দৰং জিলাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

দৰং জিলাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এক অনুষ্ঠানত কালি জিলাখনৰ ‘চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা,২০২৪’ প্ৰকাশ কৰা হয়। বিভিন্ন ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ উপস্থিতিত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰাৰ পিছত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটেয়ে সাংবাদিকক এই তালিকাখনত অন্তৰ্ভুক্ত মুঠ ভোটাৰৰ সংখ্যা, নতুন ভোটাৰৰ সংখ্যা, নাম কৰ্তন হোৱা মৃত ব্যক্তিৰ সংখ্যা আদিৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলৰ আগত কয় যে এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি দৰং জিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ৬,৯৭,৯৫৮ গৰাকী । ইয়াৰে ৩,৫৩,৬৮৩ গৰাকী পুৰুষ, ৩,৪৪,২৬০ গৰাকী মহিলা আৰু ১৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,০৪,৭৪৯ গৰাকী । ইয়াৰে ১,০৪,১১৮ গৰাকী পুৰুষ, ১,০০,৬২৬ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ৫ গৰাকী ভোটাৰ আছে। ৫০ নং মঙলদৈ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫,৩৬৩ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯৮,২৪১ গৰাকী, মহিলা ভোটাৰ ৯৭,১২০ গৰাকী আৰু তৃতীয় লিংগৰ ২ গৰাকী ভোটাৰ আছে। ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৯৭,৮৪৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,৫১,৩২৪ গৰাকী, মহিলা ভোটাৰ ১,৪৬,৫১৪ গৰাকী আৰু তৃতীয় লিংগৰ ৮ গৰাকী। এই চূড়ান্ত ভোটাৰ তালিকাত ১২,৮৩৫ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে ।তদুপৰি, তিনিওটা সমষ্টিত নাম কৰ্তন হোৱা মৃত ব্যক্তিৰ সংখ্যা হৈছে ২৫,৭৯৪ গৰাকী আৰু নাম শুধৰণি আৰু নাম স্থানান্তৰ কৰা ভোটাৰৰ সংখ্যা হৈছে ৮৮০০ গৰাকী। এই ভোটাৰ তালিকা প্ৰকাশ অনুষ্ঠানত দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত নৱদ্বীপ চাংমাই, নিৰ্বাচনী বিষয়া দেবাশীষ বৰঠাকুৰৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।