ধৰ্মৰ আত্মকথন- ফখৰুদ্দিন আহমেদ

ধৰ্মৰ আত্মকথন

           ফখৰুদ্দিন আহমেদ

মোৰ বাসস্থান বিচাৰি

হাহাকাৰ মানুহৰ

বহুতেই লিৰিকি বিদাৰি চাইছে

মন্দিৰ, মছজিদ , গীৰ্জা , গুৰুদ্বাৰ

আৰু অনেক ধৰ্ম মঠ

মন্দিৰ , মছজিদ , গুৰুদ্বাৰ

আৰু অনেক ধৰ্ম মঠ

মোৰ কদাপিও বাসস্থান নাছিল

আৰু নহয়

ক’ৰবাত মন্দিৰ ভাঙি পেলোৱা হৈছে

ক’ৰবাত মছজিদ

ক’ৰবাত গুৰুদ্বাৰ

চাৰি শ বছৰীয়া যীশুৰ

প্ৰতিমূৰ্তি ভাঙি

বিচাৰিছে মোক

কোনোবাই বিষ্ণুক বিচাৰিছে

মোক পাবলৈ

কোনোবাই আল্লাহক বিচাৰিছে

মোৰ ঠিকনা জানিবলৈ

কোনোবাই মেৰীৰ পুত্ৰ যীশুক

আকুতি কৰিছে মোৰ ৰং জানিবলৈ

ব্ৰক্ষ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ

এই ভাৰতবৰ্ষ

ঈশ্বৰৰ অবতাৰ

ৰাম , কৃষ্ণ , নৰসিংহ আদি

দশ অৱতাৰৰ ৰংগ ভুমি

ভাৰতবৰ্ষৰ

হাজাৰ বছৰীয়া সভ্যতাৰ মাজতো

মই বাস নকৰো

হজৰত মহম্মদৰ জ্যোতিৰ তাড়নাত

ভাৰতবৰ্ষত প্ৰতিষ্ঠা হোৱা কেৰেলাৰ

চৈদ্ধ্য শ বছৰীয়া

চেৰামন পেৰুমল মছজিদতো

মই বাস নকৰো

ঠিক সেই দৰে

মক্কা , মদিনা নাইবা

আজমীৰৰ দৰগাহ আৰু

মৰ্কজ নিজামুদ্দিতো

কোনো ধৰ্ম গুৰুৰ সমাধি স্থল

মোৰ বাসস্থান নহয়

এইবোৰৰ সৈতে মোৰ

কোনো সম্পৰ্কও নাই

মই বাস কৰো

মানুহৰ অন্তৰত আৰু

চিৰ বিনন্দীয়া

প্ৰকৃতিত

তেনে অন্তৰবোৰে যেতিয়াই

মানুহৰ শিপাৰ সন্ধান কৰে

বুজি পায়

তেজৰ ৰং

অন্তৰৰ আকূতি

ঐক্য-সংহতিৰ চেতনাবোধ

সেই বাবেই মই ধৰ্ম

ঈশ্বৰৰ অৱতাৰ

বিষ্ণু , ৰাম , কৃষ্ণ , নৰসিংহ আদি

দশাৱতাৰ

যি দৰে মোৰ আপোন

ঠিক সেই দৰেই আল্লাহ

মৰুৰ ঘাট মাউৰা হজৰত মোহাম্মদ

মেৰীৰ পুত্ৰ যীশু

গুৰু নানক

মোৰ আপোন

আৰু অনেক

কলুষ কালিমা যুক্ত

মানুহৰৰ অন্তৰত

মই বাস নকৰো

মানবতাৰ স্বচ্ছ চিৰ প্ৰবাহিত তৰংগত সিহতে বিপদ যুক্ত চাকনৈয়াৰ

সৃষ্টি কৰে

মানুহৰ পবিত্ৰ অন্তৰত মই বাস কৰো

কাৰণ

মানুহৰ পবিত্ৰ অন্তৰ

মোৰ ৰঙীন আচ্ছাদন

মানুহৰ অন্তৰৰ পবিত্ৰতাত

বিচাৰিলে মোক নিশ্চয়কৈ পাবা

 মৰম আৰু বিশ্বাসৰ ৰত্ন ভাণ্ডাৰ

সেয়াই পৃথিবীৰ শান্তিৰ

অমল উৎস