দেশ পৰাধীন আছিল বাবে গান্ধীৰ দৰে ব্যক্তিত্বৰ নিৰ্মাণ হ’ল – চন্দ্ৰ শেখৰ পৰাজুলী

PC Britannica
দেশ পৰাধীন আছিল বাবে গান্ধীৰ দৰে ব্যক্তিত্বৰ নিৰ্মাণ হ’ল
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
সাধাৰণতে আমি চৌদিশে দেখিবলৈ পাওঁ যে কেঁচা অৱস্থাত থকা খোৱা বস্তুতকৈ যেতিয়া তাক গৰম খোৱা তেলত ভাঁজি দি পৰিবেশন কৰা যায় তেতিয়া তাৰ মূল্যৰ লগতে খাদ্য হিচাপে গ্ৰহণ কৰিবলৈওঁ বহুত সোৱাদ জনক হৈ পৰে। অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱে যে, খোৱা বস্তুবোৰ তপত তেলত ভাঁজি দিয়াৰ লগে লগে বস্তুটোৰ অস্তিত্ব একেই থাকিলেওঁ তাৰ মূল্য আৰু সোৱাদৰ মাজত বহু অন্তৰ আহি পৰে। এতিয়া এটা কথা মন কৰিব আপোনালোকে দেশ পৰাধীন আছিল বাবে গান্ধীৰ দৰে ব্যক্তিত্বৰ নিৰ্মাণ হ’ল। অৰ্থাৎ বৰ্তমান সময়ত অন্যান্য বহু মহাপুৰুষ, বিদ্বান লোকসকলৰ জন্ম হ’ব পাৰে কিন্তু জাতিৰ পিতাৰ দৰে আৰু দ্বিতীয়বাৰে মহাত্মা গান্ধীৰ দৰে ব্যক্তিত্বৰ ব্যক্তি জন্ম গ্ৰহণ কৰিব নোৱাৰে। আচলতে সঁচা অৰ্থত কবলৈ গ’লে মহাত্মা গান্ধী সেই সময়ত কোনো এলা পেচা পৰিয়ালৰ ব্যক্তি নাছিল। গান্ধীয়ে সেই সময়তে ইংলেণ্ডত গৈ উকালতি পঢ়িছিল। কিন্তু যেতিয়া তেওঁ উকালতি পঢ়ি আহি নিজ দেশতে আমি এতিয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰে ভয়াবহ, ঘৃণনীয়, লজ্জাজনক, অসহনীয়, আৰু দুখজনক পৰিস্থিতিৰ নিজে সন্মুখীন কৰিবলগীয়া হৈছিল ঠিক তেতিয়াৰ পৰা মোহন দাস কৰমচাঁদ গান্ধী লাহে লাহে কৰি মহাত্মা গান্ধী আৰু শেষত জাতিৰ পিতালৈ ৰূপান্তৰিত হ’ল। মহাত্মা গান্ধী  এজন ভাল আৰু উচ্চ পৰিয়ালৰ ব্যক্তি হোৱা সত্বেও নিজৰ সমস্ত সা-সুবিধাজনক জীৱনক পৰিহাৰ কৰি এটা ধুতি, চাদৰ লৈ গোটেই ৰাষ্ট্ৰৰ‌ বাবে স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। গতিকে জীৱনত কিবা এটা পাবলৈ হ’লে কিবা ডাঙৰ কাম কৰি যাবলৈ হ’লে প্ৰথমতে নিজৰ সুবিধাজনক পৰিস্থিতিৰ পৰা বাহিৰ ওলাই কেৱল নিজৰ বাবে নহয় সমস্ত মানৱ জাতিক কল্যাণৰ সাপেক্ষে কৰ্ম কৰি যাওঁক। মই পোনপ্ৰথমে উল্লেখ কৰিছিলোঁ যে, কিছুমান খোৱা খাদ্যবস্তু কেঁচাতে খাবলৈ যিমান সোৱাদযুক্ত হয় সেই বস্তুটো গৰম তেলত ভাঁজি খোৱাত আৰু অত্যধিক ৰূপত সোৱাদ জনক হৈ পৰে। অৰ্থাৎ আমি হয়তো এতিয়া বহুতেই একেবাৰে কেঁচা অৱস্থাতে আছোঁ গতিকে আমাক আৰু অধিক আগুৱাই যাবলৈ হ’লে বহুতো ভাঙি, চিঙি, কাটি দিয়াৰ উপৰিও গৰম গৰম তেলেৰে ভাঁজি উঠিবলৈ নিজকে সেইমতে প্ৰস্তুত কৰি লওঁক। আৰু এনে কাৰ্য সম্পাদন হ’বলৈ হ’লে নিজে নিজে নিজৰ সুবিধাজনক স্থিতি সমূহ পৰিত্যাগ কৰি সংঘৰ্ষ দায়ক সংগ্ৰাম মূলক দিশত প্ৰথম অবস্থাত যাত্ৰা আজিয়ে আৰম্ভ কৰি দিয়া উচিত হ’ব। ইয়াৰ ফলত এসময়ত গৈ আপুনি বা মই আমাৰ জীৱনৰ পৰা উচিত বা উপযুক্ত মৰ্যদা উভতাই পাবলৈ সক্ষম হ’ম। কি ঠিক অহা দিনবোৰত আপোনাৰ কৰ্ম অনুসৰি জাতিৰ পিতা হোৱাৰ  পৰিবৰ্তে বিশ্ব গুৰ ৰূপত তৈয়াৰ হৈ যাব পাৰে।