দৰিদ্ৰতা মানেই হেলনীয়াৰ পাত্ৰ নহয়
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আজিকালি আমাৰ সমাজখন উন্নতিৰ জখলা বগাই যোৱাৰ লগে লগে কিছুমান ক্ষেত্ৰত নিকৃষ্ট মানসিতাৰ উদাহৰণ প্ৰতি পদে পদে দৃষ্টিগোচৰ হোৱা দেখা যায়। বৰ্তমান সময়ত এজন মানুহৰ ব্যক্তিগত ওজন বা প্ৰাধান্য সেই মানুহজনে নিজা জীৱনত সংগ্ৰহ কৰিব পৰা সা-সম্পত্তিৰ ওপৰত বিশেষভাবে নিৰ্ভৰশীল হৈ পৰিছে। আচলতে এতিয়াৰ সময়ত আমাৰ সমাজত দৰিদ্ৰতাৰ স্থান বা মূল্য দিনক দিনে বহু ভয়ংকৰ দিশলৈ গতি কৰিবলৈ ধৰিছে। কিন্তু মোৰ মতে দৰিদ্ৰতা মানেই হেলনীয়াৰ পাত্ৰ নহয় । আমাৰ সমাজত কিছুমান মানুহে নিজৰ মূৰ্খামিৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ গতি কৰে। আনহাতে কিছুমানৰ মানুহে জন্মগত ভাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ থাকে। আৰু সিহঁতে নিজৰ জৰিয়তে ভৰপূৰ প্ৰচেষ্টাৰ অন্ততো দৰিদ্ৰতা আগুৰি ধৰি থাকে। এতিয়া কথা হ’ল যিসমূহ মানুহে নিজৰ মূৰ্খামিৰ বাবে অধপতনলৈ গতি কৰিছে তেওঁলোকক উচিত মৰ্যদা প্ৰদানৰ পৰা বঞ্চিত কৰিলেও কোনো আপত্তি জনক স্থিতিৰ সৃষ্টি হ’ব নালাগে। কিন্তু যিসমূহ মানুহে জন্মগত ভাবে দৰিদ্ৰ সীমাৰেখাৰ তলত জন্মগ্ৰহণ কৰিছে । ইয়াৰ উপৰিও তেখেতসকলৰ ব্যক্তিগত স্বভাৱ,চৰিত্ৰ, ব্যক্তিগত চিন্তাধাৰা আৰু জীৱনৰ উন্নতিৰ মাৰ্গত গতি কৰিবলৈ প্ৰয়োজনীয় প্ৰবল ইচ্ছাশক্তিবোৰ থকা সত্বেও যদি তেখেতসকলে জীৱনত উন্নতি দিশত আগুৱাই যাবলৈ অসমৰ্থ হৈ আছে তেন্তে তেনেধৰণৰ ব্যক্তিসকলক বাচনি কৰি আমাৰ নিৰ্বাচিত চৰকাৰ তথা সমাজৰ প্ৰভাৱশালী ব্যক্তিসকলে একেলগ হৈ যথাসম্ভৱ সহায়ৰ আগবঢ়ায় দিয়াটো উচিত হ’ব যেন মোৰ অনুভৱ হয়। কিন্তু বৰ দোষৰ বিষয় এইটোৱে যে, বৰ্তমান আমাৰ সমাজ ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰশ্ৰেনীৰ লোকসকলক আৰু অধিক দৰিদ্ৰতা সীমাৰেখাৰ তলত নিবলৈহে চৌদিশৰ পৰা হেঁচা প্ৰয়োগ কৰিছোঁ। ইয়াৰ একমাত্ৰ কাৰণ হ’ল নিজে ৰজাৰ আসন দখলৰ চেষ্টা কৰি বাকী এচাম মানুহক ভিক্ষাৰীৰ শাৰীত পেলাবলৈ এক ডাঙৰ আৰু ঘৃনণীয় প্ৰচেষ্টা। দৰিদ্ৰ লোকসকলৰ ওপৰত শাসন কৰোতা সকলৰ শাসনৰ বাবে বহু সুবিধা হয় বুলি মানুহৰ মনত ঘৰ কৰি থকা কেৱল এক মিথ্যা। আমাৰ প্ৰতিজন মানুহৰ মাজত যদি এনেধৰণৰ মানসিকতা ঘৰ কৰি থাকে তেন্তে আমাৰ ৰাষ্ট্ৰ, আমাৰ ৰাজ্যখন লগতে আমাৰ সমাজ এখনে কেতিয়াও উন্নতিৰ মাৰ্গত গতি কৰিবলৈ সক্ষম নহয়। আচলতে দৰিদ্ৰতা মানেই হেলনীয়াৰ পাত্ৰ কেতিয়াও হ’ব নোৱাৰে। কিন্তু আমাৰ এচাম নিকৃষ্ট মানসিতাৰ মানুহৰ ফলত বৰ্তমানৰ সমাজ ব্যৱস্থাৰ লগতে প্ৰায় প্ৰতিজন মানুহৰ মাজত বেয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ফলত দৰিদ্ৰ লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালীৰ ওপৰত জেওৰাৰ বেৰ প্ৰস্তুত কৰি দিয়া হৈছে। আৰু যেতিয়ালৈকে এই বেৰবোৰক আমি ওঘালি পেলাবলৈ সক্ষম নহম ঠিক তেতিয়ালৈকে ভাৰতৰ ভূমিত নৱ বিপ্লৱৰ সূচনা নহ’ব।