দৰঙী লোকশিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী : অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা জ্ঞাপন

দৰঙী লোকশিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী : অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা জ্ঞাপন    

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙী কলাকৃষ্টিৰ আজীৱন সাধক, লোকশিল্পী ছিপাঝাৰৰ সাতঘৰীয়া গাঁও নিৱাসী দ্ৰোণ ভূঞালৈ আগবঢ়াইছে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পদ্মশ্ৰী সন্মান। বিশিষ্ট লোকশিল্পী গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা খবৰে ছিপাঝাৰ-দৰংবাসীক আনন্দিত কৰি তুলিছে। এই গৰাকী লোকশিল্পী দ্ৰোণ ভূঞা লোককৃষ্টিৰ এগৰাকী অন্যতম ধাৰক-বাহক। দৰঙৰ অন্যতম লোককৃষ্টি সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ লোকশিল্পী দ্ৰোণ ভূঞা অসম চৰকাৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত লোককৃষ্টিৰ গুৰু। তেওঁ বিশেষত: সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণত অহৰহ গুৰুত্ব আৰোপ কৰি আহিছে। গৃহজিলা দৰঙকে ধৰি ৰাজ্য কিম্বা ৰাজ্যৰ বাহিৰতো এই কৃষ্টি পৰিবেশন কৰি প্ৰশংসিত হোৱাৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্যে তেওঁ সন্মানীয় অসম গৌৰৱ বঁটা ২০২৩ লাভ কৰাৰ লগতে ২০২১ বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা সন্মানীয় বিষ্ণুৰাভা বঁটা লাভ কৰে‌। অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ, লোকশিল্পী দ্ৰোণ ভূঞাই কমল মহন্ত সোঁৱৰণী বঁটাকে ধৰি ভালেমান সন্মান লাভ কৰে। স্বাভাৱিকতে লোকশিল্পী গৰাকীৰ পদ্মশ্ৰী সন্মান প্ৰাপ্তিৰ আশাব্যঞ্জক খবৰত আনন্দিত হৈছে ছিপাঝাৰ-দৰংবাসী। লোকশিল্পী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে গৃহজিলা দৰঙৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন, দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ, ছিপাঝাৰ সাহিত্য সভা, দৰং জিলা সাহিত্য সভা, ছিপাঝাৰ শাখা লেখিকা সমাৰোহ সমিতি, জনজাগৰণ মঞ্চ, ছিপাঝাৰকে ধৰি ব্যক্তি-বিশেষে। উল্লেখ্য যে এই বৰ্ষত আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীৰ লগতে হস্তী বিশেষজ্ঞা পাৰ্বতী বৰুৱালৈয়ো আগবঢ়োৱা হৈছে সন্মানীয় পদ্মশ্ৰী সন্মান।