দেউতাই দিয়া — পাৰ্থপ্ৰতীম শৰণীয়া

দেউতাই দিয়া

কোলাত তুলি দেউতাই দিয়া নাছিল
স্বাৰ্থাতুৰ হোৱাৰ বিদ‍্যা,
হয়তো তেওঁৰ বাবে
প্ৰেম ভালপোৱাৰে অচিনাকি হৃদয়ক
ৰঙীণ কৰাৰ ৰং
মোৰ অঙ্গে অঙ্গে বিস্তাৰ।

কোলাত তুলি দেউতাই দিয়া নাছিল
টকাৰ ঘটাৰ অযথা উপায়,
তেওঁ মেলি দিছে মাথোঁ
জীৱনৰ সাধাৰণ কুঁহিপাঠ
মই পঢ়ি যাওঁ এতিয়াও।

আজি মোৰ একৈশ বছৰ
অথচ দেউতাই সৰু হ’বলৈ কয়,
কিয়…!
আত্মসন্মানৰ কথা আছে।

তেওঁ কোলাত তুলি দিয়া নাছিল মোক
ঠগনৰ আমূল সূত্ৰ
বৰং শ্ৰমিকৰ পুত্ৰ বুলি
কঠোৰ কৰিব দিছিল দুহাতৰ মুঠি।

মোৰ ছাঁটো মোৰ বুলি নকও
ই দেউতাৰ অন‍্য এক ৰূপ
মোৰ সাহস মোৰ সংগ্ৰাম
মোৰ সফলতা আৰু সন্মান সমস্ত।

তেওঁ স্বপ্ন গাঁথি দিয়ে দুচকুত
বৰমানুহ হোৱাৰ নহয়,
সাধাৰণ জীৱনশৈলীত
কিছু মাদকতা বুটলি অনাৰ স্বপ্ন।

দেউতা দেউতাৰ দৰেই থাকিল
আৰু আগলৈয়ো….।

পাৰ্থপ্ৰতীম শৰণীয়া