দিশপুৰ প্ৰেছ ক্লাবত “অসমীয়া গীতা শাস্ত্ৰ সাৰ” গ্ৰন্থখনি উন্মোচন 

দিশপুৰ প্ৰেছ ক্লাবত “অসমীয়া গীতা শাস্ত্ৰ সাৰ” গ্ৰন্থখনি উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা- ‘পৰাগজ্যোতি প্ৰকাশন’ৰ উদ্যোগত দিশপুৰ প্ৰেছ ক্লাবত ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মননশীল লেখক, কবি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ৰচিত “অসমীয়া গীতা শাস্ত্ৰ সাৰ” গ্ৰন্থখনি উন্মোচন কৰা হয়। মমা গুপ্তাই গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰে কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড০ জগদীশ পাটগিৰিয়ে। গ্ৰন্থখনি উন্মোচন কৰে উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞাই। সভাত অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল কুমাৰ গোস্বামী, বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্র পাটৰ আমচি, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই বিশিষ্ট অতিথি, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অনন্ত ভূঞা, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ডা: কমল কুমাৰ বৰা, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক কল্পৰঞ্জন গগৈ, লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভানেত্রী মঞ্জুলা শৰ্মা ভট্টাচার্য, বৰাকৰ মণিপুৰী লেখক পুন্সি সিং, অনাতাঁৰ গীতিকাৰ অনিল কলিতাই সন্মানিত অতিথি হিচাপে অংশ লয়। চাংসাৰীৰ ডোৰা-কঁহৰা হাইস্কুলৰ শিক্ষয়িত্ৰী দুৰ্গামণি বৰগোঁহাই কামৰূপী লোকগীত পৰিৱেশন কৰে। প্ৰকাশনৰ দীপক শৰ্মাই আঁত ধৰা সভাত ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশ লয়।