দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Pc Facebook

 দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে হেলিকপ্টাৰযোগে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আহি উপস্থিত হয়। এই পৰিপ্ৰেক্ষিতত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাষ্ট্ৰপতি গৰাকীক বিমানবন্দৰত আদৰণি জনোৱাৰ লগকে গাৰ্ড অৱ অ”নাৰেৰে সম্ভাষণ জনোৱা হয়। ৰাষ্ট্ৰপতি গৰাকীয়ে আজি দুপৰীয়া আইআইটি গুৱাহাটীত উপস্থিত হৈ কামৰূপা ছুপাৰ কম্পিউটাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধুবুৰী মেডিকেল কলেজৰ ভাৰ্চুৱেলী উদ্ধোধন কৰিব। ইয়াৰ লগতে ভাইৰ’লজীৰ মাণ্ডলিক শাখা, উচ্চ শক্তিৰ মাইক্ৰৱেভ উৎপাদন ডিজাইনৰ আধাৰশিলা স্থাপন কৰিব।  ইপিনে, ৰাষ্ট্ৰপতি গৰাকীয়ে শুক্ৰবাৰে কলাক্ষেত্ৰত উপস্থিত হৈ চাহ বাগিচাত স্থাপন কৰা ৩০০০ বিদ্যালয়ৰ ভাৰ্চুৱেলী উদ্ধোধন কৰিব।