দুমুখীয়া বা মুখা পৰিধান কৰা ব্যক্তিৰ পৰা সাৱধান – চন্দ্ৰ শেখৰ পৰাজুলী

দুমুখীয়া বা মুখা পৰিধান কৰা ব্যক্তিৰ পৰা সাৱধান
আমাৰ প্ৰতিটো সমাজতে এনেধৰণৰ ব্যক্তি বিদ্যামান যি নিজৰ প্ৰকৃত চৰিত্ৰ সমাজৰ আগত গোপনীয় কৰি ৰাখে। আচলতে মই ইয়াত কিছুমান মানুহৰ বেয়া দিশ বা সমাজ এখনৰ বাবে ক্ষতি সাধন কৰা দিশবোৰে আলোকপাত কৰিবলৈ বিচাৰিছোঁ। চাওঁক যিবোৰ মানুহৰ স্বভাৱ বৰ খঙাল হয় আচলতে তেওঁলোক বেছিভাগে আন্তৰিক ৰূপে সিমানেই মৰমিয়াল হয়। আনহাতে অন্য কিছুমান মানুহ আন্তৰিক আৰু বাহ্যিক দুয়োটা ৰূপতে মৰমিয়াল থাকে। কিন্তু সচৰাচৰ আমাৰ সমাজত কিছুমান এনেধৰণৰ লোক থাকে যি কথায়ে প্ৰতি ৰহণ সানি কথা কয়। অৰ্থাৎ সহজ ভাষাত কবলৈ হ’লে তেলিয়া স্বভাৱৰ থাকে । এনেদৰে সকলোৰে আগত ৰহণ সানি কথা কোৱা ব্যক্তি সকলৰ পৰা বহুত সাৱধানে থাকক। কাৰণ কথায়ে প্ৰতি সকলোৰে আগত ৰহণ সানি কথা কোৱা ব্যক্তি সকলৰ ভিতৰত প্ৰায়বোৰ ব্যক্তিয়ে দুমুখীয়া চৰিত্ৰত থাকে।যাক আমি মুখা পিন্ধা মানুহৰ আখ্যা দিলেওঁ ভুল নহয়।আজিৰ সময়ত সচৰাচৰ বেছিভাগ মানুহে মুখা পিন্ধি ঘুৰি ফুৰা দেখিবলৈ পোৱা যায়। আৰু এনে কিছুমান দিশ থাকে যত মুখা পিন্ধি ফুৰিবলৈ সকলোৱে বাধ্য নহয়নে ? তথাপিও এনে সাধাৰণ কিছুমান দিশ থাকে যত আমি মুখা পিন্ধাৰ কোনো প্ৰয়োজনে নাথাকে তেনেবোৰ ক্ষেত্ৰতো কিছুমান মানুহে মুখা পৰিধান কৰা দেখিবলৈ পোৱা যায়। আচলতে এনেধৰণৰ দুমুখীয়া বা মুখা পৰিধান কৰা ব্যক্তিৰ পৰা সাৱধান। প্ৰকৃততে এনেধৰণৰ লোকে নিজে কেনেকৈ বিপদৰ পৰা পৰিত্ৰাণ পাব লাগে এই সকলোবোৰ জ্ঞান আয়ত্ত কৰি থোৱা থাকে। কিন্তু আপুনি যদি একেবাৰে সহজ সৰল মানুহ তেন্তে তেনেধৰণৰ লোকক সংগী কৰি ললে এদিন নহ’লেও এদিন বিপদে পৰিচালিত হোৱাৰ সম্ভাৱনা বহুত বেছি।প্ৰকৃত অৰ্থত কবলৈ গ’লে আমাৰ সমাজত বিদ্যামান থকা দুমুখীয়া বা মুখা পৰিধান কৰা প্ৰায় প্ৰতিজন মহাপুৰুষ সকলে আন্তৰিকভাবে বহুত ভয়াতুৰ থাকে। তেওঁলোকে নিজকে ভদ্ৰ,ভাল ৰূপত সিদ্ধ কৰিবলৈ প্ৰকৃত অৰ্থত এজন সত্য মানুহকো দোষাৰোপ কৰা কাৰ্যত লিপ্ত থকা দেখা যায়। কিন্তু তেওঁলোক নিজেই যে কিমান অভদ্ৰ আৰু ভদ্ৰতাৰ মুখা খোলা খোৱাৰ ক’ত আশংকাৰ মাজত জীৱন নিৰ্বাহৰ কৰিবলগীয়া হৈ আছে সেই কথাবোৰ কেৱল মুখা পৰিধান কৰা মাহপুৰুষ সকলেহে উপলব্ধি কৰিবলৈ সক্ষম। গতিকে প্ৰয়োজন সাপেক্ষে আনৰ অনিষ্ট সাধনাৰ নকৰাকৈ জগতৰ উপকাৰৰ কৰা উদ্দেশ্য আগত ৰাখি কেতিয়াবা হয়তো মুখা পৰিধান কৰিবলৈ বাধ্য হ’বলগীয়া হ’ব পাৰে। তেনে ক্ষেত্ৰত ঈশ্বৰেও হয়তো ক্ষমা প্ৰদান কৰিব। কিন্তু আনৰ অনিষ্ট সাধনাৰ নিমিত্তে,নিজা স্বাৰ্থ পূৰণ কৰাৰ অৰ্থে যদি সদায় দুমুখীয়া বা মুখা পৰিধান কৰি জীৱন অতিবাহিত কৰে তেন্তে নিশ্চয় এদিন তেওঁলোকৰ জগতৰ আগত প্ৰকৃত চৰিত্ৰ উদং হৈ পৰিব । সেই তেতিয়া তেওঁৰ বিপদৰ বিননি শুনি মানুহে বাদে দিয়ক ইশ্বৰেওঁ সহায় নকৰিব।
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি