ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচলত ভয়ংকৰ ভূমিস্খলন
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰৱল বৃষ্টিপাতৰ ফলত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত ভয়ংকৰ ভুমিস্খলন ঘটিছে । ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ একাংশ ভূমিস্খলনৰ ফলত খহি গৈছে । অৰুণাচলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত মঙ্গলবাৰে পুৱাৰে পৰা শ শ যান-বাহন ৰাজপথত আৱদ্ধ হৈ পৰিছে ।