দ্বিভাষিক মাজুলীত কবিতা আলোচনীৰ উদ্যোগত অসম ভাওনা সমাৰোহ-২০২৪ ত “ভাওনাত কবিতাৰ হৰিবোল ধ্বনি’ শীৰ্ষক কবি সন্মিলন সম্পন্ন

দ্বিভাষিক মাজুলীত কবিতা আলোচনীৰ উদ্যোগত অসম ভাওনা সমাৰোহ-২০২৪ ত “ভাওনাত কবিতাৰ হৰিবোল ধ্বনি’ শীৰ্ষক কবি সন্মিলন সম্পন্ন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা– মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰঙ্গক্ষেত্ৰত যোৱা ১৮ জানুৱাৰীৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা  অসম ভাওনা সমাৰোহ-২০২৪ -ত  অসমৰ দীৰ্ঘ সময়ৰ দ্বিভাষিক আলোচনী মাজুলীত কবিতাৰ উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট সাংবাদিক , সাহিত্যিক বৰী ভূঞাই সঞ্চালনা কৰা কবি সন্মিলনখনিৰ শুভ উদ্বোধন কৰে বিশিষ্ট কবি, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই। সন্মিলনখনিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে  আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীয়ে। মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়া, গুৱাহটীৰ পৰা অহা বিশিষ্ট কবি বন্দনা বৰঠাকুৰ, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, বিশিষ্ট কবি ৰেখা মুদৈ, পম্পী হাজৰিকা, মৃণালী দেৱী, অমিয়া দেৱী বৰঠাকুৰ, সুৰ শইকীয়া হাজৰিকা, কৃষ্ণা মেধি, যতীন মুদৈ, জয়ন্ত শইকীয়া, নীলকান্ত পেগু, ৰশ্মি বৰা, ধীৰেন বৰা প্ৰভৃতি কবিসকলে কবিতা পাঠ কৰে। সভাখনত মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ আনন্দ হাজৰিকাই নিজৰ কাব্যিক অনুভৱ প্ৰকাশ কৰে। সভাখনিত অসম ভাওনা সমাৰোহ-২০২৪ ৰ মুখ্য সম্পাদক তুলসী ৰাজখোৱা, মহেশ্বৰ বৰা, নিলোৎপল হাজৰিকা, জয়ন্ত শইকীয়া, সত্ৰৰ প্ৰধান পুৰোহিত ৰূদ্ৰকান্ত শৰ্মা, সত্ৰৰ বিশিষ্ট বৈষ্ণৱসকল আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই সভাতে বিশিষ্ট কবি-সাহিত্যিক সুৰ শইকীয়া হাজৰিকাৰ উপন্যাস ‘বাপুকন’ উন্মোচন কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। ইয়াৰ পিছতে আউনীআটী সত্ৰৰ বৈষ্ণৱ মাধুৰ্য্য শৰ্মা আৰু সঙ্গীসকলে যোগাসন প্ৰদৰ্শন কৰি সভাসদসকলৰ লগতে ভাওনা প্ৰেমী দৰ্শকসকলৰ ভূয়সী প্ৰশংসা লাভ কৰে। অনুষ্ঠানটি আঁত ধৰে মাজুলীত কবিতা আলোচনীৰ প্ৰতিষ্ঠা কালৰ সম্পাদক জয়ন্ত হাজৰিকাই।