দুঃসাহস , দুঃচিন্তা আৰু কভিড পৰিস্থিতিত চিকিৎসকৰ পৰিয়াল ~ ফখৰুদ্দিন আহমেদ

দুঃসাহস , দুঃচিন্তা আৰু কভিড পৰিস্থিতিত চিকিৎসকৰ পৰিয়াল
~~~~~~

ফখৰুদ্দিন আহমেদ

দুদিন মান পুৰ্বে এদিন ৰাতি প্ৰায় চাৰে দহ বজা মানত মোৰ মামা , অসমৰ জলসিঞ্চন বিভাগৰ অবসৰী মুখ্য অভিযন্তা মকিবৰ ৰহমানে ফোন কৰিছিল। তেখেত ছাত্ৰাৱস্থাৰ পৰা মেধাবী আছিল আৰু বিগত ইং ১৯৭৩ চনত গুৱাহাটীৰ জালুকবাৰীত থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বি ই ফাইনেল পৰীক্ষাত চিভিল বিভাগত প্ৰথম শ্ৰেনীৰ প্ৰথম স্থান আৰু সোনৰ পদক সহ উত্তীৰ্ন হ’বলৈ সক্ষম হৈছিল। কিছুবছৰ পুৰ্বে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ পৰা মুখ্য অভিযন্তা হিচাপে অবসৰ লৈ সম্প্ৰতি ঘৰুৱা আৰু সামাজিক কামত নিজকে ব্যস্ত ৰাখিছে। দুই পুত্ৰ সন্তান , নাতিনী , বোৱাৰী আৰু পৰিবাৰ সহিতে সুখী সংসাৰ।ডাঙৰ লৰা আতিকুৰ ৰহমান চিকিৎসক আৰু দৰঙৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত কৰ্মৰত আৰু দ্বিতীয় লৰা আছিকুৰ ৰহমান পশ্চিমীয়া সংগীতৰ সাধনাত ব্যস্ত আৰু এখন আন্তঃৰাষ্ট্ৰীয় সংগীতৰ বাৰ্তালোচনীৰ শ্বিলঙৰ পৰা সাংবাদিকতা কৰে।
সকলোবোৰ ঠিকেই চলি আছিল আৰু সম্প্ৰতি প্ৰায় ঠিকেই চলি আছে। কেনা লাগিছে দ্বিতীয় পৰ্যায়ৰ কভিড ১৯ ক লৈ । মামাই ৰাতি ফোন কৰা কাৰনটো আছিল ডাঙৰ লৰা ডাঃ আতিকুৰ ৰহমানৰ দৰঙৰ জনাৰামচৌকাৰ উত্তৰে অবস্থিত জলজলী কভিড কেন্দ্ৰত কৰ্তব্য সম্পাদনৰ দায়িত্ব পৰিছে। মাক-দেউতাক দুয়োজন চিন্তিত । এক স্বাভাবিক কাৰন। কোন মাক দেউতাকে বাৰু চিন্তা নকৰিব? বিগত বৰ্ষটো সম্পৰ্কত মোৰ ভাইটি ডাক্তৰে কভিড ৰোগীৰ চিকিৎসাৰ দায়িত্ব পালন কৰিছিল। আৰু তাৰ দায়িত্ব সফলতাৰেই পালন কৰিছিল।
বিগত ২০২০ বৰ্ষৰ পিচৰ পৰা কভিড সৃষ্ট পৰিবেশৰ পৰা জনসাধাৰনে প্ৰায় মুক্ত জীৱন যাপন কৰিছিল। সাম্প্ৰতিক সময়ত বিশ্বৰ বহু দৰিদ্ৰ দেশ যেনে ভূটান , বাংলাদেশ আৰু পাকিস্তান আদিয়ে আমাৰ দেশ ভাৰতবৰ্ষৰ ওজৰে পাজৰে থকাৰ পিছতো কভিডৰ বিভীষিকাৰ পৰা এক প্ৰকাৰ মুক্ত। কিন্তু আমাৰ দেশ ভাৰত আৰু ৰাজ্য অসমত দ্বিতীয়বাৰৰ বাবে ভয়াবহ কভিডে অন্য এক সংহাৰকাৰী ৰূপ আৰু সংক্ৰমন ঘটাই আছে। ইফালে কভিডৰ ওপযুক্ত ঔষধ পাতিৰ বাৰুকৈয়ে অভাব আৰু কভিড ভেকচিন লোৱাৰ পিছতো বহুতো ব্যক্তি পুনৰ কভিডত আক্ৰান্ত হোৱাই নহয় মৃত্যু মুখতো পৰিছে।
চিকিৎসক সকলক কভিড ৰোগী চিকিৎসা কেন্দ্ৰ বিলাকত দায়িত্ব পালন কৰিবলৈ দিয়া হৈছে যদিও অসম চৰকাৰৰ তৰফৰ পৰা উপযুক্ত চিকিৎসাৰ অভাব গুৱাহাটী মেডিকেল কলেজ হস্পিতালকে আদি কৰি আন আন চৰকাৰী কভিড চিকিৎসা কেন্দ্ৰ সমূহত হৈ থকা বুলি নিউজ চেনেল সমূহ বা বাতৰিকাকত সমূহত অভিযোগ উত্থাপিত হৈ আহিছে।অৱশ্যে এটা কথা ঠিক যে বিশ্বৰ কোনো দেশতে কভিডৰ উপযুক্ত চিকিৎসাৰ দৰৱ বা এশ শতাংশ কাৰ্যকৰী ভেকচিন আদি উপলব্ধ হোৱা নাই। এনে ক্ষেত্ৰত চিকিৎসক সকলে দুৰ্বাৰ দঃসাহসেৰে নিজাববীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই কভিড ৰোগীক পৰিচৰ্যা কৰাটো এক দুঃসাহসিক অভিযান ৰূপে পৰিগনিত হৈছে। সেয়েই হয়তু কোৱা হয় “চিকিৎসক সকল পৃথিবীৰ দ্বিতীয় ভগৱান ।”
দ্বিতীয় ঢৌৰ কভিড সৃষ্ট পৰিবেশ সুস্থ অবস্থালৈ আনিবৰ বাবে কেৱল প্ৰশাসন বা চিকিৎসক সকলৰেই একমাত্ৰ কৰ্তব্য নহয় , এই ক্ষেত্ৰত কভিড ৰোগী , ৰোগীৰ অভিভাৱক আৰু সাধাৰন ৰাইজৰো অসীম দায়িত্ব আছে। ওপৰোল্লেখিত সকলো ব্যক্তিৰ দায়বদ্ধতা পৰিপূৰকতাৰ অন্য নামহে। সেই কাৰনেই হয়তু ডাঃ আতিকুৰ ৰহমানৰ দৰে শ শ , হাজাৰ হাজাৰ চিকিৎসকে দায়বদ্ধতা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে কিজানি কভিড ৰোগী সকলক সুস্থ কৰি ঘৰলৈ , পৰিয়ালৰ মাজলৈ সুস্থতাৰ সৈতে ওভতাই পঠিয়াবই পৰা যায়। কিন্তু এই কাৰ্যত বহু ক্ষেত্ৰত চিকিৎসক সকল নিজেই কৰ্তব্য পালনৰ সময়তেই কভিডত আক্ৰান্ত হৈছে আৰু তাৰে কিছুমানে মৃত্যু মুখতো পৰিছে। সাম্প্ৰতিক সময়লৈ ভাৰতবৰ্ষত কভিড ৰোগীৰ চিকিৎসাত নিয়োজিত প্ৰায় দুই শতাধিক চিকিৎসক মৃত্যু মুখত পৰিছে।
ৰোগী , ৰোগীৰ অভিভাৱক আৰু সাধাৰন ৰাইজে চিকিৎসক সকলক যিমান পাৰি সিমান মানসিক ভাবে উৎসাহিত কৰিব লাগে।যাতে চিকিৎসক সকলৰ পৰিয়াল মানসিক ভাবে চিন্তামুক্ত হয় । তেতিয়াহে নতুন উদ্যমেৰে , সাবধানতা সহকাৰে মহামান্য চিকিৎসক সকল কভিড ৰোগীৰ সেৱাত আন্তৰিকতাৰে ব্যস্ত হ’ব আৰু অনাগত দিনত এখন কভিড মুক্ত সমাজৰ জন্ম হ’ব।