দীপাৱলী  হৈ পৰক  পোহৰৰ দীপাৱলী – মিতালি বৰঠাকুৰ 

দীপাৱলী  হৈ পৰক  পোহৰৰ দীপাৱলী

মিতালি বৰঠাকুৰ  (আচাৰ্য )
মালিগাওঁ,গুৱাহাটী

আন্ধাৰেই  শিকায় পোহৰৰ মুখামুখি হ’বলৈ।
দীপাৱলীৰ পোহৰেৰে দিগ্বিজয়ৰ মন্ত্ৰ উচ্চাৰিত হয়  পোহৰ অভিমুখী অম্লান যাত্ৰাত ।

দেৱালী , দীপান্বিতা , দীপাৱলী  যি নামেৰেই নামা কৰণ কৰা হওঁক তাৰ প্ৰকৃত অৰ্থ মাত্ৰ এটাই তমশা আঁতৰাই পোহৰৰ  শিখা জ্বলোৱা।  আলোকৰ উৎসৱ এই দীপাৱলীত থাকে হৰ্ষ- উল্লাসেৰে ভৰা মাটিৰ চাকিৰে   উদ্ভাসিত কৰা মিঠা মিঠা  পোহৰৰ  সুকোমল জেউতি।  আধ্যাত্মিকতাৰ সাজেৰে সজ্জিত দীপাৱলীৰ পৰম্পৰা আজিও অক্ষত অৱস্থাত জিলিকি আছে। কিম্বদন্তি মতে শ্ৰী ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাস খাটি ৰাৱণ বধ  কৰি  যেতিয়া নিজ ৰাজ্য অযোধ্যালৈ প্ৰত্যাবৰ্তন কৰিছিল , তেতিয়া প্ৰজাগণে আনন্দত আত্মহাৰা হৈ পোহৰেৰে আলোকিত কৰি তেওঁলোকক উষ্ম আদৰণি জনাইছিল। আৰু তেতিয়াৰ পৰাই বৰ্তমানলৈকে এই পৰম্পৰা আজিও সজীৱ হৈ আছে আৰু ভবিৎষতেও বৰ্তি থাকিব।

গতিশীল সময়ৰ লগে লগে আজিৰ জনমানসৰ সমাজত দীপাৱলীৰ যথেষ্ট পৰিবৰ্তন আহিছে।পৰিবৰ্তিত সময়ৰ লগত নিজকে খাপখুৱাই আজি মানুহে আঁকোৱালি লৈছে বিদেশৰ পৰা অহা ৰং বিৰঙী আলোক সজ্জাৰ বাচক বণিয়া  ৰঙীল লাইট। যাৰ বাবে অবনমিত হৈছে মাটিৰ চাকিৰ সেই মিঠা পোহৰ।  যাৰ পোহৰত আমাৰ পূৰ্ব জনমৰ ব্যক্তি সকলে পোহৰাই তুলিছিল  জাতীয় জীৱন তথা নিজৰ সত্ত্বাক।আজি দীপাৱলী হৈ পৰিছে উচ্চ শব্দৰ উৎসৱ।  য’ত হেৰাই গৈছে আমাৰ নিজস্ব সত্তা।  মৃৎ শিল্পৰ  সৃষ্টিৰাজিৰ ভিতৰত মাটিৰ চাকি অন্যতম।  আজি এই চাকিৰ স্থান লাভ কৰিছে অত্যাধুনিক বিদেশী বজাৰে। দোকান -পোহাৰ সকলোতে আজি উচ্চ শব্দৰ আতচ বাজীয়ে উভৈনদী হৈ পৰিছে।  নৱ প্ৰজন্মই আজি আদৰি লৈছে বিদেশৰ বজাৰৰ পৰা অহা অত্যাধুনিক নয়নাভিৰাম আতচ বাজী যাৰ  শব্দৰ পোহৰত ক্ষন্তেকৰ বাবে নিজকে বিলীন কৰিছে।  কিন্তু এই আতচবাজীৰ ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত এক ভয়ানক অবক্ষয় ঘটিছে আমাৰ জীৱন তথা প্ৰকৃতিৰ।  প্রতিপলে প্ৰদূষিত হৈছে প্ৰকৃতি।যিয়ে ভয়ানক বিপদ মাতি আনিছে পক্ষী কুলৰ বাবে। উচ্চ শব্দৰ এই বোমা বাৰুদৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ প্ৰদুষণে পৃথিৱীলৈ নমাই আনিছে এক বিপদ সংকুল পৰিবেশ।  মানৱ জীৱনলৈ কঢ়িয়াই আনিছে প্ৰদূষণৰ অতি মাত্ৰা ভয়ংকৰ ৰূপ।  যাৰ ফলত জীৱ কুলৰ জীৱনলৈ মানুহেই মাটি আনিছে অমানিশা।  দীপাৱলী পোহৰৰ উৎসৱ,  আলোকৰ উৎসৱ , আনন্দৰ উৎসৱ। গতিকে সকলোৱে বন্তি প্ৰজ্বলন কৰি আমাৰ  চৌপাশ আলোকিত কৰিবলৈ প্ৰয়াস কৰিব লাগে।  উচ্চ মাত্ৰাৰ শব্দৰ  কোলাহলতকৈ  পোহৰৰ  বৰ্ণালীৰে পোহৰাই আনন্দক আঁকোৱালি লব লাগে।  ক্ষণভংগুৰ মানৱ জীৱন ,  গতিকে জীয়াই থকা দিন বোৰক মানুহে আনন্দ ফুৰ্তিৰে আঁকোৱালি লৈ এক সুস্থ  মানসিকতাৰে সমাজ  খনক গঢ় দিবলৈ প্ৰয়াস কৰিব লাগে।  যাতে আমাৰ অলপ ভুলৰ বাবে সুন্দৰ পৃথিৱী খনৰ ধ্বংশ নহয়।  তাৰ বাবে আমি সদায় সচেতন হোৱা উচিত।

দীপাৱলীৰ  প্ৰাকক্ষণত আহক  , আমি সকলোৱে মাটিৰ  চাকিৰে  শাৰী – শাৰী বন্তি জ্বলাই   মৃৎ শিল্পক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰো।  ঘৰে ঘৰে মাটিৰ চাকি জ্বলাই  মনৰ অন্ধকাৰ  নাশ কৰি অবিনাশী পোহৰেৰে  আলোকিত কৰি ভাতৃত্বৰ বান্ধোনেৰে শান্তি সম্প্ৰীতিৰ ঐক্য স্থাপন কৰি সকলোৰে মঙ্গলৰ বাবে প্ৰদূষণ মুক্ত আৰু সুৰক্ষিত দীপাৱলী পালন কৰো।  আলোকিত হৈ উঠক আমাৰ পৃথিৱী সকলোৰে বাবে হৈ পৰক শুভ দীপাৱলী।