ধেমাজি বিস্ফোৰণত নিহত হোৱা কণ কণ নিষ্পাপ শিশুসকলৰ আত্মাই কেতিয়া চিৰশান্তি লাভ কৰিব? – নাছিৰ আহমেদ

PC - Wallpaper Flare
ধেমাজি বিস্ফোৰণত নিহত হোৱা কণ কণ নিষ্পাপ শিশুসকলৰ আত্মাই কেতিয়া চিৰশান্তি লাভ কৰিব?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাই ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পেৰেডত অংশগ্ৰহণ কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সিহঁতৰ মাতৃসকলৰ ওপৰত নিৰ্মম ভাবে বোমা বিস্ফোৰণ ঘটাই দহ জন কণ কণ নিষ্পাপ শিশু আৰু তিনিগৰাকী মাতৃৰ দেহ খণ্ড-বিখণ্ড হৈ থিতাতে কৰুণ ভাবে মৃত্যু মুখত পৰিছিল। অৰ্ধ শতাধিকে আহত হৈ এতিয়াও বহুতে ঘুণীয়া হৈ কলধপ কলধপ কৈ জীয়াই আছে। এই শোকাৱহ নিন্দনীয় জঘন্যতম অমানুষিক হত্যাকাণ্ডৰ বিৰুদ্ধে গোটেই অসমতে প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল আৰু হাজাৰ হাজাৰ মানুহে গণ-বিক্ষোভ তথা শোভাযাত্ৰা কৰি হত্যাকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছিল। সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই দূৰ্ভাগ্যজনক ঘটনাৰ নিন্দা কৰি প্ৰতি বছৰে ১৬ আগষ্টত ক’লা দিৱস পালন কৰিবলৈ দেশবাসীক পৰামৰ্শ দিছিল।ৰাইজৰ গণ-বিক্ষোভৰ চাপত বাধ্য হৈ সংযুক্ত মুক্তি বাহিনীৰ সংক্ষেপে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ২০০৯ চনৰ ১৩ ডিচেম্বৰত ইমেইল যোগে এই বোমা বিস্ফোৰণৰ  কথা স্বীকাৰ কৰি ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগিছিল।২০১৯ চনৰ ২০ জুনত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই বিস্ফোৰণত জড়িত বুলি মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলি গোহাঁইক যাৱজ্জীৱন কাৰাদণ্ড, হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰি বছৰৰ বাবে কাৰাদণ্ড বিহিছিল।কিন্তু ২০২৩ চনৰ ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে চূড়ান্ত ৰায় যোগে ধেমাজিকাণ্ডৰ বোমা বিস্ফোৰণৰ অপৰাধীসকলক সম্পূৰ্ণ নিৰ্দোষ বুলি মুক্তি দান কৰে। এই অভাৱনীয় ৰায় প্ৰকাশ হোৱাৰ লগে লগে গোটেই অসমৰ জনগণ হতচকিত হৈ পৰিল। ভুক্তভোগীৰ পৰিয়ালে গুজৰি গুমৰি উঠি এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি হুংকাৰ দিলে।দেখদেখকৈ ধেমাজিৰ মহাবিদ্যালয়ৰ খেলপথাৰৰ পেৰেডত পুৱা ৯.৩০ বজাত অংশগ্ৰহণ কৰা কণ কণ নিষ্পাপ শিশুসকলৰ ওপৰত হোৱা  বোমা বিস্ফোৰণ ঘটোৱা সন্ত্ৰাসবাদী অপৰাধীয়ে আইনৰ মেৰপেঁচৰ বাবেই যদি মুক্তি লাভ কৰে, তেনেহলে ন্যায়ালয়ৰ ন্যায় বিচাৰৰ প্ৰতি সাধাৰণ জনগণৰ আস্থা আৰু বিশ্বাস থাকিব নে ?এই ঘটনা কেৱল এইবাৰেই প্ৰথম নহয়। দিন দূপৰত অসমীয়া প্ৰতিদিন কাকতৰ স্পষ্টবাদী নিৰ্ভীক সম্পাদক পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰিও ইমান বছৰৰ পাছতো এতিয়াও অপৰাধী মুক্ত আকাশৰ তলত নিৰ্বিঘ্নে ঘূৰি আছে ।২০০২ চনৰ গুজৰাটৰ গোধ্ৰাকাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত বজৰং দলৰ নেতৃত্বত মুছলমান-নিধন যজ্ঞৰ আয়োজন কৰি প্ৰায় ১০০০ মুছলমানক হত্যা কৰাৰ উপৰিও  ২১ বছৰীয়া অন্তঃসত্বা  বিলকিছ বানুক দলৱদ্ধ ভাবে ধৰ্ষণ কৰি একে পৰিয়ালৰ চৌধ্য জনক হত্যা কৰাৰ বাবে নিম্ন আদলতে এই জঘন্যতম অমানুষিক কাৰ্যৰ বাবে ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।অথচ,২০২২ চনৰ আগষ্টত উচ্চতম ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশে এক ৰায় যোগে তেওঁলোকক মুক্তি দান কৰাৰ দিনাই এক বিশেষ ৰাজনৈতিক দলৰ নেতাসকলে অপৰাধী দলটোক ৰাজহুৱা ভাবে সম্বৰ্ধনা জনাই মানুহৰ মাজত মিঠাই বিতৰণ কৰিছিল।উচ্চতম ন্যায়ালয়ৰ এই নগ্ন ৰূপ দেখি দেশৰ গণতান্ত্ৰিক ভাৱাপন্ন সকলো মানুহে একেমুখে গৰিহণা দিলে।২০২৩ চনৰ ৫ মে তাৰিখে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত লিপ্ত এটা উন্মাদপ্ৰায় দলে কুকি সম্প্ৰদায়ৰ দুজন মহিলাক প্ৰকাশ্য ৰাজপথত নগ্ন কৰি দলৱদ্ধ ভাবে ধৰ্ষণ কৰা এই জঘন্যতম কাৰ্যৰ নিৰ্দয় অপৰাধী দলটোও ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰায় যোগে সম্পূৰ্ণ ৰূপে মুক্তি লাভ কৰিব যেন লাগিছে। এই ক্ষেত্ৰত ন্যায়ালয়ৰ ন্যায়াধীশ সকলে পুলিচ প্ৰশাসনৰ কোৰ্টত ব’ল ঠেলি দি নিজক নিৰ্দোষ সাব্যস্ত কৰিব বিচাৰে। তেওঁলোকৰ মতে,  আইন সম্পৰ্কে কোনো জ্ঞান নথকা অদক্ষ পুলিচ বিষয়া, ঠিক মতে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা, তদন্ত চলাই যোৱাত হেমাহি বা তদন্ত লেহেমীয়া কৰাৰ বাবেই ভুক্তভোগীৰ পৰিয়ালে উচিত ন্যায় লাভ কৰিব নোৱাৰে।পুলিচ প্ৰশাসনৰ মতে সাক্ষীয়ে ঠিক মতে সাক্ষ্যপ্ৰমাণ নিদিয়াৰ বাবেই তেওঁলোকে তদন্ত প্ৰক্ৰিয়া প্ৰায় বন্ধ কৰিব লগা হয় বা লেহেমীয়া হয়।ইংৰাজীত এষাৰ কথা আছে যে, “Justice delayed, justice denied.” ভুক্তভোগীয়ে ন্যায় পাওঁতে বেছি দেৰি হলে ভুক্তভোগীয়ে যথেষ্ট পৰিমাণে দুখ-দুৰ্দশা ভূগিব লগীয়া হয়।প্ৰকৃত কাৰণ কিন্তু কোনোৱে প্ৰকাশ নকৰে বা প্ৰকাশ কৰিবলৈ সাহস গোটাব নোৱাৰে।ৰাজনৈতিক দলৰ (শাসক বা বিৰোধী) প্ৰচণ্ড হেঁচাত পুলিচ প্ৰশাসনে বা নিৰপেক্ষ ন্যায়ালয়ৰ ন্যায়াধীশে ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ সক্ষম নহয়।যি কি নহওঁক, এইবাৰ কমেও ধেমাজি-কাণ্ডত জড়িত অপৰাধীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে চূড়ান্ত ৰায় দান কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি  ভুক্তভোগীক ন্যায় প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।তেতিয়াহে সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই অকাল মৃত্যুৰ মুখত পেলাই দিয়া নিষ্পাপ শিশুসকলৰ আত্মাই সম্পূৰ্ণৰূপে চিৰশান্তি লাভ কৰিব।