ধীৰেনপাৰাত স্বচ্ছতা অভিযান

ধীৰেনপাৰাত স্বচ্ছতা অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰীৰ আগ্ৰহমৰ্মে তথা অসমৰ জনপ্ৰিয় মুখ্য মন্ত্ৰীৰ নিৰ্দেশ তথা বিশ্ব হিন্দু পৰিষদৰ আহ্বান ক্ৰমে অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি মন্দিৰ সমূহৰ পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত গুৰুত্ব দিয়াৰ মানসেৰে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ১১ নং ৱাৰ্ডৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত স্বচ্ছতাৰ দিশত এখোজ আগবঢ়োৱা হৈছে।১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীৰ পৰিচালনাত সম্পূৰ্ণ সহযোগ আগবঢ়াই বি জে পি দলৰ সক্ৰিয় কাৰ্যকৰ্তা অৰূপ কলিতা,কল্প কলিতা, ৰমেন শৰ্মা,গোপেন দাস,জয়ন্ত মজুমদাৰ, হীৰেণ শৰ্মাৰ লগতে সন্মানীয় উজ্বল নগৰবাসী ৰাইজ উপস্থিত থাকে৷