দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

Pc Northeast Now

দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

ৰঙিলী বাৰ্ত্তাসেৱা-  এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ চাৰ্জচীট দাখিল কৰিলে চি বি আইয়ে । সাতমাহৰ অনুসন্ধান আৰু তদন্তৰ অন্তত ৫৯ পৃষ্ঠাজোৰা চাৰ্জচীট দাখিল কৰিলে চি বি আইয়ে ।হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ তদন্তকাৰী চি বি আই দলৰ। চি বি আইয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল।উল্লেখ্য যে অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ  ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰথমে কৰিছিল CID, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল চি বি আইক।