দিল্লী আৰক্ষীৰ তৎপৰতাত ব্যর্থ হয় পাকিস্তানী সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা

pc Zee News

দিল্লী আৰক্ষীৰ তৎপৰতাত ব্যর্থ হয় পাকিস্তানী সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা

ৰঙিলী বাৰ্ত্তাসেৱা – পূব দিল্লীৰ লক্ষ্মীনগৰৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ গোটে এটা পাকিস্তানী সন্ত্রাসবাদী মহম্মদ আশ্রফ ওৰফে আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু এ কে-৪৭, পিষ্টল, হেণ্ডগ্রেনেড আৰু গুলী-বাৰুদ উদ্ধাৰ কৰে। আৰক্ষী এই তৎপৰতাৰ পিছতেই পাকিস্তানী সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ হয়। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ-আয়ুক্ত প্ৰমোদ কুশৱাহাই প্ৰকাশ কৰা মতে, পাকিস্তানৰ নাগৰিক মহম্মদ আশ্রফে বাংলাদেশ সীমান্ত শিলিগুৰিৰে ভাৰতত প্ৰৱেশ কৰি নতুন দিল্লীত বাহৰ পাতিছিল। বিহাৰৰ ভুৱা পৰিচয়-পত্ৰৰে দিল্লীৰ লক্ষ্মীনগৰত পীৰ বাবা হিচাপে থকা মহম্মহ আশ্রফে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বৈশালীৰ মহিলা এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিগত ১০ বছৰ ধৰি পাকিস্তানী সন্ত্রাসবাদী আশ্রফে ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে আজমেৰ, গাজিয়াবাদ, জম্মু আৰু উধামপুৰত বসবাস কৰি থকাৰো তথ্য আছে। উপ-আয়ুক্ত কুশৱাহাই প্ৰকাশ কৰা মতে, ৰাজধানী চহৰখনৰ পুৰণি দিল্লী আৰু লক্ষ্মীনগৰত আশ্ৰফে সলাই সলাই বসবাস কৰে। জালিয়াতিৰে ভাৰতীয় পৰিচয়-পত্ৰ উলিয়াই লোৱা আশ্রফ পাকিস্তানৰ পঞ্জাব প্রদেশৰ বাসিন্দা। ভাৰতত ১০ বছৰ ধৰি বসবাস কৰি থকা আশ্রফক অস্ত্রসহ গ্ৰেপ্তাৰ কৰাৰ পিছতেই পাকিস্তানী সন্ত্রাসবাদী সংগঠনে ভাৰতত কিদৰে আক্ৰমণৰ পৰিকল্পনা চলাই আহিছে তাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে।