৰ নাট্যকাৰে ৰূপে নাৰীৰ মনস্তত্ব সুন্দৰকৈ প্ৰকাশ
কৰিছে । শংকৰদেৱৰ দৃষ্টিত নাৰী
প্ৰেৰণাদায়িনী,জ্ঞানদায়িনী,
পৰামৰ্শদাত্ৰী,পতিব্রতা ,আধ্যাত্মিক শক্তি সম্পনা মোহময়ী,মহিমাময়ী চৰিত্ৰৰ গৰাকী বুলি প্ৰতিষ্ঠা  কৰিছে । শংকৰদেৱৰ নাতি বোৱাৰীয়েক কনকলতাই  সত্ৰ পৰিচালনা কৰাৰ অধিকাৰ  পাইছিল ।শংকৰ দেৱৰ প্রিয় শিষ্য মাধৱদেৱ ও তেওঁৰ সৃষ্টি সম্ভাৰত নাৰীৰ প্ৰতিভাক সন্মান জানাইছিল।
আমি জনামতে সকলো  ধৰ্ম বা ধৰ্ম গুৰুৱে নাৰীক সন্মানসহ সম ন্যায়,মৰ্যদাৰ অধিকাৰকাৰ দিছে । কিন্ত্ত সময়ৰ লগে লগে ধৰ্ম প্ৰচাৰক,পুৰুষতান্ত্ৰিক সমাজে  নাৰীক ধৰ্ম কুণ্ডলীৰ মাজত
আবদ্ধ কৰি পুৰুষ প্ৰভুত্ব বিস্তাৰৰ স্বাৰ্থত কৌশলগত ভাৱে প্ৰয়োগ কৰি আহিছে ।
আমাৰ নাৰী সমাজৰ বিনম্র প্ৰাৰ্থনা, যুগ যুগ ধৰি আবদ্ধ কৰি ৰখা নাৰী জাতিক ধৰ্ম কুণ্ডলীৰ পৰা মুক্তি দিয়ক ..। এখন বিশাল আকাশৰ তলত প্ৰজ্ঞাৰ সাধনাৰে
বিজ্ঞান কাৰিকৰী জ্ঞানেৰেপুষ্ট হৈ বিশ্বায়নৰ মঞ্চত সুসভ্য নাগৰিক হিচাপে চিনাকি দিওঁতে  ‘সাৰ্বজনীন প্রেম’ হওক ধৰ্ম ।

ববিতা বৰঠাকুৰ
কুৰালগুৰি