দোতাৰা সাংস্কৃতিক সমাজৰ ‘ৰবীন্দ্ৰনাথ আৰু উত্তৰ পূৰ্ব’ অনুষ্ঠান

দোতাৰা সাংস্কৃতিক সমাজৰ ‘ৰবীন্দ্ৰনাথ আৰু উত্তৰ পূৰ্ব’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু দোতাৰা সাংস্কৃতিক সমাজৰ উদ্যোগত শনিবাৰে ৰবীন্দ্র ভৱন প্ৰেক্ষাগৃহত ‘ৰবীন্দ্রনাথ আৰু উত্তৰ-পূর্ব’ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অমলেন্দু চক্রৱর্তী,সম্মানীয় অতিথি হিচাপে সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক ড° দেৱজিৎ খনিকৰ, বিশিষ্ট অতিথি হিচাপে পুলক বেনাৰ্জী, জনপ্ৰিয় অভিনেতা প্রাঞ্জল শইকীয়া,প্ৰাক্তন প্ৰশাসনীয় বিষয়া মাধুৰিমা বৰুৱা সেন, মধুৰকঙ্কনা ৰয় আৰু ড° মল্লিকা কন্দলি উপস্থিত থাকে৷ অনুষ্ঠানত বিশিষ্ট সংস্কৃত ভাষাবিদ, অনুবাদক, গীতিকাৰ-সুৰকাৰ  ৰঞ্জন কুমাৰ বেজবৰুৱাক সম্বৰ্ধনা জনোৱা হয়। ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ’ শীর্ষক এটি মনোগ্রাহী বক্তৃতা প্রদান কৰে উপাচার্য ড° অমলেন্দু চক্রৱর্তীয়ে৷ উত্তৰ-পূর্বৰ বাৰেৰহনীয়া লোকসংস্কৃতিৰ সৈতে ৰবীন্দ্রনাথ ঠাকুৰৰ সঙ্গীতৰ এটি সমন্বয়ৰ প্রয়াসেৰে অনুষ্ঠিত হ’ল নৃত্য-গীতি-আলেখ্য ‘আমাৰ ৰবীন্দ্রনাথ’৷ অনুষ্ঠানত নৃত্য আৰু সঙ্গীত প্রতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। শলাগৰ শৰাই আগবঢ়াই সংস্থাৰ সাধাৰণ সম্পাদক পার্বতী ভট্টাচার্যই।