দীপিশিখা হাজৰিকাৰ সোঁৱৰণীত – ডাঃ যুতিকা ওজা

দীপিশিখা হাজৰিকাৰ সোঁৱৰণীত

দেউপাৰি জপিয়াই ফুৰা
কণমানি ছোৱালীজনীৰ
আছিল দুৰ্বাৰ হেপাহ
চুবলৈ আকাশখন
ভাল পাইছিল
বতাহৰ লগতে কথা পাতিবলৈ
দেউকা মেলি দিছিল
সেউজীয়া সপোনৰ
অৱধাৰিত নদীৰ লগতে
খেলা খেলিছিল
শব্দৰ গতিৰে উৰিছিল
পৰ্বতৰ শিখৰত
সাহসৰ বন্তি জ্বলালে
কিন্তু কিয় বাৰু অভিমান কৰিলে
কাৰ ওপৰত অভিমান কৰিলে
লুকাই গল
শুকুলা মেঘৰ আৰত
আকাশৰ সিপাৰৰ সপোন বিচাৰি
থৈ গল এক শূন্যতা
উৰি গল শুকুলা ঘোৰা
আকাশ চুবলৈ

ডাঃ যুতিকা ওজা