দুৱাৰ মুকলি হ’ল – মীনাক্ষী ৰায় ডাকুৱা

দুৱাৰ মুকলি হ’ল 
(আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে)
মীনাক্ষী ৰায় ডাকুৱা,গোলকগঞ্জ, ধুবুৰী 
দক্ষিণ ভাৰতৰ বিশ্বপ্ৰসিদ্ধ শৱৰীমালা মন্দিৰ পশ্চিমঘাট পৰ্বতৰ পেৰিয়াৰ ব্যাঘ্ৰ প্ৰকল্পৰ ঘন অৰণ্যৰ মাজত অৱস্থিত । শৱৰীমালা মন্দিৰৰ অৱস্থান সমুদ্ৰতলৰ পৰা প্ৰায় ৪১৩৪ ফুট উচ্চতাত । কেৰালা ৰাজ্যৰ পতনমথিট্টা জিলাৰ পম্পা ক্ষেত্ৰৰ পেৰুনাদ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই শৱৰীমালা মন্দিৰ । এই মন্দিৰৰ আচল নাম শৱৰীমলয় । মন্দিৰটোক ওঠৰখন পাহাৰে আগুৰি আছে । এইকাৰণেই মন্দিৰৰ নাম শৱৰীমলয় বা শৱৰীমালা । শৱৰীমালা মন্দিৰৰ লগত ভগৱান পৰশুৰামৰ সমন্ধ আছে । কোৱা হয়, এই মন্দিৰৰ মূৰ্তি আৰু মন্দিৰৰ স্থাপনা পৰশুৰামৰ দ্বাৰাই হৈছিল । বৰ্তমানৰ মন্দিৰটো ৮০০ বছৰৰো বেছি পুৰণি । মন্দিৰটো দক্ষিণ ভাৰতীয় শৈলীত নিৰ্মিত । মন্দিৰৰ অধিষ্ঠাতা দেৱতা হ’ল ভগৱান আয়াপ্পান স্বামী । পুৰাণ অনুসৰি ভগৱান আয়াপ্পানৰ পিতা শিৱ আৰু মাতা মোহিনীৰূপী বিষ্ণু । শিৱ আৰু বিষ্ণুৰ পৰা সৃষ্ট হোৱা বাবে তেওঁ “হৰিহৰ পুত্ৰ” বা “হৰিহৰণ” নামেৰেও খ্যাত । তাৰোপৰি তেওঁক “মণিকন্দন” বা “মণিকান্তা” নামেৰেও মতা হয় । তামিল আৰু মালয়ালম ভক্তসকলৰ সুপ্ৰসিদ্ধ দেৱতা এই আয়াপ্পান স্বামী । সেয়ে মালয়ালম মাহৰ প্ৰথম ৫ দিন ভগৱানৰ সাধাৰণ পূজাৰ বাবে নিৰ্দ্ধাৰিত আছে । তাৰোপৰি মণ্ডল পূজা, মকৰ বিলক্কু বা মকৰ-সংক্ৰান্তি, মহাশিৱৰাত্ৰি আৰু মহাবিষুৱ সংক্ৰান্তি উপলক্ষে এই মন্দিৰত ভগৱান আয়াপ্পান স্বামীৰ বিশেষ পূজাৰ আয়োজন হৈ থাকে । মকৰ-সংক্ৰান্তিৰ ঘন-অন্ধকাৰ নিশা ইয়াৰ আকাশত এক অসাধাৰণ চমকপ্ৰদ জ্যোতি দেখা যায়, যাক “দেৱজ্যোতি” আখ্যা দিয়া হয় । সকলোৰে বিশ্বাস, স্বয়ং ভগৱান আয়াপ্পান স্বামী এই প্ৰকাশ ঘটাই ভক্তসকলক দৰ্শন আৰু আশীৰ্বাদ দিয়ে । সাধাৰণতে প্ৰতি বছৰ ১৪ জানুৱাৰী তাৰিখে এই দুৰ্লভ ঘটনা ঘটি থাকে । ভগৱান আয়াপ্পান শৈৱ আৰু বৈষ্ণৱ উভয় সম্প্ৰদায়ৰ আৰাধ্য দেৱতা । শৈৱ আৰু বৈষ্ণৱ সম্প্ৰদায়ৰ মাজত সদ্ভাৱৰ উদ্দেশ্যে বিকশিত হোৱা এই মন্দিৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ ভক্তৰ প্ৰৱেশত অনুমতি আছে । এই তীৰ্থত হৰিহৰ পুত্ৰক দৰ্শন কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰাই ভক্তসকল আহে । জন-সমাগমৰ হিচাবত মক্কা-মদিনাৰ পিছতেই পৃথিৱীৰ ভিতৰত শৱৰীমালা তীৰ্থৰ স্থান ।
যদিও শৱৰীমালা মন্দিৰ ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক তথাপিও ইয়াত এঘাৰ বছৰৰ পৰা পঞ্চাচ বছৰ বয়সৰ মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতা আছিল । অকল সেয়ে নহয়, যিসকল মহিলাৰ মন্দিৰত প্ৰৱেশৰ অনুমতি আছে তেওঁলোকেও নিজৰ বয়সৰ প্ৰমাণপত্ৰ দেখুৱাব লাগে । তেওঁলোকক পৰীক্ষা কৰিহে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হয় । ইয়াৰ কাৰণ হিচাবে কোৱা হয় যে ভগৱান আয়াপ্পান নৈষ্ঠিক ব্ৰহ্মচাৰী ৰূপে অভিষিক্ত । সেইকাৰণে মন্দিৰ প্ৰাঙ্গণত প্ৰজননত সক্ষম উক্ত বয়সৰ নাৰীৰ প্ৰৱেশ নিষেধ আছিল । মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা দাবী কৰা হয় যে ইয়াত প্ৰায় ১৫০০ বছৰ ধৰি এই নিষেধাজ্ঞা বলবৎ আছিল ।
এই পৰিপ্ৰেক্ষিতত প্ৰায় পোন্ধৰ বছৰ আগত ইণ্ডিয়ান ইয়ং ল’য়াৰ্চ এচোচিয়েচনে আদালতৰ ওচৰত এক জনহিতকৰ পিটিচনত শৱৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাসকলৰ প্ৰৱেশাধিকাৰ প্ৰাৰ্থনা কৰিছিল । অযৌক্তিক পৰম্পৰাৰ শৃংখল আৰু এক নিষ্ঠুৰ বৈষম্যৰ পৰা অৰ্দ্ধ-আকাশক মুক্ত কৰিছিল ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ২৮চেপ্টেম্বৰ ২০১৮ চনৰ এক ঐতিহাসিক ৰায়ৰ জৰিয়তে । এতিয়াও সমাজৰ উত্তৰণৰ পথটোক আৱৰি আছে যিবোৰ প্ৰতিবন্ধকতা, সেইবোৰৰ পৰা আকৌ এক বাধাক উঘালি পেলাইছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয় । এই দেশত স্বাধীনভাৱে ধৰ্মাচৰণৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰে আছে । অধিকাৰৰ সীমা নাগৰিক ভেদে সলনি হ’ব নোৱাৰে । এই কথাটো আকৌ এবাৰ স্পষ্ট হৈ গৈছিল চুপ্ৰীম কোৰ্টৰ ৰায়ত ।
পুৰণি প্ৰথাক বাতিল কৰি সকলো বয়সৰ মহিলাসকলৰ বাবে শৱৰীমালা মন্দিৰৰ দুৱাৰ মুকলি কৰি দিছিল সৰ্বোচ্চ ন্যায়ালয়ে । ভাৰতীয় সংবিধানৰ ২৫ নং ধাৰা অনুযায়ী ভাৰতৰ প্ৰতিজন নাগৰিকৰ নিজৰ ধৰ্মবিশ্বাস অনুসৰি ধৰ্ম পালন কৰাৰ অধিকাৰ আৰু স্বাধীনতা আছে । শৱৰীমালাৰ সকলোধৰণৰ ভক্তসকলৰো আছে । সেই অধিকাৰত বাধা দিয়াৰ অৰ্থ সংবিধানৰ অৱমাননা । উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কে ৰায়দানত মহিলাসকলৰ মৌলিক অধিকাৰ মতে তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিব তথা দেৱ-আৰাধনাত বঞ্চিত কৰিব নাযায় বুলি কয় । সেয়ে উচ্চতম ন্যায়ালয়ে শৱৰীমালা মন্দিৰত মহিলাসকলৰ প্ৰৱেশত থকা প্ৰতিবন্ধকতা আঁতৰাই দিলে । দেশৰ শীৰ্ষ আদালতৰ এই ঐতিহাসিক ৰায়ে শতাব্দী প্ৰাচীন পৰম্পৰাত আঘাত কৰিলে । মূল আপত্তিটো প্ৰকৃততে বিশ্বাসৰ মূলত কুঠাৰাঘাত । ধৰ্মীয় ভাৱাবেগত আঘাত । ফলত মহিলাসকলৰ বাবে মন্দিৰলৈ যোৱাৰ বাটটো বেছিকৈহে দুৰ্গম হৈ পৰিল । তেনেহ’লে মহিলাসকলৰ বাবে শৱৰীমালা মন্দিৰৰ পথ কোনোদিনে নুখুলিব নে ? দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় নথি-পত্ৰৰ মাজতেই সীমাৱদ্ধ হৈ থাকিব নে ? নাই, সীমাৱদ্ধ হৈ থকা নাই । প্ৰাণ সংশয়ৰ আশংকা থাকিলেও, ঘৰে-বাহিৰে বিৰোধৰ মুখত পৰিলেও কট্টৰপন্থীসকলৰ ৰঙা চকুক উপেক্ষা কৰি পঞ্চাচ বছৰ অনুৰ্ধ্ব নাৰী হিচাবে চৰকাৰী নিৰ্দেশত পুলিচৰ হস্তক্ষেপত শৱৰীমালা মন্দিৰত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিলে দুই নাৰী ভক্ত‌ই । এই দুই নাৰীৰ ভৰি মন্দিৰত খোজ পেলোৱাৰ লগে লগে ভাগি গ’ল কেইবা যুগ ধৰি চলি অহা প্ৰাচীন প্ৰথাও । প্ৰথা ভাঙিলে চৌচল্লিচ বছৰৰ চৰকাৰী কৰ্মচাৰী কনকদুৰ্গা আৰু বিয়াল্লিচ বছৰৰ কান্নুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বিন্দু আম্মিনী ।
চুপ্ৰীম কোৰ্টৰ নিৰ্দেশৰ পিছত কনকদুৰ্গা আৰু বিন্দুই নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ শৱৰীমালা মন্দিৰত প্ৰৱেশ কৰিবলৈ প্ৰথমবাৰ চেষ্টা কৰিছিল ২০১৮ চনৰ ডিচেম্বৰ মাহৰ শেষৰফালে । কিন্তু বিক্ষোভকাৰীসকলৰ বাধাৰ বাবে মন্দিৰ তোৰণৰ এক কিলোমিটাৰৰ দূৰত্বত উপস্থিত হৈও ঘূৰি আহিবলগীয়া হৈছিল তেওঁলোকে। পিছে দ্বিতীয়বাৰৰ প্ৰচেষ্টা সফল হ’ল । শৱৰীমালাৰ দেৱতাৰ দৰ্শনত প্ৰথমবাৰ ব্যৰ্থ হোৱাৰ পিছত কনকদুৰ্গা আৰু বিন্দুই দ্বিতীয়বাৰ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰাত চৰকাৰৰ তৰফৰপৰা সকলো ধৰণৰ সাহায্যত ২০১৯ চনৰ ১ জানুৱাৰীৰ মাজৰাতি অৰণ্যপথেৰে তেওঁলোকক মন্দিৰলৈ লৈ যোৱা হৈছিল । লগত আছিল বগা পোচাক পিন্ধা পুলিচ । পঞ্চধাতুৰে নিৰ্মিত সোণৰ পানীৰে মিনা কৰা মন্দিৰৰ ১৮ খলপা চিৰি বগাই নগৈ তেওঁলোকে মন্দিৰৰ ভি, আই, পি, গেটেৰে চিধাচিধি পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত মন্দিৰৰ ভিতৰলৈ সোমাই গৈছিল । আয়াপ্পান স্বামীৰ দৰ্শনৰ পিছত চৰকাৰী বাচত উঠি দ্ৰুত নামি আহিছিল পম্পাত । তাৰপিছত নিৰাপত্তা আৱেষ্টনীৰ মাজত পাতানামতিট্টা জিলাৰ চাৰ্কিট হাউচত । ঘূৰি আহি তেওঁলোকে জনাইছিল, মন্দিৰৰ ভিতৰত তেওঁলোকে যথেষ্ট সহযোগিতা পাইছিল । কেৱল সেয়ে নহয়, কোনেও কোনোধৰণৰ প্ৰতিবাদো কৰা নাছিল । মন্দিৰ দৰ্শনৰ পিছত মলপ্পুৰম জিলাত কনকদুৰ্গা আৰু কোঝিকোড়ত বিন্দুৰ ঘৰৰ বাহিৰত পুলিচ-পহৰা বহে । দেৱতাৰ মন্দিৰত কেৱল পুৰুষেই প্ৰৱেশ কৰিব পাৰিব, নাৰীয়ে কিয় নোৱাৰিব—এই লিঙ্গ বৈষম্যৰ বিষয়টো মানি ল’ব পৰা নাছিল দুই নাৰী কনকদুৰ্গা আৰু বিন্দু আম্মিনী । সেয়ে জীৱননাশৰ আশঙ্কাকো তুচ্ছ কৰিবলৈ কোনো দ্বিধাবোধ কৰা নাছিল তেওঁলোকে । সকলো অগ্ৰাহ্য কৰি, প্ৰাণভয় তুচ্ছ কৰি শৱৰীমালা মন্দিৰত প্ৰৱেশ কৰাৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিছিল কনকদুৰ্গা আৰু বিন্দু আম্মিনী ।
 আমাৰ দেশত যিসকলে ইতিহাস ৰচনা কৰিছে, তেওঁলোক নিজৰ ঘৰৰপৰাই বৰ বেছি বাধাৰ সন্মুখীন হৈছে । বিশেষকৈ সমাজ-সংস্কাৰকসকলৰ ক্ষেত্ৰত এয়া বেছিকৈ ঘটি থাকে । নিজৰ উত্তৰণৰ পথত নিজৰ সমাজেই বাধা হৈ থিয় হয় । সেয়ে শৱৰীমালা মন্দিৰত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা দুই নাৰী কনকদুৰ্গা আৰু বিন্দু আম্মিনী জীৱনৰ নিৰাপত্তা বিচাৰি সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছিল । প্ৰাণ বচাবলৈ তেওঁলোকে গোপন ঠাইত লুকাই থাকিবলগীয়াও হৈছিল । অন্ধসংস্কাৰত আচ্ছন্ন এখন সমাজক পোহৰ দেখুৱাব বিচৰা কনকদুৰ্গা নিজৰ পৰিবাৰৰ হাতৰ পৰাও ৰক্ষা পোৱা নাছিল । শৱৰীমালা মন্দিৰত প্ৰৱেশৰ ১৩ দিন পিছত ঘৰলৈ ঘূৰি আহি নিজৰ ঘৰতেই আক্ৰান্ত হ’বলগীয়া হৈছিল তেওঁ, আক্ৰান্ত হৈছিল নিজৰ পৰিজনৰ হাতত । ঘৰৰ বাহিৰত পুলিচ পহৰা থকা সত্বেও বিপত্তি এৰাব পৰা নাছিল কনকদুৰ্গা । ৰক্তাক্ত অৱস্থাত তেওঁক পেৰিনথলমন্নাৰ এখন হাসপাতালত ভৰ্তি কৰোৱা হৈছিল । হাসপাতালৰ পৰা ঘূৰি আহি কনকদুৰ্গাই দেখে, মাতৃ আৰু দুই সন্তানসহ স্বামী কৃষ্ণন উন্নি কোনোৱেই ঘৰত নাই । ঘৰ তলাবন্ধ । সন্তানৰ লগত দেখা কৰাৰ আশাত গাৰ্হস্থ্য হিংসাৰ অভিযোগত আদালতৰ দ্বাৰস্থ হয় তেওঁ । গ্ৰামীণ আদালতৰ নিৰ্দেশত আকৌ স্বামীৰ ঘৰলৈ ঘূৰি আহে কনকদুৰ্গা । কিন্তু তেওঁ অহাৰ আগতেই মাক আৰু দুই সন্তানক লৈ তেওঁৰ স্বামী ঘৰৰ পৰা ওলাই গৈ বেলেগে ঘৰ ভাৰা লৈ থাকিবলৈ লয় । কাৰণ কনকদুৰ্গাক দূৰৈত ৰখাৰ উদ্দেশ্যে তেওঁলোকে ঘৰ বিক্ৰী কৰিব নোৱাৰিব বুলি আদালতে নিৰ্দেশ দিছিল । সেয়ে হয়তো নিজেই ঘৰ এৰি দি কনকদুৰ্গাক শাস্তি দিছিল তেওঁৰ স্বামী । লিঙ্গ সাম্যৰ দাবীত ৬২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ “বনিতা মতিল” (নাৰী প্ৰাচীৰ)ৰ প্ৰতিবাদ সত্বেও কেৰালাৰ ভিতৰুৱা পুৰুষতান্ত্ৰিক ছৱিখন যে অকণমানো সলনি হোৱা নাই সেয়া কনকদুৰ্গাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাতেই সুস্পষ্ট । অৱশ্যে কনকদুৰ্গা যেতিয়া স্বামীৰ ঘৰৰপৰা বিতাড়িত, তেতিয়া বিন্দু আম্মিনীৰ কাষত আহি থিয় হৈছিল তেওঁৰ স্বামী হৰিহৰণ । কিন্তু পৰিবাৰৰ সমৰ্থন পালেও স্কুলত ভৰ্তি হোৱাৰ ক্ষেত্ৰত মাকৰ শৱৰীমালা মন্দিৰত প্ৰৱেশৰ মাচুল দিবলগীয়া হৈছিল বিন্দু আম্মিনীৰ এঘাৰ বছৰৰ জীয়াৰী ।
কনকদুৰ্গা আৰু বিন্দুৰ প্ৰৱেশৰ পিছত এঘণ্টাৰ বাবে মন্দিৰ বন্ধ কৰি দিয়া হৈছিল । যাগ-যজ্ঞ কৰি শুদ্ধিকৰণ কৰাৰ পিছতহে আয়াপ্পান স্বামী আকৌ দৰ্শন দিছিল । দেশজুৰি চলা এই বিতৰ্কৰ মাজতেই ৰায় পুনৰ্বিবেচনাৰ বাবে আকৌ সৰ্বোচ্চ আদালতত ৫৬টা আৰ্জি সহ ৬৫খন আবেদন জমা পৰিছিল । সেই মামলাৰ শুনানিতেই ২০১৯ চনৰ ৬ফেব্ৰুৱাৰীত সৰ্বোচ্চ আদালতৰ ৰায় মান্য কৰা হ’ব বুলিয়েই জনাই দিছিল শৱৰীমালা মন্দিৰ কৰ্তৃপক্ষ । অতদিনৰ ইমান বিক্ষোভ-আন্দোলনৰ পিছত শীৰ্ষ আদালতত ত্ৰিবাঙ্কোৰ দেৱোত্তৰ (কেৰালাত দেৱস্বম বুলি কয়) বোৰ্ডে জনাই দিলে যে, মন্দিৰৰ গৰ্ভগৃহত সকলো বয়সৰ মহিলাসকলক প্ৰৱেশ কৰিবলৈ দিয়াত তেওঁলোকৰ কোনো আপত্তি নাই । এই ৰায়ৰ পুনৰ্বিবেচনাৰ আৰ্জিয়ে স্পষ্ট কৰি দিছে, পুৰুষতন্ৰ‌ই পৰাজয় স্বীকাৰ কৰা নাই । তথাপিও ক’ব‌ই লাগিব, শৱৰীমালাৰ মন্দিৰৰ পথত কনকদুৰ্গা আৰু বিন্দু আম্মিনী—এই দুই নাৰী যে অৱশেষত খোজকাঢ়িব পাৰিছিল, সেয়াই ইতিহাস । দেশৰ সৰ্বোচ্চ আদালতৰ ৰায়দানৰ গৰ্ভত সেই ইতিহাসৰ জন্ম ।