দৃশ্যান্তৰ
— স্বপ্নম জ্যোতি কলিতা
গোলাঘাট
ভ্ৰাম্য : ৬০০১৬০৯৩৫৯
(১)
দুয়োৰে বয়স হৈছে । শিক্ষকতাৰ পৰা অৱসৰ লোৱাও বহু বছৰ হ’ল । দুয়ো ভিন্ন প্ৰান্তত থাকে । এজন চহৰত আৰু এজন গাঁৱত । চহৰৰ ধামধুমীয়া পৰিৱেশৰ মাজত কোনো আলৈ-আহুকাল নোহোৱাকৈ বাস কৰিবলৈ আনুষাঙ্গিক যিবিলাক সা-সুবিধাৰ প্ৰয়োজন সকলো আছে । মনগলেই যাব পৰাকৈ গাড়ী আছে , যোগাযোগ কৰিবলৈ মোবাইল ফোন আছে । গাঁৱৰ কথাটোতো নকলেও হ’ব সকলোৱে জানেই গাঁৱত যদি এজন শিক্ষক থাকে , তেওঁক সকলোৱে সন্মান আৰু সমীহ কৰিবই , কবলৈ গ’লে গাঁও খনৰ ভিতৰত তেওঁক অভিজাতৰ শাৰীতেই ধৰিব পাৰি ।
অলক দুৱৰা আৰু নিৰ্মল চলিহা । একালত দুয়ো অন্তৰংগ বন্ধু আছিল , যদিও এতিয়া পৰস্পৰৰ মাজত কোনোধৰণৰ চিনা পৰিচয় নাই । ত্ৰিশ বছৰ একেখন বিদ্যালয়তে আঠ ঘণ্টা একেলগে কটায়ো , ছুটিৰ সময়ত সন্মুখৰ হোটেল খনত চাহ চিংৰাৰ জুটি লৈ ঘৰলৈ যোৱাটো দুয়োৰে অভ্যাস আছিল বুলি ক’লেও বৰ এটা ভুল কোৱা নহ’ব । ইমানৰ পিছতো যদি এতিয়া চিনা-জনা নাই বুলি কওঁ কোনেও বিশ্বাসত নোলোৱাটো স্বাভাৱিক ।
আশ্বৰ্যকৰ কাণ্ড । হঠাতে অলক দুৱৰাই নিৰ্মল চলিহাৰ ফোন নম্বৰটো কেনেবাকৈ যোগাৰ কৰিলে । কিন্তু ফোনটো লগায়ো কাটি থৈ দিলে । এইটোৱেই অলক দুৱৰাই নিৰ্মললৈ কৰা প্ৰথম আৰু শেষ ফোন ।
(২)
বন্ধু এজনৰ বন্ধুত্বই বন্ধুৰ মূল্য । বন্ধুত্বক জীয়াই ৰখাটো এটা কলা । বাৰ্ণাড মেল্টজাৰে কৈছিল — “প্ৰকৃত বন্ধু সেইজন যিজনে ভাৱে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে যে তুমি আংশিকভাৱে ভঙা” । দূৰে দূৰে থাকিলেও বন্ধুত্ব শেষ হৈ নাযায় । শ্ৰীকৃষ্ণ আৰু সুদামাৰ বন্ধুত্বৰ কথা আমি সকলোৱে জানো । শ্ৰীকৃষ্ণ আছিল দ্বাৰকাধিপতি অথচ সুদামা আছিল দাল-দৰিদ্ৰ ব্ৰাহ্মণ । এজন প্ৰকৃত বন্ধু আকাশত থকা নক্ষত্ৰৰ দৰে , সকলো সময়তে নেদেখিলেও আপুনি ভালদৰে জানে যে তেওঁ সদায় আপোনাৰ সতেই আছে ।
ৰাস্তাটোৰ সিটো মূৰলৈ তেওঁ যিমান দূৰ দেখা পায় চাই পঠিয়ালে । মাঘ-ফাগুন মহীয়া ধূলিয়ৰি বাট । গাড়ী এখন সোমালেই মানুহ এটা বুৰ যোৱাকৈ ধূলি উৰে । নাই ধূলিৰ কোনো চিন-চাব নাই । আজিকালি প্ৰায়ে তেওঁ আগফালৰ বাৰান্দাখনত বহি ৰাস্তাটোৰ ফালে দৃষ্টি নিবন্ধ কৰি ৰাখে । কেতিয়াবা
হাতত কিতাপ আলোচনী এখন তুলি লয় যদিও , নাই তাত মন বহুৱাব নোৱাৰে । পাঠকেইটা লুটিয়াই আকৌ সামৰি থয় । আচলতে তেওঁ কোন অহালৈ ইমান অধীৰ আগ্ৰহেৰে বাট চাই আছে । যদি কোনোবা তেওঁৰ ঘৰলৈ আহেও তেওঁৰ ঘৰতটো সোমাবই , ৰখি থাকিব লাগিছে কিয় ?
পুতেকলৈ বোৱাৰী এজনী অনাৰ পিছত , একমাত্ৰ ছোৱালীজনীকো এঘৰলৈ উলিয়াই দিয়াৰ পিছত নিৰ্মল চলিহা যিমান সুখত থাকিব লাগিছিল , নাই পৰা । কেতিয়াবা কৰবালৈ যাব লগা হ’লেও এটাই চিন্তা , মোক বিচাৰি কোনোবা আহিব নেকি ? ঘৰত সোমায়েই তেওঁৰ প্ৰথম প্ৰশ্ন —
“মোক বিচাৰি কোনোবা আহিছিল নেকি ?”
বোৱাৰীয়েক আৰু পৰিবাৰে যুক্তিপূৰ্ণ কথাই কয় ,
“কোন আহিব ? কʼৰ পৰা আহিব ?” সংগত প্ৰশ্ন ।
“হয়ো জী-জোঁৱাইৰ বাহিৰে কোন আহিব বা আহিবলৈনো আছে কোন ? কাৰ কি প্ৰয়োজন ?” আত্ম-সন্তুষ্টিৰ সহজ সৰল উত্তৰ ।
বন্ধুৰ কাৰণে বন্ধুত্বই সৰ্বোচ্চ মূল্য । “ঐ কেনে আছ” বুলি সাবতি ধৰা এই সামান্য শব্দকেইটাৰ মাজত লুকাই থাকে অপৰিসীম মৰম আৰু ভালপোৱাৰ উত্তাল তৰংগ ।
নিৰ্মল চলিহাই অৱসৰ লোৱাৰ আগতে চাইকেল খনকে লৈ অলকৰ ঘৰলৈ তিনিমাহ ছমাহৰ মূৰত কতবাৰ অহা-যোৱা কৰিছিল , আনকি দেওবাৰৰ দিনটোতো স্কুললৈ বুলিয়েই সাতপাক মান মাৰিছিল । তেতিয়াৰ সেইখন স্কুল এতিয়া নাই । প্ৰস্ৰাৱগাৰৰ ফালেতো যাবই নোৱাৰি জাৱৰৰ দʼম । অলকো কিন্তু নহাকৈ থকা নাছিল । চলিহাৰ বিয়াততো অলকেই সখি হিচাপে গৈছিল । তেতিয়াৰেপৰা এই সম্পৰ্ক পোনৰ পৰা বেকা হোৱা নাই । সভাই-সমিতিয়ে , উৎসৱে-পাৰ্বনে দুয়োজনে আত নধৰিলে নহয়েই । এতিয়া কৰ সেই বন্ধুত্ব কʼত ৰলগৈ ঠিকনা নাই । সেইবোৰ ভাৱিলেই গভীৰ শূণ্যতাই বূকুখন হেঁচি থৈ যায় নিৰ্মলৰ । গোটেই পৰিৱেশটোৱেই ধূসৰ , বিবৰ্ণ আৰু মলীন হৈ পৰে ।
হঠাত এদিন অলক দুৱৰাই নিৰ্মল চলিহাৰ ঘৰৰ ফালে প্ৰায়ে গৈ থকা পিয়নজনৰ হতুৱাই নিৰ্মলৰ ফোন নম্বৰটো যোগাৰ কৰি সন্ধিয়া চাহৰ পিয়লাটো সন্মুখত লৈ ফোনটো লগালে কিন্তু ৰিং কৰাৰ আগতে কাটি থৈ দিলে । কিয় জানো অলকৰ এনে ভাৱ হ’ল — নিৰ্মলৰ বা অচিনাকি নম্বৰটো পাই কেনে ভাৱ হ’ব , ফোনটো ধৰিব নে নধৰে ? কি বুলি আৰম্ভ কৰিম “মই অলক দুৱৰা তোৰ বন্ধু” নে “হেল্লো , মই অলক দুৱৰাই কৈছো” বুলি । এশ এবুৰি প্ৰশ্নই তেওঁৰ মনটো কুটুৰিব ধৰিলে । অৱশেষত তেওঁ থিৰাং কৰি পেলালে যে কালিলৈ তেওঁ চলিহাৰ ঘৰলৈ নিজেই যাব । লগেলগে ড্ৰাইভাৰ সুৰেশলৈ ফোন লগালে —
“হেল্লো , কালিলৈ তই ৰাতিপুৱা চাৰে দহমান বজাত আহিব পাৰিবিনে ? মোৰ এঠাইলৈ যাব লগা আছে । অত্যন্ত জৰুৰী”
সুৰেশে অপ্ৰস্তুত ভাৱে উত্তৰ দিলে —
“হঠাতে ! ছাৰ কʼলৈ ?”
“সেইবোৰ তই হেনেও গম পাবি কালিলৈ তই আহিবিনে নাহ সেইটো ক ….. ।”
“ঠিক আছে বাৰু” — সুৰেশে কʼলে ।
ফোনটো থৈ দুৱৰাৰ মনটো হাহাকাৰ কৰি উঠিল । তেওঁ থিৰে থাকিব নোৱাৰিলে , বিচনা খনতে বাগৰ দিলেগৈ পিছে তাতো নোৱাৰিলে । স্বয়ংক্ৰিয় ভাৱে উঠি কাপোৰযোৰ পিন্ধিবলৈ ল’লে । আকৌ সুৰেশলৈ ফোন লগালে —
“সুৰেশ , তই এতিয়াই আমাৰ ঘৰলৈ আহ” ।
সুৰেশ — “ছাৰ”
সুৰেশে উত্তৰ দিবলৈ নাপাওতেই দুৱৰা ফোনটো কাটি ব্যতিব্যস্ত হৈ পৰিল । কোঠাটোৰ ভিতৰত এনেদৰে কাপোৰ-কানি পিন্ধি ছটফটাই থকা দেখি দুৱৰাক পৰিবাৰে প্ৰশ্ন কৰিলে —
“হেৰি , কি হৈছে আপোনাৰ ? কʼলৈ যায় এতিয়া ?”
— “না , মোক প্ৰশ্ন নকৰিবা , চলিহাৰ ঘৰৰ পৰা আহোগৈ”
— “হঠাত , আজি এনেকৈ কিয় ?”
— “এতিয়া মোৰ ইমানবোৰ উত্তৰ দি থকাৰ সময় নাই” বুলি থোৰতে কৈ ওলায় গুচি যায় । সুৰেশেও গাড়ীখন গেৰেজৰ পৰা উলিয়াই সাজু কৰে ।
দুৱৰাই দিয়া দিহা মতে সুৰেশে চলিহাৰ ঘৰৰ জপনামুখত গাড়ী ৰখায়গৈ । কিন্তু এয়া কি একালৰ বন্ধু নিৰ্মল চলিহাৰ ঘৰত মৃতকৰ শ্ৰাদ্ধ । মনৰ ভিতৰতে ভাৱিবলৈ ধৰিলে — কোন ঢুকাল মইতো একো খবৰ পোৱা নাই ?
গাড়ীৰ পৰা নামি ভিতৰলৈ বুলি আগুৱাই যাওঁতে লাইটৰ পোহৰত জিলিকি থকা মালাদিয়া ফটোখন দেখি দুৱৰা শিলপৰা কপৌটোৰ দৰে হৈ পৰিল ।