দৰং জিলাৰ ছিপাঝাৰ বি এড্ মহাবিদ্যালয়ত ৬০ তম শিক্ষক দিৱস উদযাপন

দৰং জিলাৰ ছিপাঝাৰ বি এড্ মহাবিদ্যালয়ত ৬০ তম শিক্ষক দিৱস উদযাপনঃ-
তাং ঃ-০৫ চেপ্তেম্বৰ , ২০২১ তাৰিখ ৰবিবাৰ

দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ শিক্ষানুষ্ঠান ছিপাঝাৰ বি এড্ মহাবিদ্যালয়ত ইং ০৫ চেপ্তেম্বৰ ,২০২১ তাৰিখ ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ জন্মদিন উপলক্ষে ৬০ তম শিক্ষক দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচী উপলক্ষে দিনৰ ১১-০০ বজাত ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ বৈৰাগী পাত্ৰই। তাৰ পিছত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে মহাবিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক জেহিৰুল হকে।উক্ত শিক্ষক দিৱস উপলক্ষে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু অধ্যক্ষ ডঃ বৈৰাগী পাত্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰশিক্ষাৰ্থী সন্মিলনীৰ তৰফৰ পৰা সহকাৰী অধ্যাপক আৰু কৰ্মচাৰী সকলক ফুলাম গামোচা , সম্বৰ্ধনা পত্ৰ , কলম আৰু একোটিকৈ গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। জ্যেষ্ঠ সহকাৰী অধ্যাপক জেহিৰুল হক , ফখৰুদ্দিন আহমেদ আৰু প্ৰশিক্ষাৰ্থী সকলৰ তৰফৰ পৰা ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ জীৱন আৰু সাম্প্ৰতিক শিক্ষা ব্যবস্থাৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে।