ধুবুৰীলৈ এবাৰ আহিবাচোন – আয়নাল হক

Pc Wikipedia
ধুবুৰীলৈ এবাৰ আহিবাচোন
আয়নাল হক ,ধুবুৰী
বন্ধু,
এবাৰ আহিবাচোন ধুবুৰীলৈ
লুইতৰ পাৰত অৱস্থিত
মোৰ চহৰৰ লগত
তোমাক কৰাম চিনাকি।
নেতাই ধুবুনী ঘাট,গুৰুদ্বাৰেৰে
প্ৰসিদ্ধ এই ঠাই।
জানা,
ভিন্ন ঠাইৰ পৰ্যটকসকল
শিখ ধৰ্মাৱলম্বী তীৰ্থযাত্ৰীসকল
আহে কিন্তু প্ৰায়ে।
বুৰঞ্জী বিখ্যাত পানবাৰী মছজিদ
বগৰীবাৰীৰ মহামায়া মন্দিৰ
সত্ৰশালৰ গুৰুশঙ্কৰ ধামেৰে
এই চহৰ মিলনৰ পৱিত্ৰ স্থলী।
ৰাজা প্ৰভাত চন্দ্ৰৰ
গৌৰীপুৰ খেলপথাৰ দান পাত্ৰ
মানকাচৰৰ মীৰজুমলাৰ কবৰে
বহু কথা মনত পেলাই দিয়ে।
হিন্দু,মুছলিম,শিখ সকলো মিলি
ধুবুৰী চহৰখন একতাৰ নিদৰ্শন,
ল’বাহি নেকি আমাৰ চহৰৰ স্পৰ্শ ?
গৌৰীপুৰীয়া প্ৰতিমা পাণ্ডেৰো
পালাহেঁতেন সান্নিধ্য।
এবাৰ মনত পেলাবা
বন্ধ জুইশলা উদ্যোগ, জাহাজ ঘাট
আৰু মৃত্যুমুখী অশোক কাগজ কলৰ কথা।
ঐতিহাসিক ধুবুৰী চহৰখনলৈ
এবাৰ আহিবা দেই বন্ধু
হ’বাহি মোৰ চহৰৰ লগত চিনাকি
ল’বাহি ইয়াৰ হাৱা-পানী
অন্ততঃ আপোন বুলি…।