ধীৰেনপাৰা-কুমাৰপাৰাত শংকৰদেৱৰ জন্ম উৎসৱ

pc Wikipedia

ধীৰেণপাৰা-কুমাৰপাৰাত শংকৰদেৱৰ জন্ম উৎসৱ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – মহানগৰীৰ ধীৰেণপাৰাৰ উজ্জ্বলনগৰস্হিত শ্ৰীশ্ৰী হৰি মন্দিৰৰ উদ্যোগত বৃহস্পতি আৰু শুক্ৰবাৰে মন্দিৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম উৎসৱ উদ্‌যাপন কৰা হয়। বৃহস্পতিবাৰে সন্ধিয়া বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে বয়োজ্যেষ্ঠ চক্ৰধৰ কৈৱৰ্তই। শুকুৰবাৰে সমাজকৰ্মী কল্প কলিতাৰ পৰিচালনাত নাম প্ৰসংগ কৰা হয়। আনহাতে, বিগত বৰ্ষৰ দৰে এইবাৰো কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰৰ উদ্যোগত বৃহস্পতি আৰু শুক্ৰবাৰে শংকৰদেৱৰ জন্ম উৎসৱ উদ্‌যাপন কৰা হয়। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদিকা গীতিমা ডেকাই বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে। শুক্ৰবাৰে সনাতন দাস বাপৰ পৰিচালনাত নাম কীৰ্তন, প্ৰভাত দাসৰ পৰিচালনাত ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হয়।