দেউতাৰ দুখন ভৰি আৰু মোৰ জীৱন – ফখৰুদ্দিন আহমেদ

rongilibarta

দেউতাৰ দুখন ভৰি আৰু মোৰ জীৱন

ফখৰুদ্দিন আহমেদ

সেই ভৰি দুখনি চিৰ দিনৰ কাৰনে হেৰাই গ’ল যি দুখন ভৰি আমাৰ জীৱন গঢ়াৰ কমাৰশালৰ প্ৰকৃত আৰু একমাত্ৰ হাতিয়াৰ আছিল। তেখেতে বাইক বা চাৰি চকীয়া বিলাসী বাহনটো দূৰৰ কথা চাইকেল চলাবই নাজানিছিল। খোজ কঢ়াৰ চখ তেখেতৰ জীৱনৰ মহান আদৰ্শ আছিল। আৰ্থিক ভাবে বহু জৰ্জৰিত পৰিয়ালত তেখেতৰ ইং ১৯৪২ চনত জন্ম হৈছিল। মাক জুৰুনা বিবি আৰু দেউতাক উজিৰ আলিয়ে মৰমতে নাম থৈছিল ফাইজুৰ।সম্পুৰ্ন নাম ফাইজুৰ ৰহমান। ৰহমান হ’ল ইছলাম ধৰ্মৰ মতে সৃষ্টিকৰ্তা আল্লাৰ ৯৯ টা নামৰ ভিতৰত এটি নাম। ফাইজুৰ ৰহমান শব্দ দুটি আৰবী ভাষাৰ আৰু ইয়াৰ অৰ্থ হৈছে সৃষ্টিকৰ্তাৰ গুণাগুন।

পৰিয়ালৰ আৰ্থিক অনাটনত নিজৰ পিতৃক সহায়ৰ হাত আগবঢ়াবলৈ সৰু কালতেই তেখেতে আনৰ ঘৰত গৰু , ম’হ পৰ্যন্ত চৰাইছিল। পঢ়াৰ বয়স পাৰ হৈ যোৱাত দেউতাই স্কুলত নপঢ়ি ধৰ্মীয় দিশত অধ্যয়ন কৰিবলৈ মন মেলিছিল। কাৰন আছিল বিংশ শতিকাৰ পঞ্চাশৰ দশকত অসমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলে মাহিলী মাছুল দিব লাগিছিল। দেউতাৰ পৰিয়ালে সেই মাছুল বহন কৰাৰ জোখাৰে স্বচ্ছল নাছিল। দেউতা হতাশ হোৱা নাছিল ।ধৰ্মীয় শিক্ষা আহৰনৰ বাবে প্ৰতিষ্ঠা কৰা মাদ্ৰাছাবোৰত নামভৰ্তিকে ধৰি আন মাছুলবোৰ মাফ আছিল কাৰনে দেউতাই মাদ্ৰাছাত অধ্যয়ন কৰি জীৱন গঢ়াৰ পণ লৈছিল। এই ক্ষেত্ৰত তেখেত এশ শতাংশই কৃতকাৰ্য হৈছিল। একান্ত ভাবে মনোনিবেশ কৰি অৰ্জন কৰা ইছলাম ধৰ্মীয় শিক্ষাৰ জৰিয়তে দেউতাই নিজৰ জীৱন কালত জীৱন নিৰ্বাহৰ পথ বিচাৰি পোৱাই নহয় , সৰ্ব দিশৰ এগৰাকী নীৰৱ জ্ঞান সাধক ৰূপে স্বীকৃতিও পাইছিল। মোৰ দেউতা সদায় প্ৰচাৰ বিমুখ আছিল। কৰ্মই আছিল তেখেতৰ জীৱনৰ একমাত্ৰ আৰু আন্তৰিক ব্ৰত।

ইছলাম ধৰ্মীয় পৰিভাষাত দেউতা এগৰাকী আলিম বা মৌলানা আছিল কিন্তু ধৰ্মীয় ভাবে গোড়ামী আৰু উগ্ৰ কট্টৰবাদীতাক কোনো দিনে কোনো কাৰনতে প্ৰশ্ৰয় দিয়া নাছিল।ইছলাম ধৰ্মৰ সৰ্বশেষ প্ৰচাৰক হজৰত মোহাম্মদ ছঃৰ জীৱনৰ প্ৰধান অলংকাৰ উদাৰতাবাদ আছিল দেউতাৰ পৰম অনুকৰনীয়। আমাৰ দেউতাৰ দুমুনীচকীৰ কামৰূপ জিলাৰ শৰাইঘাটা নামৰ গাঁওখনিত তৰা নাথ নামৰ এগৰাকী সখিয়েক আছিল। দেউতা তাৱৈৰ ঘৰলৈ আৰু তাৱৈ আমাৰ ঘৰলৈ প্ৰায়ে অহা-যোৱা কৰিছিল। দুয়োজনে যেতিয়া কথাবতৰাত মগ্ন আছিল আমি দেখিছিলো সেই মুহূৰ্তবোৰত দুয়োৰে দূয়োৰ প্ৰতি থকা আন্তৰিক সম্পৰ্কৰ নিভাজ বান্ধোন। দুই বছৰমান পূৰ্বে যেতিয়া মই দেউতাক তাৱৈৰ মৃত্যুৰ খবৰ দিছিলো তেতিয়া তেখেতে উছুপি কন্দা মুহূৰ্তটো মোৰ মানস পটত আজীৱন জীৱন্ত হৈ থাকিব। সানোৱা , ৰাজাপুখুৰী , মঠাঝাৰ , বৰামগোৰ , হাতীমুৰীয়া , সাতখলি হিন্দুপাৰা , খলিহৈ , কুৰুৱা , কিৰিঙবৰী আৰু টেকেলিয়াকুৰ গ্ৰান্ট আদি অঞ্চলৰ হিন্দু , খ্ৰীষ্টান , বড়ো, কছাৰী আৰু নেপালী মানুহৰ লগত দেউতাৰ তথা আমাৰ ঘৰখনৰ সম্পৰ্ক বহু দিনীয়া আৰু এৰাব নোৱাৰা। এই সমগ্ৰ অঞ্চলটিত সাম্প্ৰদায়িক সম্প্ৰীতি বিৰাজ কৰি ৰখাত অঞ্চলবাসীৰ লগত দেউতাৰ অবদান লেখত ল’বলগা।

আমাৰ চাৰি গৰাকী ভাই ককাই আৰু দুজনী ভনী বহুত উচ্চ শিক্ষিত নহ’লেও যুগৰ চাহিদা অনুযায়ী দেউতাই আমাক শিক্ষা দিছে। দেউতাৰ স্কুলীয়া আনুষ্ঠানিক শিক্ষা নহ’লেও কিন্তু ব্যক্তিগত প্ৰচেষ্টাৰে আহৰন কৰা ইংৰাজী বিষয়ত অগাধ পাণ্ডিত্য নাথাকিলেও বাস্তব জীৱনৰ প্ৰয়োজন পু্ৰন কৰিব পৰাকৈ দখল আছিল।

সাংসাৰিক সংগ্ৰাম , শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ মূলতে তেখেতৰ শৰীৰত প্ৰবাহিত হৈ থকা বিশ্ব বিশ্ৰুত ইছলামিক পণ্ডিত , অসমৰ একমাত্ৰ আৰবী মহাবিদ্যালয় ৰঙীয়া আৰবী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশ্বৰ আগশাৰীৰ তথা ঈজিপ্তৰ ৰাজধানী কাইৰো চহৰত প্ৰতিষ্ঠিত আল্ বিশ্ব বিদ্যালয়ৰ উচ্চ অৰ্হতা প্ৰাপ্ত আৰু দৰং জিলাৰ সানোৱাৰেই সুসন্তান শিক্ষাবিদ মৌলানা ইছলামুদ্দিন আছিল দেউতাৰ নিজৰ মোমায়েক।

সানোৱাত ইং ১৯৬৮ চনত ৰাইজে প্ৰতিষ্ঠা কৰা মাদ্ৰাছা ঈশ্বা আতুল সানোৱা ইং ১৯৭২ চনলৈ অৰ্ধ শিক্ষিত শিক্ষকৰ দ্বাৰা শিক্ষাদান কাৰ্য সম্পন্ন কৰা হৈ আহিছিল। ইং ১৯৭২ চনত মৌলানা ইছলামুদ্দিন চাহেবৰ পৰামৰ্শ মতে দেউতাক পূৰ্ন অৰ্হতা প্ৰাপ্ত পূৰ্ন পৰ্যায়ৰ শিক্ষক হিচাপে মাদ্ৰাছা পৰিচালনা কমিটিয়ে নিযুক্তি প্ৰদান কৰিছিল। সুদীৰ্ঘ ৪৩ বছৰকাল শিক্ষাদান কৰাৰ পিছত ইং ২০১৫ চনৰ ৩১ আগষ্ট তাৰিখে দেউতাই স্বেচ্ছাই অবসৰ গ্ৰহন কৰে।মাদ্ৰাছাত শিক্ষকতা কৰা কালত গধুলিৰ পৰা প্ৰায়ে দুই আঢ়ৈ ঘন্টা অধ্যয়ন কৰাটো আছিল দেউতাৰ অন্যতম কাৰ্যসুচী। সমগ্ৰ জীৱন কালত তেখেতে কোনো গ্ৰাম্য ৰাজনীতি তথা দুকুৰি তিনি বছৰীয়া শিক্ষকতাৰ কালত মাদ্ৰাছাৰ কোনো আভ্যন্তৰীন বিতৰ্কত অন্তৰ্ভূক্ত নোহোৱাকৈ থাকিব পৰাটো তেখেতৰ জীৱনৰ মাইলৰ খুটী হৈ ৰ’ব।

কাছাৰ জিলাৰ দাৰুল উলুম বাঁছকান্দি মাদ্ৰাছাত অধ্যয়ন ৰত অবস্থাত মাদ্ৰাছাখনিৰ প্ৰধান , উত্তৰ পুৰ্বাঞ্চলৰ আমিৰে শ্বৰিয়ত হজৰত আহমদ আলিৰ প্ৰিয় ভাজন ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিবলৈ সমৰ্থ হৈছিল।

জীৱনত দেউতাই বহুত সমস্যাৰেই সমূখীন হৈছিল। সেই সকলোবোৰ হাঁহি হাঁহি , ধৈৰ্য আৰু ত্যাগৰ মনোভাবেৰে গ্ৰহন কৰিছিল। জীৱনত কিবা হেৰুওৱা মানেই যে পৰাজিত হোৱা সেই মতৰ সদায় দেউতা বিৰোধী আছিল। এনে অলেখ ঘটনা দেউতাৰ জীৱনত ঘটিছিল। মোক তথা মোৰ ভাই ভনী পাঁছ গৰাকীক সৰু কালিতেই ইছলাম ধৰ্মৰ বুনিয়াদী শিক্ষা প্ৰদান কৰিছিল আৰু পিছলৈ আধুনিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰথম সন্তান হোৱাৰ পিছতো মোক দেউতাই ইং ১৯৮৮ চনত সানোৱা হাই মাদ্ৰাছাৰ পৰা অসম হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মাদ্ৰাছাত ধৰ্মীয় শিক্ষাত নামভৰ্তি নকৰি ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি দিছিল। আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত দেউতাক নিজৰ এগৰাকী সন্তানক ধৰ্মীয় শিক্ষাত নামভৰ্তি নকৰাৰ অজুহাতত ইং ১৯৯৪ চনত দেউতাই শিক্ষকতা কৰি থকা মাদ্ৰাছা ঈশ্বা আতুল উলুম সানোৱাৰ পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ গৃহীত প্ৰস্তাব দেউতালৈ প্ৰেৰন কৰি ” আপোনাৰ ঘৰত পৰ্দাৰ অভাব কাৰন আপোনাৰ ছোৱালী কলেজত পঢ়ে” বুলি উল্লেখ কৰিছিল আৰু পৰৱৰ্তী প্ৰায় ১৫ মাহৰ দৰ্মহা দিয়া নহ’ব বুলি দেউতাক মাদ্ৰাছাৰ মুহতামিম (প্ৰধান সম্পাদক) শ্বেইখ মৌলানা ইয়াকোব আলিয়ে মৌখিক ভাবে জনাই দিছিল। নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পিছতো দেউতাই সহজ ভাবে তেখেতক উত্তৰ দিছিল যে তেখেতে টকাৰ কাৰনে মাদ্ৰাছাত পঢ়াই থকা নাই ।মাত্ৰ বাঁছকান্দি মাদ্ৰাছাৰ হজৰত আহমদ আলি হুজুৰৰ আদেশ হে পালন কৰি আছে। এয়াই আছিল তেখেতৰ নিজৰ গুৰুৰ প্ৰতি থকা অবিচল ভক্তি।

দেউতাই ওৰেটি জীৱন খোজ কাঢ়ি ফুৰিছিল। যিহেতু তেখেতে চাইকেল চলাব নোৱাৰিছিল। পৰিয়াল পোহপাল সম্পৰ্কত দেউতাই বহুত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰ কৰিছিল।এই সকলোবোৰত ভৰি দুখনেই আছিল তেখেতৰ বাবে মূলধন। মোৰ আৰু মোৰ ভাই ভনী কেইগৰাকীৰ দেউতাৰ ভৰি দুখনৰ মূল্য সোনৰ পাহাৰতকৈ বেছি মূল্যবান আছিল।লগতে মোৰ সকলো প্ৰকাৰ সাফল্যত তেখেতৰ ভৰি দুখনৰ অৰিহনা মোৰ প্ৰানতকৈয়ো হাজাৰ গুন ওপৰত। মাদ্ৰাছাত তেখেতৰ পাৰিশ্ৰমিক অতি কম আছিল বাবে ঘৰুৱা আৰ্থিক অনাটনৰ জোৰা মাৰিবলৈ মই মাজতে দুবছৰমান সৰিয়হৰ ব্যবসায়টো হাত দিছিলো। অৱশ্যে তেনে সময়ত মই অসমীয়া বিষয়ৰ সাহিত্য আৰু ভাষাত দুবাৰকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. পাছ কৰিছিলো।এই শিক্ষা অছিল দেউতাৰ। কোনো কাম ডাঙৰ বা সৰু নহয়। মাত্ৰ উপাৰ্জন সৎ ভাবে হ’ব লাগে। এয়া আছিল দেউতাৰ জীৱনৰ মূলমন্ত্ৰ ।

চলিত ২০২১ চনৰ চলিত অক্টোবৰ মাহৰ ৯ তাৰিখ শনিবাৰে ৰাতিপুৱা হোৱা মৃত্যুত তেখেতৰ ভৰি দুখন চিৰ দিনৰ কাৰনে স্তব্ধ হৈ গ’ল।মোৰ কাৰনে দেউতাই এৰি থৈ পৰিশ্ৰম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন।

দেউতাৰ ভৰি দুখন মোৰ কাৰনে জীৱন আৰু মোৰ কৰ্ম ক্ষেত্ৰৰ বাবে মহৌষধ। দেউতাক সৃষ্টিকৰ্তা আল্লাহ পাকে জান্নাতুক ফিৰদৌছত উত্তম স্থান দান কৰক।