দৰঙত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

দৰঙত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্র দেশৰ লগতে মঙলদৈ কাছাৰী ময়দানতো ২৬ জানুৱাৰীত ভাৰতৰ ৭৫সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । দৰং জিলা প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ‌বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ। পুৱা ৯ বজাত মুখ্য অতিথি গৰাকীয়ে কাছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ, সংবিধান খচৰা সমিতিৰ সভাপতি ড° ভীমৰাও আম্বেদকাৰকে ধৰি সংবিধান প্ৰণেতাসকললৈ শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি এক বিশ্ব শক্তিত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান চলি থকা অমৃতকালৰ অন্তত ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ পূৰণ হোৱাৰ সময়ত ভাৰতক বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰৰূপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছে। তেখেতৰ নেতৃত্বত দেশৰ উন্নয়নে নতুন গতি লাভ কৰিছে। ভাৰতক বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰৰূপে গঢ় দিয়াৰ প্ৰক্ৰিয়াত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত সকলো ক্ষেত্ৰতে উন্নয়ন আৰু প্ৰগতিৰ নতুন পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁ কয় যে শান্তি প্ৰতিষ্ঠাৰ পৰা উদ্যোগ, বাণিজ্য বৃদ্ধিলৈকে সকলো ক্ষেত্ৰতে ৰাজ্যখন আগবাঢ়ি গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে মেঘালয়, অৰুণাচল, মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে দীর্ঘদিন ধৰি চলি থকা সীমাবিবাদ নিষ্পত্তিৰ দিশত কেইবাটাও নির্ণায়ক সিদ্ধান্ত গ্রহণ কৰিছে। যোৱাবছৰৰ ডিচেম্বৰত আলফা চুক্তি আৰু এপ্ৰিলত স্বাক্ষৰিত ডিমাচা চুক্তি দুখনে অসমত শান্তি প্রতিষ্ঠা আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি তেওঁ লগতে কয়।বাল্যবিবাহ, ড্রাগছ, জেহাদী আৰু দুর্নীতি নিয়ন্ত্রণৰ ক্ষেত্ৰতো চৰকাৰখনে গ্রহণ কৰা কঠোৰ ব্যৱস্থাসমূহৰ কথা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।ৰাইজক অধিক ক্ষিপ্ৰতাৰে সেৱা কৰাৰ লগতে চৰকাৰ আৰু জনতাৰ মাজত ব্যৱধান হ্রাস কৰিবলৈ‌ বৰ্তমানৰ চৰকাৰখনে সাপ্তাহিক কেবিনেট, দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক, জিলা আয়ুক্তসকলৰ সভা, আৰক্ষী অধীক্ষকসকলৰ সভা অনুষ্ঠিত কৰা আদি এলানি পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাইজে ইয়াৰ সুফল লাভ কৰিছে বুলিও তেওঁ লগতে কয়। দৰঙত গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানৰ মুখ্য অতিথিগৰাকীয়ে কয় যে অসম প্রকৃতিৰ নুমলী জী। অসমৰ প্রাকৃতিক সৌন্দর্য আৰু দৃষ্টিনন্দন পৰিৱেশে পর্যটকক হাতবাউলি মাতে। ৰাজ্যখন সেউজীয়া কৰি ৰাখিবলৈ যোৱা বছৰৰ ১৭ চেপ্তেম্বৰত ১ কোটি গছপুলি ৰোপণেৰে অমৃতবৃক্ষ আন্দোলন আৰম্ভ কৰা হৈছে। ই প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিব। বনাঞ্চল বেদখলমুক্ত কৰা আৰু জলাশয়ৰ উন্নয়নৰ বাবেও চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে। মহিলা আৰু শিশুসকলৰ স্বাৰ্থ সুৰক্ষিত নোহোৱাকৈ এখন সমাজৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয় বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ মহিলা উদ্যমিতা অভিযান আৰু নাৰী সৱলীকৰণৰ আন আঁচনিসমূহৰ কথা উল্লেখ কৰে। শিশুসকলক ভবিষ্যতে সুনাগৰিকৰূপে গঢ়ি তুলিবলৈ তেওঁলোকৰ পুষ্টি সাধন আৰু সামগ্ৰিক বিকাশত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মডেল অংগনাৱাড়ী কেন্দ্ৰকে ধৰি চৰকাৰৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ সহযোগত আগন্তুক দিনবোৰতো উন্নয়নৰ এই ধাৰা অব্যাহত থাকিব। ভাষণৰ অন্তত মন্ত্ৰী গৰাকীয়ে আৰক্ষী , অৰ্ধসামৰিক বাহিনী,এন চি চি, স্কাউট আৰু গাইডৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে । গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয়।
অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ লগতে বহু বিশিষ্ট নাগৰিক, মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্য আৰু ৰাইজ উপস্থিত থাকে। পতাকা উত্তোলন কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আৰু গোপীনাথ বৰদলৈ উদ্যানত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধা তৰ্পণ কৰে। বিয়লি মঙলদৈ ষ্টেডিয়ামত গণৰাজ্য দিৱস উপলক্ষে জিলা আয়ুক্ত একাদশ আৰু মঙলদৈ ক্ৰীড়া সন্থা একাদশৰ মাজত প্ৰীতি টেনিছ বল ক্ৰিকেট অনুষ্ঠিত হয়। উল্লেখ্য যে পৱিত্ৰ দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলা হয় জনসংযোগ বিভাগৰ জৰিয়তে পৰিবেশন কৰা দেশপ্ৰেমমূলক গীতেৰে।