ধিং মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্রীয় পয্যায়ৰ আলোচনা চক্র অনুষ্ঠিত

ধিং মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্রীয় পয্যায়ৰ আলোচনা চক্র অনুষ্ঠিত

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-    ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ইণ্ডিয়ান কাউঞ্চিল অফ হিষ্টৰীকেল ৰিচাচ (ICHR)ভাৰতীয় ইতিহাস সংকলন সমিতিৰ উত্তৰ পূৱৰ সৌজন্যত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আজাদী কা অমৃত মহোৎসৱ দিৱস উপলক্ষে ধিং মহাবিদ্যালয়ত ৰাষ্ট্রীয় পয্যায়ৰ আলোচনা চক্র অনুষ্ঠিত হয় ।অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ বহু কেইগৰাকী বক্তা তথা গৱেষক উপস্থিত থকা ৰাষ্ট্রীয় পয্যায়ৰ আলোচনা চক্রত অৱশ্যে অন লাইন জৰিয়তে প্ৰায় ৪০ (চল্লিশ) খন পুথি পাঠ হয়। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ বহু কেইগৰাকী ৰাজনীতিবিদে অংশ গ্রহণ কৰা ৰাষ্ট্রীয় পয্যায়ৰ আলোচনা চক্র খনিত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী জয়ন্ত কৃষ্ণ শৰ্মা,মুখ্য অতিথি হিচাবে উপস্হিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ কমলা নেহৰু কলেজৰ এচ’চিয়েট প্ৰফেচাৰ ড০ চেতনা শৰ্মা, বিশিষ্ট অতিথি হিচাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় গুৱাহাটী শাখাৰ অধ্যাপক তথা গৱেষক গজেন্দ্ৰ অধিকাৰী আৰু উত্তৰ পূৱৰ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ প্ৰমূখ হেমন্ত মজুমদাৰ উপস্হিত থাকি ভাষণ প্রদান কৰে ।উল্লেখ্য যে মহাবিদ্যালয়ত কেইবাটাও কায্যসূচীত আজি বিভিন্ন প্ৰতিযোগী সকলে অংশ গ্রহণ কৰে ।