দৰ্শন আৰু বিজ্ঞান
অস্তিত্ববাদৰ পৰা মানৱীয় জীৱন
পুলিন ডেকা
ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু স্থিতি সম্বন্ধে কৰা অধ্যয়ন তথা চিন্তাই বিজ্ঞান আৰু দৰ্শনৰ দুটা ধাৰাৰ সূচনা কৰে।দৰ্শন তথা বিদ্যাৰ পৰিধি ,যুক্তিযুক্ততা আৰু চৰিত্ৰ সম্বন্ধে কৰা অধ্যয়নে দাৰ্শনিক মতাবাদৰ এক স্ৰোতৰ উন্মেষ কৰে । আনহাতে ,পৰীক্ষামূলক পদ্ধতিৰে সত্যৰ অন্বেষণে বিজ্ঞান জগতৰ পাতনি মেলে ।অমূৰ্ত বিষয়ক জ্ঞানে কোনো লৌকিকতাৰ সূচনা নকৰে সঁচা । কিন্তু মানৱ জীৱনক অভ্যন্তৰীণ বিশ্লেষণ,শৃংখলাবদ্ধ কৰাৰ দিশত সৰ্বাত্মক প্ৰভাৱ পেলায় ।আকাংক্ষিত মনৰ প্ৰত্যাশিত লক্ষ্যক স্পৰ্শ কৰিবলৈ হ’লে মানৱ জীৱনক কেতবোৰ নিৰূপিত আদৰ্শৰে পৰিচালিত কৰিবই লাগিব। প্ৰায় তিনি হাজাৰ বছৰ পূৰ্বে ভাৰতীয় উপনিষদসমূহৰ আখ্যানৰ মাজত জ্ঞানৰ এক বিশাল ক্ষেত্ৰ নিৰ্মাণ হৈছে।কিয়নো এখন মানৱবোধসম্পন্ন সমাজ গঢ়াৰ বাবে আধুনিক মানুহৰ চিন্তাশীল ব্যক্তিসসকল উদগ্ৰীৱ হৈ পৰিছে । চৌপাশে বস্তুবাদৰ প্ৰসাৰে মানুহৰ মাজত দূৰত্ব দ্ৰুতগতিত বৃদ্ধি কৰিছে।বিজ্ঞান আৰু প্ৰযুক্তিয়ে উত্তৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক প্ৰভাৱিত কৰিছে । তথাপি মানুহৰ মনত এক হাহাকাৰৰ অনুৰণন হৈছে। বিজ্ঞানে মানুহৰ আকাংক্ষিত জীৱনৰ সন্ধান কৰিব পৰা নাই নেকি ? বিজ্ঞান আৰু তথ্য প্ৰযুক্তিয়ে বাহ্যিক ৰূপান্তৰ সম্ভৱ কৰিছে। কিন্তু অভ্যন্তৰীণ ৰূপান্তৰ কিহৰ আধাৰত সম্ভৱ কৰিব পৰা যায় । হাজাৰ হাজাৰ বছৰ ধৰি কিয় দৰ্শনসমূহে মানুহক প্ৰভাৱিত কৰি আহিছে ? বিজ্ঞান আৰু দৰ্শনক সমভাৱে আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে নেকি ?
মানুহৰ মনত গভীৰভাৱে ৰেখাপাত কৰা দৰ্শনসমূহ হৈছে এক গূঢ়াৰ্থ ৰহস্যবাদ। সংস্কৃত-সাহিত্যৰ মাজেৰে বিশ্বজনীনতা,মানৱ সমাজক প্ৰভাৱিত কৰিব পৰা দৰ্শন প্ৰকাশি আহিছে। ইয়াৰ মাজত একাংশ চিন্তাবিদে জ্ঞানৰ একক যুক্তিবাদিতাক বিচাৰি পাইছে । কিয়নো ,এনে দৰ্শনে মানুহৰ মনঃস্তত্ত্বক প্ৰভাৱিত কৰিছে । অতিপ্ৰাকৃতিক বিষয়বস্তুৰ পৰা আঁতৰি আহি বিশ্ব প্ৰেক্ষাপটত নিজকে বিচাৰি চোৱাৰ সুযোগ প্ৰদান কৰিছে । দৃশ্যমান বিশ্বৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়ে যুক্তিনিষ্ঠ সাধাৰণ বোধৰ সূচনা কৰা হৈছে ।সেইবাবে সুদীৰ্ঘ সময় ধৰি দৰ্শনে মানুহক গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে ।
অস্তিস্ব বিজ্ঞান হৈছে দাৰ্শনিক অধ্যয়ন । বিজ্ঞানসন্মত যি দৃষ্টিভংগী তাৰ অনুসৃত সোঁতত দাৰ্শনিক মতামতসমূহে বাৰুকৈয়ে মানুহক প্ৰভাৱিত কৰি আহিছে ।বিজ্ঞানৰ অধিবিজ্ঞান হৈছে বিজ্ঞানত গুৰুত্বপূৰ্ণ স্থান পোৱা মূখ্য ধাৰণাবোৰৰে দৰ্শন। এই ধাৰণাবোৰৰ প্ৰতি সঁহাৰি জনোৱা পৰিঘটনাবোৰৰ সৈতেও ই সম্পৰ্কিত । প্ৰকৃতি , কাৰণ, প্ৰাকৃতিক প্ৰকাৰ ,সম্ভাৱনা,বিশুদ্ধতা ,ব্যাখ্যা , হ্যাস ,উত্থান,ভূমি ,স্থান , সময় অধিবিদ্যাৰ ভিতৰত অনুকৰণীয়া বিষয় । দাৰ্শনিক তত্ত্ব আৰু বিজ্ঞানৰ যি দৰ্শন সেয়া অস্তিত্ব বিজ্ঞানৰ এক উপক্ষেত্ৰ । বিজ্ঞানৰ অধিবিজ্ঞান অধিক বিমূৰ্ত আৰু সাধাৰণ ধাৰণাৰ সৈতে সম্পৰ্কিত । ইয়ে বিজ্ঞানৰ সকলো দিশকে স্পৰ্শ কৰে । কাৰণ বহুতো ধাৰণা এচাৰ লগত আনটো জড়িত হৈ আছে ।
আধুনিক সময়ত ভৌত , প্ৰকৃতি আৰু পদাৰ্থ বিজ্ঞানে গুৰুত্বপূৰ্ণ সফলতা কঢ়িয়াই আনিছে ।এই ফল নিজা পৰিসৰতে সীমাবদ্ধ নাই । বিজ্ঞানৰ অন্যান্য পৰ্যায়সমূহকো বিকশিত কৰাৰ দিশত ইতিবাচক প্ৰভাৱ পেলাইছে । সকলো ধৰণৰ অবাঞ্ছিত অথবা প্ৰথাসিদ্ধ বিশিষ্টতা, অভিক্ষিপ্তাৱস্থাৰ মাজত প্ৰাকৃতিকভাৱে চিন্তা আৰু আবয়িক প্ৰণালীৰে আগবঢ়াৰ দিশত পথ প্ৰশস্ত কৰি তুলিছে ।ইয়াৰ লগত সেই বিষয়সমূহৰ প্ৰয়োগ কৰাৰ দিশতো প্ৰচুৰ আশাৰ সম্ভৱণীয়তা কঢ়িয়াই আনিছে । আধুনিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দেহতত্ত্বৰ যি অনুভূতি সেয়া সেই বিষয়সমূহৰ ভিতৰত থকা অনুসন্ধানমূলক সংবেদনশীলতাৰ পদ্ধতি লাহে লাহে পৰিত্যক্ত অৱস্থালৈ গতি কৰে । সেইবাবে আধুনিক দৰ্শন তত্ত্বক নতুন দিশেৰে আগুৱাই নিয়াৰ প্ৰৱণতা এটিৰ সূচনা হয় ।গথে ,স্কোপেনহৰ দৰে বহু দাৰ্শনিকে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে । জোহনছ মলাৰে এইক্ষেত্ৰত বিশেষ সফলতা কঢ়িয়াই আনে । তেওঁ বিশেষভাৱে দেহতত্ত্বৰ বৈশিষ্টসমূহ পৰ্যবেক্ষণ কৰে । এই প্ৰৱণতা একেলগে সঠিক নহ’ব পাৰে , যেতিয়া আমি পদাৰ্থ বিজ্ঞানৰ দিশলৈ গতি কৰোঁ । পদাৰ্থ বিজ্ঞানৰ আশানুৰূপ অগ্ৰগতি হৈছে বিশেষকৈ পদাৰ্থৰ গঠন প্ৰক্ৰিয়াটোৰ গূঢ়াৰ্থৰ দিশত কৰা চিন্তাৰ বাবেহে । কিন্তু জ্ঞানৰ ভিন্নমুখী দিশ আৰু সীমাবদ্ধ বৌদ্ধিক ৰূপায়ণে বিশেষ কেতবোৰ উদ্দেশ্যমুখী দিশত আগুৱাই যোৱাৰ পৰিৱেশ নিষ্কাশনৰ মাধ্যমেৰে কেতবোৰ প্ৰশ্নলৈও ৰূপান্তৰিত কৰে । পদাৰ্থক বাহিৰত নৰখাকৈ মনঃস্তাত্ত্বিক সংবেদনশীলতা সম্ভৱ । ইয়ে নিজশ্ব প্ৰবাহক অন্বেষণ কৰাই নহয় ভৌতিক বিজ্ঞানক শক্তিশালীকৰণৰ দিশতো সহায়ক হৈ উঠিছে । শৰীৰ আৰু মনঃস্ত্বত্বৰ সম্পৰ্ক অতি জটিল । মানসিক বিশ্লষণ দৰ্শনৰ জৰিয়তে সম্ভৱ হ’লেও বিজ্ঞানে সত্য আৰু যুক্তিৰ আধাৰত ইয়াৰ অগ্ৰগতি বিচাৰে ।
ইন্দ্ৰিয়াতীত অনুভূতিৰ বিপৰীতে আধ্যাত্মিক আৰু ধৰ্মীয় জটিল দৰ্শন বিভ্ৰমপূৰ্ণ আৰু ইয়ে জ্ঞানৰ অগ্ৰগতিক বাধা দিয়ে , অনুসৰণ কৰে । আনহাতে অস্তিত্ব বিজ্ঞানৰ দৰ্শনৰ প্ৰথম নীতিয়ে হৈছে বস্তু বিষয়ক । জনা বিষয় ,পৰিচয় ,সময়, শূন্যতা ইত্যাদিৰ বিমূৰ্ত ধাৰণাকো সামৰি লোৱা হৈছে । অস্তিত্ব বিজ্ঞানৰ যি অৱয়ব নাইবা ধৰ্মৰ ক্ষেত্ৰত এই বিশ্বৰ বাবে প্ৰাৰম্ভিক চৰ্তৰ ক্ষেত্ৰত এক প্ৰশ্ন হিচাপে দেখা দিয়ে । বিমূৰ্তবাদৰ প্ৰতিকূলতা আৰম্ভ হৈছিল পাণ্ডিত্যপূৰ্ণ জটিল দৰ্শনৰ বাধাৰ বাবে । এৰিষ্টটলৰ দৰ্শনৰ মাজতে এনে দিশ উদ্ভাসিত হয়।কুসংস্কাৰ সম্পৰ্কত বেকনৰ তত্ত্বৰ মাজত যি থমকি ৰ’বলগীয়া হৈছিল । অপ্ৰমাণিত সূত্ৰক প্ৰতিষ্ঠা কৰাৰ দিশত অনুমোদন জনোৱা নাছিল , যাতে আনুমানিক এটা বিষয় হিচাপে গ্ৰহণ কৰা নহয় । অস্তিত্ব বিজ্ঞানত প্ৰতিকূলতা হৈছে এটা আনুমানিক পদ্ধতি । প্লেট ’ৰ জটিল দৰ্শনৰ বিপৰীতে ৰাছেলৰ দৰ্শন গঢ়ি উঠিছিল । উইটজেনষ্টাইনে এই ক্ষেত্ৰত অতি সাধাৰণ মতামত প্ৰকাশ কৰিছিল । সমসাময়িক সংবেদনশীলতাৰ মাজত অ-দাৰ্শনিক মতামতবোৰক পোষকতা কৰাসকলক দাৰ্শনিক বুলি ক’ব নোৱাৰি । এইসকলে শ্ৰেণীভুৰ্ক্ত কৰা বিষয়সমূহৰ মাজত উদ্দেশ্য অথবা লক্ষ্যবস্তু ৰাখিব নিবিচাৰে । পূৰ্বে যিসকল দাৰ্শনিক মতামত প্ৰকাশ কৰি কৈছিল যে দৰ্শন বিষয়বস্তু সামৰি গঠিত হয়। দাৰ্শনিক অবাস্তৱবাদৰ মাজেৰে ক’ব বিচাৰে যে অস্তিত্ব বিদ্যমান বিষয় । সিহঁতৰ কোনো অস্তিত্ব নাথাকে । আনকি মনৰ অস্তিত্ব অথবা কাৰ্যকলাপত স্বাধীন বৈশিষ্ট্য নাথাকে । সাধাৰণ বিষয় যেনে উৎকৰ্ষ ,সত্ত্বা ,অস্তিত্ব ব্যক্তিগত বিষয় । দাৰ্শনিক সম্ভাৱনীয়তা কঢ়িয়াই অনা বিষয়সমূহৰ মাজত সামাজিক মাত্ৰা ,নৈমিত্তিকতা ,সম্পৰ্ক,সাদৃশ্য , উপমা , তুলনা , উদ্দেশ্য নিহিত হৈ থাকে । দৰ্শনৰ পৰা অন্য উপদেশসমূহো সন্নিৱিষ্টকৰণ কৰিব বিচাৰিছে । অস্তিত্ব বিজ্ঞান এক দাৰ্শনিক বিষয় । ইয়ে বিশ্বৰ মৌলিক প্ৰকৃতিৰ সম্পৰ্কত বিশ্লষণ কৰিব বিচাৰে । মানুহে ধৰাত বসবাস কৰাৰ অৰ্থ কি? আনহাতে আধ্যত্মিকতাৰ বিষয়টো পৰীক্ষামূলক । আধ্যাত্মিকতাৰ অনুশীলন , উন্নয়ন আৰু নিজকে আৱিষ্কাৰ কৰাৰ সৈতেও সম্পৰ্ক নিৰ্ণয় কৰিব পৰা নাযায় ।
প্ৰেম আৰু দৰ্শন । ৰোমাণ্টিক প্ৰেম এক উচ্চবোধ আৰু ইয়াৰ মাজতো দৰ্শন নিহিত হৈ থাকে । ইয়াৰ ন্যায্য পৰ্যায় হৈছে যৌন অথবা শাৰীৰিক আকৰ্ষণ। ৰোমাণ্টিক জীৱন আদৰ্শমূলক পৰম্পৰাৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ৰ এক বিষয় । সৌন্দৰ্যৰ বাবে প্ৰেমৰ আকাংক্ষা জাগ্ৰত হয় । ইয়াৰ মূল্য শাৰীৰিক সত্ত্বালৈ উৎসৰ্গিত হয় । প্ৰশ্ন হ’ব পাৰে বাস্তৱবাদ আৰু অবাস্তৱবাদৰ সম্পৰ্ক কোন পৰ্যায়ত নিৰ্ণয় কৰাটো সম্ভৱ। বাস্তৱবাদে সদায়ে সত্যৰ চৰ্তাৱলী বুজাৰ চেষ্টা কৰে । আনহাতে অবাস্তৱবাদে দৃঢ়তাসূচক চৰ্তৰ প্ৰেক্ষাপটত তাৰ অৰ্থ নিৰ্ণয়ৰ প্ৰয়াস কৰে। বিজ্ঞানৰ সমান্তৰালভাৱে দৰ্শনক গ্ৰহণ কৰিব পৰা যায় নে নাযায় ,সেয়া আধুনিক যুগৰ আন এক প্ৰশ্ন হিচাপে বিবেচিত হৈছে । সামগ্ৰিকভাৱে প্ৰতিফলিত কৰিবলৈ হ’লে তেওঁলোকে স্বায়ত্ত উদ্যমিতা আৰু বোধগম্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । দাৰ্শনিক মতবাদ বিজ্ঞানৰ দ্বাৰা অধ্যয়ন কৰিব নোৱাৰি । দৰ্শনশাস্ত্ৰ হৈছে এক অগ্ৰাধিকাৰ । আনহাতে বিজ্ঞানে বিষয়বস্তুৰ পৰ্যবেক্ষণ কৰে । যেতিয়া কোনো বিষয়ৰ তত্ত্বৰ অন্বেষণ কৰে তেতিয়া এই দুয়োটা দিশে উৎকৃষ্ট ব্যাখ্যা আগবঢ়াই ব্যৱহাৰিক আৰু তাত্ত্বিক বিবেচনাৰে । অগ্ৰাধিকাৰৰ সম্পৰ্ক আৰু নিৰ্ভৰশীলতাৰ জৰিয়তে বৈশিষ্টৰ সম্ভাৱনীয়তাৰ শূন্যতা দৰ্শনশাস্ত্ৰৰ অধ্যয়নৰ অন্যতম বিষয় । বিশুদ্ধ যৌগিক বিশ্লষণ অথবা ইয়াতকৈ অধিক গুৰুত্ব দি দৰ্শন শাস্ত্ৰই উত্তৰ বিচাৰে । দৰ্শনশাস্ত্ৰৰ যি প্ৰকৃতিবাদ ,তাৰ জৰিয়তে ইয়াৰ স্বকীয়তাক বুজিব লাগিব।এইক্ষেত্ৰত বিজ্ঞানৰ সৈতে সমান্তৰালভাৱে চিন্তা কৰাৰো অৱকাশ আছে । অভিজ্ঞতামূলক প্ৰমাণক সম্প্ৰৰীক্ষা কৰা হয় আৰু একে সময়তে বিজ্ঞানে যান্ত্ৰিক পদ্ধতিৰে তাৰ ব্যাখ্যা আগবঢ়ায় । বিভিন্ন পাৰ্থক্যৰ মাজেৰে দৰ্শন শাস্ত্ৰ আৰু বিজ্ঞানক একেলগে আগুৱাই নিব লাগিলে দেখা যায় যে সূত্ৰক নিৰ্ণয় কৰাৰ ব্যৱহাৰিক শ্ৰেণীক বিচাৰিবলগীয়া হয়। উমৈহতীয়া সংবেদনশীলতাৰ বিশ্বাসক সুৰক্ষিত কৰাৰ অনুপ্ৰেৰণামূলক দিশসমূহকো ভাবিবলৈ সুযোগ দিয়ে ।দৰ্শনশাস্ত্ৰৰ যি আৰ্হিৰ স্বতন্ত্ৰতা থাকিলেও অপৰিৱৰ্তনীয় আৰু অজ্ঞেয়াবাদৰ গঠন মন কৰিবলগীয়া দিশ হিচাপে পৰিগণিত হয় । ইয়াৰ এটা লাভ কৰিলেই দৰ্শনশাস্ত্ৰৰ দিশলৈ যোৱাৰ এটা পৰিলেখ গঢ়িব পাৰি । যাৰ ফলত বিজ্ঞানৰ পৰা প্ৰকৃতিবাদলৈ যোৱাৰ দিশত মনোযোগ দিয়াৰ বাবে অৱকাশৰ সূচনা হয় ।