দিব্যাংগ নাট্য বিদ্যালয়ৰ কৰ্মশালাৰ সামৰণি

দিব্যাংগ নাট্য বিদ্যালয়ৰ কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত ২৬ ডিচেম্বৰৰ পৰা দিব্যাংগ সকলৰ বাবে আয়োজিত নৃত্য, নাটক, সংগীত আৰু আবৃত্তিৰ কৰ্মশালা ১২ জানুৱাৰীত কলাক্ষেত্ৰত শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সামৰণি পৰে। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষী দাস নাথে লগতে উপস্থিত থাকে সহকাৰী গৱেষণা বিষয়া অমৰ জ্যোতি কলিতা, আশাদ্বীপৰ সঞ্চালিকা ডঃ অঞ্জনা গোস্বামী, দিব্যাংগ নাট্য বিদ্যালয়ৰ উপদেষ্টা অতুল দত্ত, বিশিষ্ট অভিনেত্ৰী, পৰিচালক ভাগীৰথী বাই কাডম আৰু বিশিষ্ট অভিনেত্ৰী, পৰিচালক পাকিজা বেগম। সামৰণিত কৰ্মশালাত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ভূপেন্দ্ৰ সংগীত, ৰাভা নৃত্য, আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা আৰু শেষত ডঃ কাৰবী ডেকা হাজৰিকাৰ ৰচনা আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰে নাটক ’ৰাক্ষস হোৱাই ভাল’। সহকাৰী পৰিচালনা কুলদীপ তালুকদাৰ আৰু প্ৰণৱ ৰাজখোৱা। সংগীত মনদ্বীপ মহন্ত, পোহৰ ডিম্পল দাস, মঞ্চসজ্জা মিলন দাস, সাজসজ্জা গীতিকা শৰ্মা, ৰূপসজ্জা কুমাৰ কিশোৰ দাস। ব্যৱস্থাপনা ৰঞ্জন শইকীয়া, কুঞ্জলতা দাস, ধীৰাজ কুমাৰ, কণিকা বুঢ়াগোহাঁই, ৰুমী বৈশ্য। ভূপেন্দ্ৰ সংগীতৰ পৰিচালনা প্ৰতিমা দেবী, নৃত্যৰ সংৰচনা আল্পনা তালুকদাৰ, জোনমনি ৰয়, অনামিকা টেৰণ আবৃত্তিৰ পৰিচালনা উপম শইকীয়াৰ অনুষ্ঠানৰ আঁত ধৰে প্ৰজন্মা চহৰীয়াই। সমগ্ৰ অনুষ্ঠানৰ পৰিকল্পনা আৰু পৰিচালনা দিব্যাংগ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ।