দেউতা তোক ভাল পাওঁ – মৃদুলা বৰুৱা

দেউতা তোক ভাল পাওঁ
মৃদুলা বৰুৱা, তেজপুৰ
দেউতা কুশলে আছ’তো ?
বহুদিন হ’ল তোক নেদেখা,
লʼৰালিৰ স্মৃতিবোৰে
আজি বৰকৈ আমনি কৰিছে,
তোৰ বোকোচাত উঠি
আকৌ এবাৰ ওমলাৰ হেঁপাহ জাগিছে।
মোৰ অকণমান অসুখতে
হাহাকাৰ কৰি উঠা তোৰ হিয়াখন
কত ৰাতি যে
উজাগৰে কটাইছিলি তই,
খোজত খোজ দি পাৰ কৰাইছিলি
কতটা দেওলগা ঘাট,
মোৰ চকুৰে সপোন দেখিছিলি
যাৰ বাবে তোৰ
শেলুৱৈ গজা পিঠিত
উফৰি পৰিছিল তপত ৰʼদ।
দেউতা তই যে মোৰ
দিঠকৰ সঁচা ৰূপ,
তোৰ অদম্য সাহসৰ ৰেঙনিয়ে
বুকুত গুঁজি দিছিল
অজস্ৰ সপোনৰ কুঁহিপাত,
মোৰ বুকুত গজা
 প্ৰতিটো সপোনৰ ৰখীয়া জানো
তইয়েই নাছিলি।
আজিও বিচাৰোঁ
তোক মোৰ কাষত,
আনে ভবাৰ দৰে
তইটো নাভাব নʼ
বিয়া দি আজৰি হʼলো বুলি।
মই জানো তই মোৰ লগত আছʼ
প্রতিটো ধুমুহাৰ ৰাতি
মোৰ কপালত তোৰ অদৃশ্য স্পৰ্শই
সোঁৱৰাই তোৰ উপস্থিতি ,
সেয়ে কিজানি ধুমুহাত বিধ্বস্ত হৈও
মোৰ ওঁঠত লাগি ৰয়
জীৱনৰ জয় গান।
দেউতা তোক সুঁৱৰিবলৈ
মোক নেলাগে
কোনো দিৱস বা অনুষ্ঠান
কাৰণ তইয়ে মোৰ
পৃথিৱীৰ সকলোতকৈ প্ৰিয় ব্যক্তি,
তথাপিও মোৰ প্ৰিয় ব্যক্তি
কেতিয়াও কʼব নোৱাৰিম তোক
ভাল পাওঁ বুলি।