দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে আতিশী সিঙে

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে আতিশী সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিলে আপৰ জ্যেষ্ঠ নেত্রী আতিশী সিঙে। সুৰা নীতি কেলেংকাৰিত জামিনত মুক্তি লাভ কৰি অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ  ত্যাগ কৰাৰ পাছতে দিল্লীত আপৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে আতিশী সিঙে।  ৰাজনিৱাসত অনুষ্টুপীয়া কাৰ্যসূচীত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই আতিশী সিঙক শপতবাক্য পাঠ কৰোৱাৰ পাছত পাঁচজন কেবিনেট মন্ত্রীয়ে শপতগ্ৰহণ কৰে। আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল উপস্থিত থকা কাৰ্যসূচীত প্রথমে আতিশী সিঙে মুখ্যমন্ত্ৰীৰ শপত লয়। পিছত কেবিনেট মন্ত্রী হিচাপে গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট, ইমৰান হুছেইন আৰু মুকেশ আহলাৱাটে শপতগ্ৰহণ কৰে। উল্লেখ্য যে মুকেশ আহলাৱাটক আতিশী মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে। গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট আৰু ইমৰান হুছেইন অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰো মন্ত্ৰী আছিল। উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে শপত লোৱা আতিশী সিঙে কেজৰিৱালৰ চৰকাৰত ১৩টা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল। বিত্ত, ৰাজহ, গড়কাপ্টানী, শক্তি, শিক্ষাকে ধৰি ১৩টা গুৰুত্বপূৰ্ণ বিভাগ চলোৱা আতিশী সিঙে মুখ্যমন্ত্রী হিচাপে পূৰ্বৰ দৰেই গুৰুত্বপূৰ্ণ বিভাগকেইটা নিজৰ হাতত ৰাখিব।  মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পূৰ্বে আতিশী সিঙে পুৱা আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনলৈ গৈ বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে আশীর্বাদ লয়।অহা ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ নিৰ্বাচনলৈকে মুখ্যমন্ত্ৰী হিচাপে আতিশী সিঙে কার্যনির্বাহ কৰিব।