দিল্লী আৰক্ষীৰ কিডনী ৰেকেট আটক

দিল্লী আৰক্ষীৰ কিডনী ৰেকেট আটক

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ দিল্লীত দিল্লী আৰক্ষীয়ে কিডনী ৰেকেট দল আটক কৰাৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানীৰ কিছু অংশৰ পৰা ১০ জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, ধৃত লোকসকলৰ ভিতৰত এজন চিকিৎসক আৰু বাকীসকল টেকনিচিয়ান আৰু হেল্পাৰ। আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত আটক কৰা চিকিৎসকজনে এটা অপাৰেচনৰ বাবে এজন ৰোগীৰ পৰা লাখ লাখ টকা লোৱাৰ কথা প্ৰকাশ কৰে।