দেশৰ প্ৰতিটো বুথ, প্ৰতিটো পৃষ্ঠাতেই বিজেপি

Pc- facebook

দেশৰ প্ৰতিটো বুথ, প্ৰতিটো পৃষ্ঠাতেই বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্ৰতিটো বুথত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন শক্তিশালী কৰাৰ বাবে অনুষ্ঠিত হােৱা দলৰ ৰাষ্ট্ৰীয় কার্যনির্বাহকৰ ভাচুৱেল বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়। দলৰ সভাপতি জে পি নাড্ডাই ৰাজনৈতিক প্রস্তাৱৰ জৰিয়তে বৈঠকত বুথ সংগঠনৰ বিষয়টো উত্থাপন কৰিছিল। বৈঠকে ৰাজনৈতিক প্রস্তাৱৰ ওপৰত চৰ্চা কৰি বুথৰ জৰিয়তে সমাজৰ সৰ্বস্তৰত সংগঠন শক্তিশালী কৰাৰ বিষয়ে  সিদ্ধান্ত গ্রহণ কৰে। বুথ সমিতিৰ জৰিয়তে পৃষ্ঠাপ্রমুখ সকলক শক্তিশালী কৰা আৰু প্ৰতিটো বুথত ‘মন কী বাত’ আয়ােজন কৰি সমাজৰ সৰ্বস্তৰৰ লােকৰ অংশীদাৰ নিশ্চিত কৰাৰ জৰিয়তে সংগঠন শক্তিশালী কৰাৰ বাবে আজি ভাচুৱেল বৈঠকে দলৰ প্ৰতিখন কার্যকর্তালৈ আহ্বান জনায়। উল্লেখযােগ্য যে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাগত থকা ভাৰতীয় জনতা পার্টিৰ মুখ্য কার্যালয়ৰ পৰা দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ভাচুৱেল বৈঠকত অংশগ্রহণ কৰে। ঠিক একেদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা,অসম প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা,উত্তৰ পূবৰ ক্ষেত্রীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােৱাল, প্রাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা আৰু সাংসদ তপন কুমাৰ গগৈ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত থাকি ভাচুৱেল বৈঠকৰ অংশীদাৰ হয়।বিজেপিৰ ৰাষ্ট্ৰীয় কার্যকাৰিনীৰ ভাচুৱেল বৈঠকত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ৰাজনৈতিক বিষয়ে বিশেষ স্থান লাভ কৰা দেখা যায়। বড়াে শান্তি চুক্তি আৰু ৰিয়াং চুক্তিৰ কথা বিশেষভাৱে আলােচনা হােৱা বুলি জনা গৈছে। এই বৈঠকত অনাগত সময়ত হ’বলগীয়া উত্তৰ প্রদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গােৱা আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ বিষয়েও বিস্তৃতভাৱে আলােচনা হয়। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপয়েী’ ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ভাচুৱেল বৈঠকৰ কথা উল্লেখ কৰি কোৱা হয় যে অহা ছমাহৰ ভিতৰত দেশৰ প্রতিটো বুথতে বিজেপি দলে বুথ কমিটী গঠন কৰা প্রক্রিয়া সম্পূর্ণ কৰিব। বর্তমান দলৰ আঠ লাখ বুথ সমিতি থকাৰ কথাও বিবৃতিত উল্লেখ কৰা হয়। উল্লেখযােগ্য যে ভাচুৱেল বৈঠক সমাপ্ত হােৱাৰ পাছতেই বাজেপীয় ভৱনত দলৰ আন দুখনকৈ সাংগঠনিক সভা অনুষ্ঠিত হয়। দলৰ চল্লিশখন সাংগঠনিক জিলাৰ কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ সৈতে ৰাজ্যিক নেতৃত্বই বিভিন্ন দিশ সামৰি আলােচনা কৰে। বিয়লি পাঁচ বজাৰ পৰা ৰাজ্যিক কার্যালয়ত সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত ৰাজ্যিক বিষয়ববীয়াৰ বৈঠক অনুষ্ঠিত হয়।