দেশৰ ক্ষমতাশালী ব্যক্তিৰ তালিকাত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ শীৰ্ষ ১০০ ক্ষমতাশালী ব্যক্তিৰ তালিকাত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্থান লাভ কৰিছে । ইণ্ডিয়ান এক্সপ্রেছে শেহতীয়াকৈ প্ৰকাশ কৰা ১০০জনীয়া তালিকাত ৩১সংখ্যক স্থানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থান লাভ কৰাৰ বিপৰীতে ৫৫সংখ্যক স্থানত আছে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল। উল্লেখ্য যে ইণ্ডিয়ান এক্সপ্রেছে প্রতিবছৰে দেশৰ ১০০ ক্ষমতাশালী ব্যক্তিৰ তালিকা প্রকাশ কৰি আহিছে। শেহতীয়াকৈ প্ৰকাশ কৰা এই তালিকাত শীর্ষস্থানত আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। আনহাতে, দ্বিতীয় স্থানত আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। এইবাৰ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে তালিকাত অৱনমিত হৈ ১৮ স্থানৰ পৰা ৫২সংখ্যক স্থান লাভ কৰিছে। আনহাতে, এঢাপ আগুৱাই বিৰোধী দলপতি তথা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে নৱম স্থান লাভ কৰিছে। ইণ্ডিয়ান এক্সপ্রেছে প্রকাশ কৰা তালিকাত তৃতীয় স্থানত আছে কেন্দ্রীয় মন্ত্রী এছ জয়শংকৰ, চতুর্থ স্থানত আছে আৰ এছ এছৰ সংঘ চালক মোহন ভাগৱত, পঞ্চম স্থানত আছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, সপ্তম স্থানত আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অষ্টম স্থানত আছে কেন্দ্রীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, নৱম স্থানত ৰাহুল গান্ধী থকাৰ বিপৰীতে দশম স্থান লাভ কৰিছে ৰিলায়েঞ্চৰ পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু একাদশ স্থানত আছে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি। ইফালে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নাভিছে ১৩ নম্বৰ স্থানত, অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী ১৪ নম্বৰ স্থানত আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি আছে ১৫ নম্বৰ স্থানত। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তালিকাত ৩১ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৩২নং স্থান লাভ কৰিছে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্ধেই ৫১ নম্বৰ স্থান লাভ কৰিছে। আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ১৮ নম্বৰ স্থান লাভ কৰিছে।