দুখে কোলাই পাতিয়ে নধৰা অৱস্থা ৰিক্সা, ঠেলাচালকৰ – সুনম বিশ্বাস

PC - Flickr

দুখে কোলাই পাতিয়ে নধৰা অৱস্থা ৰিক্সা, ঠেলাচালকৰ

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

অসম এখন জনবহুল ৰাজ্য। সকলো সা – সুবিধাৰ এক সুচল স্থান। বিভিন্ন ঠাইৰ পৰা লোক আহি অসমৰ সাৰুৱা মাটিত জীৱিকা নির্বাহ কৰি আছে। যাতায়াতৰ দিশৰ পৰাও অনুন্নত নহয়। বর্তমান অসমত ৫ টা পৰিবহণ ব্যৱস্থা আছে ৰেল, জল, স্থল, আৰু আকাশী পৰিবহণ সকলোবোৰ সূচাৰুৰূপে চলি আছে।কিন্তু স্থল পৰিবহণৰ ক্ষেত্রত এটা কথা কোৱা বাহুল্য যে, সাম্প্রতিক স্থল পৰিবহণ এক উন্নত মানৰ শাৰীত উপনীত হৈছে। সময়ৰ লগতে শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰাৰ অর্থে নানান বাহন উদ্ভাৱন কৰিছে। তাৰে ভিতৰত এবিধ হৈছে ই-ৰিক্সা। বর্তমান ই বহুল ব্যৱহৃত, অধিক জনপ্রিয়।অঞ্চলভেদে টমটম, পিলপিলি, বেটাৰি গাড়ী ইত্যাদি নামেৰেও জনা যায়।তেল, ডিজেলৰ পৰিৱর্তে চাৰ্জ কৰি  অনায়েসে কম সময়ৰ ভিতৰত যাত্ৰীয়ে গন্তব্য স্থান পায়গৈ। সেই কাৰণে দিনক দিনে ইয়াৰ জনপ্রিয়তা বৃদ্ধি পাইছে।যি কি নহওক, এই যে পথৰ দাঁতিত যাত্রী বা ভাৰা পোৱাৰ  আশাত অধীৰ অপেক্ষাৰে দিনটো ৰৈ থাকে ৰিক্সা, ঠেলাচালকসকল। যিসকলৰ জীৱন ধাৰণৰ একমাত্র সম্বল এই বৃত্তিটোয়েই ।  মানুহে ই- ৰিক্সাৰ প্রচলন হোৱাৰ পৰাই  ৰিক্সা আৰু ঠেলাগাড়ীক অৱহেলাৰ দৃষ্টিৰে চায়। ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে। কিছুমানৰ বয়সে ভাটি দিয়াৰ বাবে যেন আন কর্মপন্থাও বাছি ল’ব নোৱাৰে । বহু সময়ত, আমাৰ ব্যৱহাৰো তেওঁলোকৰ প্রতি উগ্ৰ হৈ যায়। ভদ্রতাৰ খাতিৰত মাত এষাৰো ভালকৈ নিদিও। ‘ অ’ বাইদেউ আহক , ক’লৈ যাব? ” যেতিয়া কয় তেতিয়া,  যেন একো দিব নোৱাৰিলেও আন্তৰিকতাৰে মাত এষাৰ দিবলৈয়ো প্রস্তুত নহও।  আধুনিকতাই মানৱতা যেন বন্ধকত ৰাখিছে। ‘ যা-যা, নাযাওঁ, দেৰি  হ’ব  বুলি কৈ, ” গুচি যাও। ভাবি চাও নে সেইসকলৰ কেনে লাগে? কিছু ক্ষেত্ৰত যেন তেওঁলোক কর্মৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছে। কঠোৰ পৰিশ্রমৰ পিছত যেতিয়া নিতান্ত দৰিদ্ৰ ঘৰৰ সন্তানে মেট্রিক বা  উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰে, তেতিয়া যেন আমি ঈৰ্ষাতে অভিনন্দন জনাও। সেই দিনৰ বাবে সেই দৰিদ্ৰ পৰিয়াল হৈ পৰে মডেল ।গতিকে, একান্তে আমি সকলোৱে এবাৰ ভাবি চাব নোৱাৰো নে এওলোকৰো জীয়াই থকাৰ অধিকাৰ আছে? কিছু ক্ষেত্রত আমি উপাৰ্জনৰ পথটো সুচল কৰি দিব নোৱাৰো নে?প্ৰশাসন আৰু চৰকাৰলৈ বিশেষ অনুৰোধ যে নিৰ্দিষ্ট এলেকাত আন বাহনৰ চলাচল নিষিদ্ধ কৰি, এই  নিতান্তই নিঠৰুৱা, সৰ্বস্বান্ত পথিকৰ পেটৰ ভাত মোকলাই দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন।