ধিঙতো আৰক্ষী প্ৰশাসনৰ সহযোগত শান্তি পূৰ্ণভাবে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন

ধিঙতো আৰক্ষী প্ৰশাসনৰ সহযোগত শান্তি পূৰ্ণভাবে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মধ্য অসমৰ নগাঁও জিলাৰ ধিঙতো আৰক্ষী প্ৰশাসনৰ সহযোগত শান্তি পূৰ্ণভাবে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন কাৰ্য সম্পন্ন হয়। ধিঙ তলিবৰ স্হায়ী দশমী ঘাটত দুৰ্গা পূজাৰ দশমী উপলক্ষে ধিঙ অঞ্চলৰ দুৰ্গা পূজাৰ আয়োজন সমিতি সমূহে ঢোল – তাল,শংখ,- মৃদংগৰ মাংগলিক আদি ধ্বনিৰে দুৰ্গতিনাশিনী দেৱীক ধৰাৰ পৰা বিদায় দিয়ে। দেৱীৰ প্ৰতিমা বিসৰ্জন প্ৰত্যক্ষ কৰিবলৈ অগণন লোকে ভিৰ কৰে তলিবৰ দশমীঘাটত। দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনত আৰক্ষী প্ৰশাসনে প্ৰত্যেক ভাবে সহযোগ কৰে।ধিং আৰক্ষী বাহিনী,নৈ সেনা বাহিনী,ধিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসৰ লগতে ধিং ৰাজহ চক্ৰৰ বিষয়া বিলভিয়া চৌধুৰী বিসৰ্জন কাৰ্যত উপস্থিত থাকে। বৃহত্তৰ ধিং অঞ্চলৰ মুঠ ১৮ খন পূজা সমিতিৰ দুৰ্গা পূজাৰ প্ৰতিমাসমূহ এই তলিবৰ ঘাটত বিসৰ্জন দিয়া হয় বুলি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিব দিছে। ডাৱৰীয়া বতৰৰ বাবে অংশগ্ৰহণ বিসৰ্জন কাৰ্য পলমকৈ আৰম্ভ হয় যদিও সন্ধিয়া ৮ বজালৈ সুকলমে সম্পন্ন হয়।