দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিবলৈ ২ দিনীয়া ইজিপ্ত ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে 

Pc eastmojo

দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিবলৈ ২ দিনীয়া ইজিপ্ত ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে 

ৰঙিলী বাৰ্ত্তাসেৱা- ইজিপ্তৰ বৈদেশিক মন্ত্ৰী ছামেহ হাছান শ্বৌক্ৰীৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ শনিবাৰে ইজিপ্ত ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। কেন্দ্ৰই কয় যে এই ভ্ৰমণৰ সময়ছোৱাত দ্বিপাক্ষিক বাণিজ্য, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ অন্যতম কেন্দ্ৰীয় বিষয় হ’ব। ইজিপ্তস্থিত ভাৰতীয়ৰ সৈতেও মত বিনিময় কৰিব জয়শংকৰে।