দৰঙত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ অসমৰ ৰাজ্যপালৰ

দৰঙত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ অসমৰ ৰাজ্যপালৰ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই কালি দৰং জিলাৰ কল্যাণ গাঁও পঞ্চায়তত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।চৰকাৰী আঁচনিসমূহে তৃণমূলৰ শেষ পুৰুষৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ বাবে দেশজোৰা অভিযানত অংশগ্ৰহণ কৰি চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক অনুৰোধ কৰে।মন কৰিবলগীয়া যে বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰণা কৰা এক অভিযান যাতে সমগ্ৰ দেশতে সকলো গাঁও পঞ্চায়ত, নগৰ আৰু নগৰীয়া স্থানীয় সংস্থাক সামৰি চৰকাৰী আঁচনিৰ পৰিপূৰকতা অৰ্জন কৰিবলৈ পাৰস্পৰিক সম্পৰ্ক কাৰ্য্যকলাপৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। সমগ্ৰ ৰাজ্যত ৩৫খন জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বৰ্তমানলৈ মুঠ ২৩৫৮টা অনুষ্ঠান অনুষ্ঠিত হয়।দৰঙৰ কল্যাণ গাঁও পঞ্চায়তত অনুষ্ঠিত অনুষ্ঠানত এই উপলক্ষে ভাষণ দি ৰাজ্যপাল কাটাৰিয়াই ৰাইজক কেন্দ্ৰীয় কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে জিলা প্ৰশাসনক সৰ্বাধিক সংখ্যক পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াবলৈ, চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু অধিক হিতাধিকাৰীৰ নামভৰ্তিৰ বাবে উৎসাহিত কৰিবলৈ কয়।ৰাজ্যপাল গৰাকীয়ে কয় যে জাতিৰ প্ৰতিজন ব্যক্তিক ক্ষমতাশালী হ’লেহে বিকশিত ভাৰত লাভ কৰিব পৰা যাব। লগতে তেওঁ আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক বিকাশৰ উন্নতিৰ বাবে চৰকাৰী আঁচনিসমূহ সকলো শ্ৰেণীৰ লোকৰ বাবে উপলব্ধ কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে তেওঁ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ সুবিধা গ্ৰহণ কৰি, প্ৰদান কৰা সেৱাসমূহৰ সুবিধা ল’বলৈ আৰু যিসকলে এতিয়াও সুবিধা লাভ কৰিব পৰা নাই তেওঁলোকক আঁচনি সমূহৰ বিষয়ে সজাগ কৰিবলৈ আহ্বান জনায়। বিভিন্ন আঁচনিৰ অধীনত যোগ্য, কিন্তু এই পৰ্যন্ত সুবিধা লাভ নকৰা শ্ৰেণীৰ লোকসকলৰ বাবে এয়া এক সজাগতা অভিযান বুলি তেওঁ উল্লেখ কৰে।আয়ুষ্মান, পিএমজিএৱাই, পিএমএফবিৱাই, জন ধন যোজনা, জীৱন জ্যোতি বীমা যোজনা আদি বিভিন্ন আঁচনিৰ ওপৰত ৰাজ্যপাল গৰাকীয়ে ভাষণ দিয়ে। কাৰ্যসূচীত একাংশ হিতাধিকাৰীয়েও নিজৰ অভিজ্ঞতা ব্যক্ত কৰি তেওঁলোকে লাভ কৰা বিভিন্ন আঁচনিৰ সুফলৰ বাবে সন্তোষ প্ৰকাশ কৰে।পৰৱৰ্তী সময়ত ৰাজ্যপাল গৰাকীয়ে দৰঙৰ ১⁄২ বৰুৱাঝাৰ গাঁও পঞ্চায়ততো উপস্থিত হৈ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।উল্লেখ্য যে অনুষ্ঠানত দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।